আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰানৰ বিৰুদ্ধে চলোৱা যুটীয়া সামৰিক অভিযান—যাক ক্ৰমে ‘অপাৰেচন এপিক ফিউৰী’ আৰু ‘অপাৰেচন ৰোৰিং লায়ন’ বুলি নামকৰণ কৰা হৈছে—সেয়া ২ মাৰ্চত তৃতীয় দিনত ভৰি দিছে। এই আক্ৰমণত ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি বহুকেইজন শীৰ্ষ নেতা আৰু সামৰিক কমাণ্ডাৰ নিহত হৈছে। ইৰানৰ ক্ষেপণাস্ত্ৰ ঘাটি, নৌ-শক্তি, সামৰিক আন্তঃগাঁথনি আৰু ভালেসংখ্যক ইৰানী নেতৃত্বৰ আৱাসক লক্ষ্য কৰি চলোৱা ১,০০০ ৰ পৰা ২,০০০ মিছাইল আক্ৰমণে ইতিমধ্যে তেহৰানৰ আকাশমাৰ্গ যেন দখল কৰি ইৰাণৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে।
প্ৰত্যুত্তৰত ইৰানেও ইজৰাইল, আমেৰিকাৰ সামৰিক ঘাটি আৰু চৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰাত, কাটাৰ, বাহৰেইন, কুৱেইট, জৰ্ডান আৰু ওমানৰ দৰে উপসাগৰীয় দেশসমূহলৈ লক্ষ্য কৰি উপৰ্যুপৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। এই সংঘাতত ইৰানৰ ৰেড ক্ৰেচেণ্টৰ তথ্য অনুসৰি দেশখনত ৫৫৫ জন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত বহু অসামৰিক লোকেও প্ৰাণ হেৰুৱাইছে। ইজৰাইলত ১০-১১ জন আৰু আমেৰিকাৰ ৪ জন সৈন্য নিহত হোৱাৰ খবৰ পোৱা গৈছে৷ এই সংখ্যা হয়টো বাঢ়িবও পাৰে। হিজবুল্লাহৰ ৰকেট আক্ৰমণৰ পিছত লেবাননত ইজৰাইলৰ প্ৰত্যাক্ৰমণত কমেও ৩১ জন লোক নিহত হৈছে। কুৱেইটে আমেৰিকাৰ যুদ্ধবিমান ভূপাতিত কৰা, বিদ্যালয়ৰ নিৰপৰাধী শিক্ষাৰ্থীৰ মৃত্যু আৰু ইৰানৰ চিকিৎসালয়ত বোমা বৰ্ষণৰ দৰে ঘটনাই সমগ্ৰ পৰিস্থিতি শোচনীয় কৰি তুলিছে।
আটাইতকৈ আচৰিত কথাটো হ’ল যেতিয়া ইৰানৰ সৈতে আলোচনা এক ফলপ্ৰসূ দিশলৈ আগবাঢ়িছিল, ঠিক সেই সময়তে আমেৰিকা আৰু ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰিলে। ই এক ভণ্ডামি নহয় কি? এয়া জানো শাসনাধিষ্ঠিত চৰকাৰ ওফৰাই পেলোৱাৰ পৰিকল্পিত কৌশল নহয়? দুহেজাৰ তিনি চনত যি চেলুৰে ছাদ্দাম হুছেইনক ক্ষমতাচ্যুত কৰা হৈছিল, এই ঘটনাই জানো তাকেই সোঁৱৰাই নিদিয়ে? নিজ দেশতে নানা বিবাদ আৰু বৈধতাৰ সংকটত ভোগা ট্ৰাম্প আৰু নেতান্যাহুক এখন সাৰ্বভৌম দেশৰ ওপৰত এনেদৰে হস্তক্ষেপ কৰিবলৈ কোনে অধিকাৰ দিলে?
