মুছলিম ব্যক্তিগত আইনত মহিলাৰ উত্তৰাধিকাৰী স্বত্বক লৈ চলি থকা এক গুৰুত্বপূৰ্ণ গোচৰৰ শুনানিত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ পৰ্যবেক্ষণ আগবঢ়ায়। মুছলিম পাৰ্চনেল ল’ৰ কিছুমান নীতিয়ে মহিলাৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত দাখিল কৰা এখন আবেদনৰ শুনানিত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে কয় যে এই জটিল সমস্যাৰ স্থায়ী সমাধান আদালতৰ হস্তক্ষেপতকৈও আইন প্ৰণয়নৰ জৰিয়তেহে সম্ভৱ। আদালতৰ মতে এই সমগ্ৰ সমস্যাৰ প্ৰকৃত উত্তৰ হৈছে ইউনিফৰ্ম চিভিল ক’ড বা অভিন্ন দেৱানী বিধি। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ লগতে ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰিছিল য’ত আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি দৰ্শায়।
এই গোচৰটোৰ মূল বিষয় আছিল মুছলিম ব্যক্তিগত আইনত থকা উত্তৰাধিকাৰ সংক্ৰান্তীয় বৈষম্য। আবেদনকাৰীৰ মতে মুছলিম মহিলাসকলে সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুৰুষৰ সমান সুযোগ নাপায় আৰু বহু ক্ষেত্ৰত পুৰুষে পোৱা অংশৰ মাত্ৰ আধা অংশহে মহিলাৰ ভাগত পৰে। অধিবক্তা প্ৰশান্ত ভূষণে আদালতত যুক্তি দিয়ে যে উত্তৰাধিকাৰ এটা নাগৰিক অধিকাৰ আৰু ই কোনো ধৰ্মীয় মৌলিক নীতিৰ ভিতৰত নপৰে। সেয়ে ধৰ্মীয় স্বাধীনতাৰ দোহাই দি মহিলাৰ প্ৰতি এনে বৈষম্য চলি থাকিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ পূৰ্বৰ শায়ৰা বানো গোচৰৰ তিনি তালাকৰ উদাহৰণ দি প্ৰশ্ন কৰে যে যদি তালাকৰ দৰে প্ৰথা অসাংবিধানিক হ’ব পাৰে তেন্তে উত্তৰাধিকাৰৰ ক্ষেত্ৰত কিয় সমতা নাথাকিব।
শুনানিৰ সময়ত আদালতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰে যে যদি ১৯৩৭ চনৰ মুছলিম পাৰ্চনেল ল এপ্লিকেচন এক্ট বাতিল কৰা হয় তেন্তে সেই ঠাইত কোনখন আইন কাৰ্যকৰী হ’ব। মুখ্য ন্যায়াধীশ সূৰ্য কান্তে উদ্বেগ প্ৰকাশ কৰি কয় যে আইনখন বাতিল কৰিলে এটা আইনী শূন্যতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উত্তৰত প্ৰশান্ত ভূষণে ইণ্ডিয়ান সাকচেচন এক্ট বা ভাৰতীয় উত্তৰাধিকাৰ আইন প্ৰয়োগ কৰাৰ পৰামৰ্শ দিয়ে। অৱশ্যে আদালতে এই ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰা দেখা যায়। মুখ্য ন্যায়াধীশে কয় যে কেৱল সংস্কাৰৰ নামত খৰখেদাকৈ কোনো সিদ্ধান্ত ল’লে ইয়াৰ বিপৰীত ফলাফল হ’ব পাৰে আৰু এনেও হ’ব পাৰে যে বৰ্তমান মুছলিম মহিলাসকলে যিখিনি অধিকাৰ পাইছে তাতকৈও কম পাবলৈ আৰম্ভ কৰিব পাৰে। গতিকে উপযুক্ত বিকল্প নাথাকিলে মহিলাৰ অধিকাৰ অধিক অনিশ্চিত হৈ পৰাৰ সম্ভাৱনা থাকে।
