• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোক্ষম আঘাত! খামেনেইৰ মৃত্যু নিশ্চিত কৰিলে তেহৰানে; ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 8:35 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হৈছে। তেহৰানেও নিশ্চিত কৰিছে যে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত তেওঁ নিহত হৈছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশতে ৪০ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে।

ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে খামেনেইৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। তাৰপিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ছ’চিয়েল মিডিয়াত একেই ঘোষণা কৰে। কিন্তু ইৰাণে এই খবৰ বাৰে বাৰে অস্বীকাৰ কৰি আহিছিল। তেওঁলোকৰ নেতা অক্ষত আৰু নিৰাপদ বুলি দাবী কৰিছিল।

Apply Now

দেওবাৰে পুৱা ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমেও খামেনেইৰ মৃত্যুৰ কথা নিশ্চিত কৰে। যৌথ বাহিনীৰ আক্ৰমণক তেহৰানে ‘কাপুৰুষোচিত’ বুলি অভিহিত কৰে।

ইৰাণৰ সশস্ত্ৰ বাহিনী ৰিভল্যুচনেৰী গাৰ্ডেও খামেনেইৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁলোকে লিখিছে, “আমি এজন মহান নেতাক হেৰুৱাইছো। তেওঁ আছিল অনন্য।”

শনিবাৰে পুৱা ইৰাণৰ বিৰুদ্ধে ইজৰাইলে আক্ৰমণ আৰম্ভ কৰে। নেতানিয়াহুৱে দাবী কৰে যে এই আক্ৰমণত খামেনেই আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেছমেৰ্গাক লক্ষ্য কৰি লোৱা হৈছিল।

 সেই আক্ৰমণত আমেৰিকাইও ইজৰাইলক সমৰ্থন কৰিছিল। ইজৰাইল আৰু আমেৰিকা বাহিনীৰ যৌথ আক্ৰমণত ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই তেহৰাণকে ধৰি ইৰাণৰ ডাঙৰ ডাঙৰ চহৰত আঘাত হানে।

ইয়াৰ পিছত শনিবাৰে নিশা নেতানিয়াহুৱে খামেনেইৰ মৃত্যু হোৱা বুলি দাবী কৰে। তেওঁৰ বাহিনীয়ে তাৰ প্ৰমাণ পাইছে। কেৱল সেয়াই নহয়, খামেনেইৰ সমগ্ৰ অঞ্চলটো উৰুৱাই দিয়া বুলিও দাবী কৰে।

কেইঘণ্টামানৰ আগতে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছিল, “খামেনেই ইতিহাসৰ অন্যতম কুখ্যাত ব্যক্তি। তেওঁৰ বাহিনীয়ে অক্ষম বা হত্যা কৰাসকলৰ ন্যায় প্ৰদান কৰা হৈছে।” ইৰাণৰ বাসিন্দাসকলক এখন নতুন দেশ গঢ়াৰ বাৰ্তা দিলে ট্ৰাম্পে। তেওঁ বাহিৰত থকাসকলক সুৰক্ষিতভাৱে ঘৰলৈ উভতি যাবলৈ কয়।

একে সময়তে খামেনেই ইৰাণী সেনাক বিৰোধী প্ৰতিবাদকাৰীৰ সৈতে একেলগে কাম কৰিবলৈ আহ্বান জনায়। অৱশ্যে বৰ্তমান ইৰাণত শান্তি ঘূৰি অহা নাই। ট্ৰাম্পে কয় যে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত ইৰাণৰ ওপৰত অন্ততঃ আৰু এসপ্তাহ ধৰি বোমা আক্ৰমণ চলি থাকিব!

আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই শনিবাৰে ইৰানে প্ৰত্যাক্ৰমণ আৰম্ভ কৰে। কেৱল ইজৰাইলেই নহয়, পশ্চিম এছিয়াৰ আমেৰিকাৰ সামৰিক ঘাটি থকা দেশবোৰকো আক্ৰমণ কৰা হয়। তেহৰানে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাই আৰু আবুধাবিত বোমাবৰ্ষণ কৰে। বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফা খালী কৰিব লগা হৈছিল।

খবৰ অনুসৰি কাটাৰৰ ডোহা আৰু চৌদি আৰৱৰ ৰিয়াদতো ইৰাণে আক্ৰমণ কৰিছে। সমগ্ৰ পশ্চিম এছিয়াত এতিয়াও যুদ্ধৰ পৰিৱেশ বিৰাজ কৰিছে। ইতিমধ্যে ইৰানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। পশ্চিম এছিয়াৰ এক বৃহৎ অঞ্চলত বিমান পৰিবহণ স্থগিত ৰখা হৈছে। ছাইৰেন বাজি আছে।

ট্ৰাম্পে অৱশ্যে দাবী কৰে যে ইৰাণে বুজাবুজি আৰু যুদ্ধবিৰতি বিচাৰিছে। খামেনেইৰ মৃত্যুৰ পিছত তেওঁলোকৰ আক্ৰমণ আৰু বৃদ্ধি পায় নেকি সেয়া নিৰীক্ষণ কৰি থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am
শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

July 20, 2026 11:14 pm
গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

গুৰু-শিষ্যৰ যুঁজত গুৰুৰ বিজয়: নিজৰ গুৰুৰ হাততেই পৰাস্ত হ’ল আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কালোনী

July 20, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd