এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ আদালতত চন্দ্ৰলেখা সিং নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা গোচৰৰ শুনানিৰ অন্ত পৰিল । বাদী-বিবাদী দুয়োপক্ষই, গোচৰৰ ৰায় জানিবলৈ আগ্ৰহী। এনে সময়তে ন্যায়াধীশ বিদ্যাৰ্থীয়ে ক’লে- ‘মোৰ ভোক লাগিছে, ক্লান্ত হৈছো। ৰায় দিয়াৰ শাৰীৰিক আৰু মানসিক ক্ষমতা হেৰুৱাই পেলাইছো। গতিকে এই গোচৰৰ ৰায় সংৰক্ষিত কৰি ৰাখিছো।’
ন্যায়াধীশে এই কথা কওঁতে সন্ধিয়া ৭.১০ বাজিছিল। চৌপাশৰ সকলো আদালত খালী হ’লেও ন্যায়াধীশ বিদ্যাৰ্থীৰ আদালতত তেতিয়াও ভিৰ আছিল। ন্যায়াধীশৰ মুখৰ পৰা এই কথা শুনি কোনেও একো কব নোৱাৰিলে। ৰায় স্থগিতৰ কথা ঘোষণা কৰি ন্যায়াধীশগৰাকীয়ে আদালতৰ পৰা ওলাই যায়।
চলিত সপ্তাহত এলাহাবাদ উচ্চ ন্যায়ালয়ত সংঘটিত হোৱা এই ঘটনাই দিল্লীৰ দেশৰ শীর্ষ আদালতৰো নজৰ কাঢ়িছে৷ উচ্চতম ন্যায়ালয়ৰ সূত্ৰ অনুসৰি এই ঘটনাৰ পিছত দেশৰ সকলো আদালততে পাহাৰসম গোচৰৰ আলোচনা আৰম্ভ হৈছে।
ন্যায়াধীশ বিদ্যাৰ্থীয়ে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত এটা গোচৰ নিষ্পত্তি কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু দীৰ্ঘদিন ধৰি এটাৰ পিছত আনটো গোচৰ শুনানিৰ ক্লান্তিয়ে তেওঁক হেঁচা মাৰি ধৰিছিল। দিনটো চলি থকা গোচৰৰ শুনানিৰ চাপত তেওঁ নিজৰ আদালতত বহি খাবলৈও সুযোগ নাপালে।
গোচৰৰ সম্পূৰ্ণ ৰায় সংৰক্ষণ কৰাৰ পূৰ্বে ন্যায়াধীশ বিদ্যাৰ্থীয়ে কৈছিল, ‘আজি মোৰ আদালতত ৯২টা নতুন গোচৰ, ১০১টা পুৰণি গোচৰ, ৩৯টা নতুন বিবিধ আবেদন আৰু ৩টা তালিকাভুক্ত নোহোৱা গোচৰ আছিল। গোটেই দিনটো চেষ্টা কৰিও তালিকাত থকা মাত্ৰ ২৯টা গোচৰৰ শুনানি সম্পূৰ্ণ কৰা সম্ভৱ হৈছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সন্ধিয়া ৪.১৫ বজাত এই গোচৰৰ শুনানি আৰম্ভ কৰিলোঁ। সন্ধিয়া ৭.১০ বজাত শুনানি সমাপ্ত হয়। ইয়াৰ পিছত মই আৰু শাৰীৰিকভাৱে ৰায়দান দিবলৈ উপযুক্ত নহয়।’
চৰকাৰী পৰিসংখ্যা অনুসৰি এই মুহূৰ্তত সমগ্ৰ দেশতে বিচাৰাধীন গোচৰৰ সংখ্যা প্ৰায় ৫.৫ কোটি। ইয়াৰে দেশৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা প্ৰায় ৬.৩ লাখ। উচ্চতম ন্যায়ালয়ত প্ৰায় ৮৮ হাজাৰ গোচৰ চলি আছে। নিম্ন আদালতত বিচাৰাধীন গোচৰৰ সংখ্যা প্ৰায় ৪.৭ কোটি। ৩০ বছৰতকৈ অধিক গোচৰৰ সংখ্যা ১ লাখ ৮০ হাজাৰৰো অধিক। ৫০ বছৰ ধৰি চলি থকা গোচৰৰ সংখ্যা ৩৪০০ৰো অধিক!
এই বিশাল গোচৰৰ পাহাৰ চম্ভালিবলৈ দেশত পৰ্যাপ্ত ন্যায়াধীশ আৰু দণ্ডাধীশ নাই। যিসকল আছে তেওঁলোকৰ ওপৰত আহি পৰিছে অবৰ্ণনীয় চাপ। আইনী সমাজৰ সদস্যসকলে ধাৰনা কৰে যে সেইদিনা ন্যায়াধীশ বিদ্যাৰ্থীৰ মন্তব্যত এই চাপৰ প্ৰতিফলন ঘটিছে।