মধ্যপ্ৰাচ্যত ইজৰাইল জড়িত যিকোনো সংঘাতত আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে পশ্চিমীয়া দেশসমূহে সদায় ইজৰাইলৰ পক্ষ লয়। ঊনৈশ শ আঠচল্লিছ চনত ইজৰাইল গঠন হোৱাৰ পৰাই এই শক্তিধৰ দেশসমূহে নিজৰ ৰণকৌশল আৰু বাণিজ্যিক স্বাৰ্থত ইজৰাইলক ব্যৱহাৰ কৰি আহিছে। ইয়াত ‘পশ্চিমীয়া দেশ’ বুলিলে সেই দেশবোৰৰ চৰকাৰ আৰু অভিজাত শ্ৰেণীটোকহে বুজোৱা হৈছে, কাৰণ সেই দেশসমূহৰ সাধাৰণ জনতাৰ মত ভিন্ন হ’ব পাৰে।
এই স্বাৰ্থসমূহৰে বহিৰ্প্ৰকাশ ঘটিছে ‘সামৰিক আৰু ঔদ্যোগিক চক্ৰৰ সমাহাৰত (Military-Industrial Complex) । ঊনৈশ শ একষষ্ঠী চনত আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি আইচেনহাৱাৰে পোনপ্ৰথমবাৰৰ বাবে এই MIC অভিধাটো ব্যৱহাৰ কৰি দেশৰ নীতি-নিৰ্ধাৰণত সামৰিক বাহিনী আৰু অস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়ে সকীয়াই দিছিল।
আটাইতকৈ প্ৰহসনৰ কথাটো হ’ল—বিশ্ব শান্তিপূৰ্ণ প্ৰতিষ্ঠা হ’লে এই কোম্পানীসমূহৰ অস্তিত্বই নাথাকিব৷ অথচ তেওঁলোকে নিজৰ উৎপাদিত মাৰণাস্ত্ৰসমূহক শান্তি আৰু যুদ্ধবিৰতিৰ আহিলা হিচাপেহে প্ৰচাৰ কৰে। আচলতে পৃথিৱীখনত অশান্তি থাকিলেহে তেওঁলোকৰ ব্যৱসায় ৰমৰমীয়া হয়। আমেৰিকা আৰু ব্ৰিটেইনত এই কোম্পানীসমূহে চৰকাৰী বৈদেশিক আৰু সামৰিক নীতি প্ৰভাৱিত কৰিবলৈ কোটি কোটি টকা খৰচ কৰে আৰু চৰকাৰী পদত থকা ব্যক্তিসকলক নিজৰ প্ৰতিষ্ঠানত নিযুক্তি দি প্ৰতিৰক্ষা নীতিসমূহক নিজৰ অনুকূলে পৰিচালনা কৰে। মধ্যপ্ৰাচ্যৰ অশান্তিয়ে তেওঁলোকৰ বাবে মুনাফা অৰ্জনৰ আটাইতকৈ ডাঙৰ সুযোগ আনি দিছে।
আমেৰিকাই ইজৰাইলক বছৰি প্ৰায় ৩.৮ বিলিয়ন ডলাৰৰ সামৰিক সহায় আগবঢ়ায়, যি চুক্তিৰ চৰ্ত মতে আকৌ ইজৰাইলে আমেৰিকাৰে বৃহৎ অস্ত্ৰ কোম্পানীসমূহৰ পৰা যুদ্ধবিমান আৰু ক্ষেপণাস্ত্ৰ কিনিবলৈ ব্যৱহাৰ কৰিবলৈ বাধ্য। তেনেদৰে ব্ৰিটেইনেও পোনপটীয়া সহায় নকৰিলেও তেওঁলোকৰ কোম্পানীসমূহক ইজৰাইললৈ যুদ্ধবিমানৰ সঁজুলি ৰপ্তানি কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ দ্বাৰা এক বিশাল ব্যৱসায়িক লাভৰ চক্ৰ এনেদৰেই চলি থাকে।
বিগত ৭৮ বছৰীয়া ইতিহাসত ইজৰাইল অস্ত্ৰ পৰীক্ষা আৰু বেচা-কিনাৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিছে আৰু বিশ্বৰ আটাইতকৈ বেছি যুদ্ধত লিপ্ত হোৱা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁলোকে ইয়াক আত্মৰক্ষা বুলি ক’লেও বিশ্ববাসীয়ে ইয়াৰ আক্ৰমণাত্মক ৰূপটো স্পষ্টকৈ দেখিছে। শেহতীয়াকৈ ইজৰাইলে গাজাত যি ধ্বংসলীলা চলাইছে, সেয়া এক নৃশংস নৰসংহাৰৰ বাহিৰে আন একো নহয়।
