• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2026 9:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত LGBTQIA+ লোকসকলে হাৰাশাস্তি, বৈষম্য আৰু সামাজিক অসুৰক্ষাৰ সন্মুখীন হোৱাৰ এক উদ্বেগজনক ছবি এখন পোহৰলৈ আহিছে। HimKai Research Initiative (HRI)-এ চলোৱা এক অনলাইন সমীক্ষাত বহু LGBTQIA+ লোকে নিজৰ পৰিচয় লুকুৱাই ৰাখিবলগীয়া হোৱা, পৰিয়াল আৰু সমাজৰ পৰা পৰ্যাপ্ত সমৰ্থন নোপোৱা আৰু আৰক্ষী তথা অন্যান্য প্ৰতিষ্ঠানৰ ওপৰত আস্থা কমি অহাৰ তথ্য প্ৰকাশ পাইছে।

২ জুনৰ পৰা ২ আগষ্ট, ২০২৬লৈ এই অনলাইন সমীক্ষা চলোৱা হৈছিল। “LGBTQIA+ Lived Experience, Safety & Access in Arunachal Pradesh (2026)” শীৰ্ষক প্ৰতিবেদনখনৰ বাবে মুঠ ৬২টা উত্তৰ লাভ কৰা হৈছিল। পৰীক্ষাৰ পিছত অৰুণাচলৰ সৈতে সম্পৰ্ক নথকা বুলি ধৰা পৰা এটা উত্তৰ বাদ দি মুঠ ৬১টা উত্তৰ বিশ্লেষণ কৰা হয়।

Apply Now

সমীক্ষাত অংশগ্ৰহণ কৰা ৪৯.২ শতাংশ লোকে জনায় যে বৈষম্য বা হিংসাৰ ভয়ত তেওঁলোকে নিজৰ লিংগ পৰিচয় বা যৌন পৰিচয় সঘনাই অথবা সদায় লুকুৱাই ৰাখে। পৰিয়ালৰ ক্ষেত্ৰতো পৰিস্থিতি বিশেষ আশাব্যঞ্জক নহয়। প্ৰায় ৫০ শতাংশ লোকে জনায় যে ঘৰত তেওঁলোকে খুব কমেই বা কেতিয়াও গ্ৰহণযোগ্যতা অনুভৱ নকৰে। আনহাতে, ৪৪.৩ শতাংশ লোকে নিজৰ চুবুৰী বা সমাজত খুব কমেই বা কেতিয়াও নিৰাপদ অনুভৱ নকৰে।

মৌখিক হাৰাশাস্তিৰ ঘটনাও যথেষ্ট বেছি। ৯১.৮ শতাংশ উত্তৰদাতাই অন্ততঃ কেতিয়াবা মৌখিক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি জনায়। ৫২.৫ শতাংশ লোকে কেতিয়াবা শাৰীৰিক ভাবুকি বা হিংসাৰ সন্মুখীন হোৱা বুলি কয়। শিক্ষাৰ ক্ষেত্ৰত ৮৫ শতাংশ বৈধ উত্তৰদাতাই বিদ্যালয় বা মহাবিদ্যালয়ত বৈষম্যৰ অভিজ্ঞতা লাভ কৰাৰ কথা জনোৱাৰ বিপৰীতে ৬৩.২ শতাংশই কৰ্মক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে।

সমীক্ষাত প্ৰকাশ পোৱা মতে, ৭২.৯ শতাংশ লোকক চাকৰি ৰক্ষা কৰা বা শিক্ষা অব্যাহত ৰখাৰ বাবে কেতিয়াবা নিজৰ আচৰণ বা সাজ-পোছাক সলনি কৰাৰ প্ৰয়োজন অনুভৱ হৈছে। আনহাতে, ৫৭.৯ শতাংশ লোকে নিজৰ LGBTQIA+ পৰিচয়ৰ বাবে চাকৰি বা উপাৰ্জনৰ সুযোগত নেতিবাচক প্ৰভাৱ পৰাৰ কথা জনাইছে।

বৈষম্যৰ প্ৰভাৱ মানসিক স্বাস্থ্যতো পৰিছে। ৭৬.৭ শতাংশ উত্তৰদাতাই বৈষম্যৰ বাবে কেতিয়াবা বা সঘনাই মানসিক চাপ, উদ্বেগ অথবা মানসিক অশান্তিৰ সন্মুখীন হোৱা বুলি কয়। ইয়াৰে ৪৮.৩ শতাংশৰ ক্ষেত্ৰত এনে অভিজ্ঞতা বেছিভাগ সময়তে বা সদায় হোৱা বুলি প্ৰকাশ পাইছে।

