বিগত কেইদিনমান ধৰি চলি থকা ৰাজনৈতিক জল্পনা- কল্পনাৰ অৱসান ঘটাই অৱশেষত আজি আনুষ্ঠানিভাৱে কংগ্ৰেছত যোগদান কৰিলে এসময়ৰ কৃষক নেতা কমল কুমাৰ মেধিয়ে।
কংগ্ৰছৰ সভাপতি ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আয়োজন কৰা বিশাল যোগদান কাৰ্য্যসূচীত আজি কমল মেধিয়ে দলটোত যোগদান কৰি নিজৰ ভাষণ প্ৰসংগত কয়— ‘আৰএছএছ, বিজেপিক ভাৰতৰ পৰা উৎখাত কৰিবৰ বাবে মই কংগ্ৰেছত যোগদান কৰিছো।বিগত প্ৰায় ৪-৫ বছৰ ধৰি ভাবি আছিলো কংগ্ৰেছত যোগদান কৰাৰ বাবে। আজি ইয়ে আনুষ্ঠানিক ৰূপ পালে’।
ৰাজনৈতিক মঞ্চত প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰা বুলি মন্তব্য কৰি কমল কুমাৰ মেধিয়ে লগতে লগতে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দি যাব বুলি প্ৰকাশ কৰে। আনহাতে মন্ত্ৰী- বিধায়ক হোৱাৰ ইচ্ছা নথকা নহয়, দলে বিচাৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও তেওঁ দোহাৰে।
উল্লেখযোগ্য যে আজি কংগ্ৰছৰ এই যোগদান অনুষ্ঠানত গুৱাহাটীৰ কিছুসংখ্যক যুৱকৰ লগতে প্ৰাক্তন কলেজ শিক্ষক সন্থাৰ সভাপতি নৰেন চাংমাই, দুজন এম চি এল সদস্য, বি পি এফৰ এজন নেতাৰ লগতে এটা এন জি অ’ৰ নেতৃত্বত বহুসংখ্যক হিন্দু বঙালী লোকে কংগ্ৰেছত যোগদান কৰিব।
প্ৰায় ৫০০ লোকৰ যোগদানে দলটোক শক্তিশালী কৰাৰ আশা প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে। তেওঁ এই সন্দৰ্ভত কয়— কমল মেধি যদিও কৃষক মুক্তিত আছিল তেওঁ কোনো ৰাজনৈতিক দলত নাছিল। ৰাজনীতিত এইটো নতুন কথা নহয়। বিজেপি দলৰ মুধাফুটা ব্যক্তি দুজন পূৰ্বৰ অগপ আৰু কংগ্ৰেছ দলৰ পৰাই যোৱা।
উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে জিলা কংগ্ৰেছ, ব্লক, পঞ্চায়ত পৰ্য্যায়ত থকা বৃদ্ধাশ্ৰম, ৰোগীসকলক সাক্ষাৎ কৰা, ফলমূল বিতৰণ কৰা ইত্যাদি কাৰ্য্যসূচী ৰূপায়ণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
আনহাতে এই যোগদান অনুষ্ঠানটোত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ধৰ্ম নিৰপেক্ষতা আৰু সমতা থকাৰ বাবে তথা ৰাহুল গান্ধীৰ সফল নেতৃত্বৰ বাবে ৰাইজ কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আজি এই যোগদান অনুষ্ঠানত প্ৰাক্তন কৃষক নেতা গাজিউৰ ৰহমান, ৰাকেশ চক্ৰৱৰ্তী, আটছাৰ ওদালগুৰিৰ সভাপতি প্ৰভাত দাস পানিকাৰ, কামাল আজাদ, হোমিঅ’ চিকিৎসক ডাঃ হাচনুৰ আলি, বিশিষ্ট ব্যৱসায়ী পাৰ্থ শইকীয়া, মতিউৰ ৰহমান (জনগোষ্ঠীয় ঐক্য মঞ্চৰ কোকোৰাঝাৰৰ সভাপতি)ও কংগ্ৰেছত যোগদান কৰে।