বিচাৰপীঠৰ আন এজন সদস্য ন্যায়াধীশ জয়মাল্য বাগচীয়ে মন্তব্য কৰে যে এনেধৰণৰ বিষয়সমূহ আদালততকৈ সংসদতহে বেছি ভালকৈ আলোচনা হোৱা উচিত। কাৰণ সংসদৰ হাতত অভিন্ন দেৱানী বিধি অনাৰ সাংবিধানিক ক্ষমতা আছে। তেওঁৰ মতে ব্যক্তিগত আইন বাতিল কৰি আইনী শূন্যতা সৃষ্টি কৰাতকৈ চৰকাৰে অভিন্ন দেৱানী বিধি অনাৰ বাবে বিষয়টো আইনসভাৰ হাতত এৰি দিয়াই শ্রেয়। ইয়াৰ পাছতেই মুখ্য ন্যায়াধীশ সূৰ্য কান্তেও একমত হৈ কয় যে এই সকলোবোৰৰ সমাধান ইউনিফৰ্ম চিভিল ক’ডতেই লুকাই আছে। আদালতৰ এই মন্তব্য অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ তেওঁলোকে মুছলিম ব্যক্তিগত আইনৰ জটিলতা আঁতৰাবলৈ অভিন্ন দেৱানী বিধিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে।
শুনানিৰ কালত বিচাৰপীঠে আৰু উল্লেখ কৰে যে বহু সম্প্ৰদায়ত এতিয়াও বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত বেলেগ বেলেগ নিয়ম প্ৰচলিত হৈ আছে। আদালতে কয় যে মৌলিক নীতিৰ সৈতে সংৰ্ষষ হোৱা বৈষম্যবোৰ দূৰ কৰাৰ দায়িত্ব আদালতৰ থাকিলেও ব্যক্তিগত আইন সম্পূৰ্ণ সলনি কৰাৰ কামটো আইনসভাৰ। লগতে আদালতে এইটোও জানিব বিচাৰে যে মুছলিম মহিলাসকলে নিজেই এই আইনৰ পৰা ওলাই আহিব বিচাৰে নেকি। প্ৰশান্ত ভূষণে যেতিয়া জনায় যে আবেদনকাৰীৰ মাজত মুছলিম মহিলাও আছে তেতিয়া আদালতে তেওঁলোকক আবেদনখন সংশোধন কৰি বিকল্প পৰামৰ্শ দিবলৈ নিৰ্দেশ দিয়ে। আদালতৰ মূল লক্ষ্য হ’ল দেশৰ যিকোনো অংশৰ মহিলাই যাতে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰা।
এই গোচৰটোৱে এতিয়া কেৱল উত্তৰাধিকাৰ আইনৰ মাজতে সীমাবদ্ধ নাথাকি এক ডাঙৰ সাংবিধানিক বিতৰ্কৰ সূচনা কৰিছে। ব্যক্তিগত আইনৰ বিৰুদ্ধে সমতাৰ অধিকাৰ আৰু ধৰ্মীয় স্বাধীনতাৰ বিৰুদ্ধে নাগৰিক অধিকাৰৰ এই যুঁজত আদালত আৰু আইনসভাৰ ভূমিকা কি হ’ব সেয়া এতিয়া লক্ষণীয় বিষয়। সংবিধানৰ ৪৪ নং অনুচ্ছেদত অভিন্ন দেৱানী বিধিৰ কথা উল্লেখ থাকিলেও ইমান বছৰে সেয়া কাৰ্যকৰী হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ মঙলবাৰৰ এই পৰ্যবেক্ষণে এতিয়া সমগ্ৰ দেশতে এই বিতৰ্কক পুনৰ নতুন মাত্ৰা প্ৰদান কৰিছে। আদালতে এতিয়াই কোনো চূড়ান্ত ৰায় দিয়া নাই যদিও মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ হ’লে ইউনিফৰ্ম চিভিল ক’ডৰ দৰে এক স্থায়ী গাঁথনিৰ প্ৰয়োজন বুলি স্পষ্ট ইংগিত দিছে।