ঊনৈশ শ আঠচল্লিছ চনত ইজৰাইল গঠন হোৱাৰ লগে লগে আৰব দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছিল কাৰণ তেওঁলোকে ইয়াৰ আগন্তুক বিপদৰ উমান পাইছিল। সেই যুদ্ধত ইজৰাইলে জয়লাভ কৰিছিল কাৰণ তেওঁলোকে চোৰাংকৈ আৰু অবৈধভাৱেও পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ধন আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
সময়ৰ লগে লগে আমেৰিকা আৰু ব্ৰিটেইনে মধ্যপ্ৰাচ্যৰ শক্তিক নিজৰ হাতত ৰাখিবলৈ ইজৰাইলক অধিক শক্তিশালী কৰি তুলিলে। লগতে এই অঞ্চলটোত বিৰাজ কৰা অস্থিৰতাই পশ্চিমীয়া দেশসমূহৰ অস্ত্ৰ উদ্যোগক জীয়াই ৰাখে।
আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল— মধ্যপ্ৰাচ্যৰ বহু দেশৰ এক চহকী সাংস্কৃতিক ঐতিহ্য আছে যদিও তাত আধুনিক গণতন্ত্ৰৰ অভাৱ। ৰাজতন্ত্ৰ বা ধৰ্মীয় শাসনত অতিষ্ঠ হৈ থকা সেই দেশবোৰৰ জনসাধাৰণৰ এক বুজন সংখ্যকে গণতান্ত্ৰিক স্বাধীনতা বিচাৰে। আমেৰিকাই ২০০৩ চনত ইৰাকত আৰু এতিয়া ইৰানত যি চেলুৰে হস্তক্ষেপ কৰিছে, তাৰ অন্তৰালত সেই একেই শাসন ব্যৱস্থা সলনি কৰাৰ অভিপ্ৰায় নিহিত আছে।
এটা কথা স্পষ্ট যে ২০২৬ চনৰ ইৰাণ কেতিয়াও ২০০৩ চনৰ ইৰাক নহয়। কিছুমানে দাবী কৰে যে ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণ আচলতে এপষ্টেইনৰ ফাইলৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰোৱাৰ এক কৌশলহে। ইয়াৰ সত্যতা মই নাজানো, কিন্তু এই যুদ্ধত ভাৰতৰ ভূমিকা লক্ষ্যণীয়। আক্ৰমণৰ মাত্ৰ দুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰিছিল। ভাৰতে যুদ্ধ বন্ধ কৰাৰ লগতে সংঘাতৰ মাত্ৰা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে যদিও ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ হত্যাকাণ্ডক গৰিহণা দিয়া নাই।
প্ৰশ্ন হয়, ভাৰতে ইতিমধ্যে কোনো এটা পক্ষ লৈছে নেকি? যদি ভাৰতে ট্ৰাম্প আৰু নেতানিয়াহুৰ সৈতে হাত মিলায়, তেন্তে ই হ’ব ভাৰতৰ মধ্যপ্ৰাচ্য নীতিৰ এক বৃহৎ পৰিৱৰ্তন— যাৰ প্ৰতিক্ৰিয়া হ’ব পাৰে অতি গুৰুতৰ। এই যুদ্ধই কোন দিশ ল’ব সেয়া এতিয়াও অনিশ্চিত, কিন্তু ই যিমান সোনকালে শেষ হয়, সিমানেই পৃথিৱীৰ বাবে মংগল।