মানসিক স্বাস্থ্য আৰু সমকামী তথা LGBTQIA+ সম্প্ৰদায়ৰ সহায়ৰ ক্ষেত্ৰতো যথেষ্ট অভাৱ দেখা গৈছে। ৪১ শতাংশ লোকে বেছিভাগ সময়তে বা সদায় এনে সহায় লাভ কৰিব পাৰে বুলি কোৱাৰ বিপৰীতে ৩৬.১ শতাংশই এনে সহায় খুব কমেই বা কেতিয়াও লাভ নকৰে বুলি জনায়।

আইনী অধিকাৰৰ বিষয়ে জ্ঞান থকা আৰু সেই অধিকাৰ বাস্তৱত সুৰক্ষিত হোৱাৰ মাজতো এক ডাঙৰ পাৰ্থক্য দেখা গৈছে। ৫৬.৭ শতাংশ উত্তৰদাতাই নিজৰ আইনী অধিকাৰৰ বিষয়ে জানে বুলি কোৱাৰ বিপৰীতে ৬৩.৩ শতাংশই LGBTQIA+ লোকক সুৰক্ষা দিয়াৰ বাবে বৰ্তমানৰ আইন আৰু নীতিসমূহ যথেষ্ট নহয় বুলি মত প্ৰকাশ কৰে। ৬৬.৭ শতাংশ লোকে আৰক্ষী আৰু অন্যান্য কৰ্তৃপক্ষই LGBTQIA+ লোকৰ সমস্যাৰ প্ৰতি সংবেদনশীলভাৱে সঁহাৰি নিদিয়ে বুলি কয়।

ধৰ্ম, সংস্কৃতি আৰু সামাজিক গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰতো নেতিবাচক ছবি দেখা গৈছে। প্ৰায় ৭২.১ শতাংশ উত্তৰদাতাই ধৰ্মীয় বা বিশ্বাসভিত্তিক পৰিৱেশক LGBTQIA+ লোকৰ প্ৰতি গ্ৰহণযোগ্য বুলি নাভাবে। আধাতকৈ অধিক লোকে নিজৰ পৰিচয় স্থানীয় সাংস্কৃতিক বা জনজাতীয় পৰিচয়ৰ সৈতে মিলিব পাৰে বুলি অনুভৱ নকৰে। ৫১.৭ শতাংশ লোকে সমাজত নিজৰ বাবে পৰ্যাপ্ত অন্তৰ্ভুক্তি বা আপোনত্বৰ অনুভূতি নথকাৰ কথাও জনাইছে।

অৱশ্যে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তুলনামূলকভাৱে ইতিবাচক ছবি দেখা গৈছে। ৫৬.৭ শতাংশ অংশগ্ৰহণকাৰীয়ে জনায় যে তেওঁলোকে বেছিভাগ সময়তে বা সদায় স্বাস্থ্যসেৱা ল’বলৈ স্বাচ্ছন্দ্য অনুভৱ কৰে। ৭৫ শতাংশ লোকে স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰ সৈতে বেছিভাগ সময়তে বা সদায় সন্মানজনক ব্যৱহাৰ কৰে বুলি জনায়।

সমীক্ষাত বন্ধুসকলক LGBTQIA+ লোকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সহায় হিচাপ বুলি কোৱা হৈছে। ইয়াৰ পিছতে LGBTQIA+ নেটৱৰ্কসমূহে সহায় আগবঢ়োৱাৰ কথা প্ৰকাশ পাইছে।

HimKai Research Initiative-ৰ সঞ্চালক ৰঞ্জু দোদুমে কয় যে অৰুণাচলৰ LGBTQIA+ লোকসকলৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ বিষয়ে স্থানীয় তথ্য সংগ্ৰহ কৰাই এই সমীক্ষাৰ মূল উদ্দেশ্য আছিল। তেওঁৰ মতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাৰ ভিত্তিত অৰুণাচলৰ LGBTQIA+ লোকসকলৰ অভিজ্ঞতা অনুমান কৰিব নোৱাৰি। পৰিয়াল, সমাজ, জনজাতীয় পৰিচয়, ধৰ্ম, শিক্ষা আৰু কৰ্মসংস্থানে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দোদুমে লগতে কয় যে এই সমীক্ষাক চূড়ান্ত মূল্যায়ন হিচাপে নহয়, বৰং এক প্ৰাথমিক তথ্যভিত্তি হিচাপেহে চাব লাগে। পদ্ধতিগতভাৱে কিছু সাৱধানতা প্ৰয়োজন থাকিলেও সমীক্ষাৰ ফলাফলে অৰুণাচলত LGBTQIA+ লোকসকলৰ সুৰক্ষা, অধিকাৰ, সামাজিক গ্ৰহণযোগ্যতা আৰু মানসিক সুস্থতাৰ বিষয়ে অধিক গৱেষণা আৰু মুকলি আলোচনাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd