• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2026 8:30 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনায়ক দামোদৰ চাভাৰকাৰক লৈ কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত ৰুজু হোৱা ফৌজদাৰী গোচৰ খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ শীল নাগুৰৰ বিচাৰপীঠে এই গোচৰটো বাতিল কৰাৰ নিৰ্দেশ দিয়ে। গোচৰটোৰ ক্ষেত্ৰত প্ৰয়োজনীয় আইনী অনুমোদন লোৱা হোৱা নাছিল বুলি আদালতে উল্লেখ কৰে।

২০২২ চনৰ ১৭ নৱেম্বৰত মহাৰাষ্ট্ৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে চাভাৰকাৰৰক লৈ মন্তব্য কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে চাভাৰকাৰে ব্ৰিটিছসকলৰ সৈতে সহযোগিতা কৰিছিল আৰু ব্ৰিটিছ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰিছিল। এই মন্তব্যৰ পাছতে দেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

Apply Now

ইয়াৰ পাছত আইনজীৱী নৃপেন্দ্ৰ পাণ্ডেৰ এখন ব্যক্তিগত ফৌজদাৰী অভিযোগৰ ভিত্তিত উত্তৰ প্ৰদেশৰ এখন মেজিষ্ট্ৰেট আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে সমন জাৰি কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ আৰু ৫০৫ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰা আৰু মানহানিৰ অভিযোগ তুলি মেজিষ্ট্ৰেট আদালতৰ এই নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল ৰাহুল গান্ধীয়ে।

শুকুৰবাৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰ চলাবলৈ যি আইনী অনুমোদনৰ প্ৰয়োজন আছিল, সেয়া লোৱা হোৱা নাছিল। উত্তৰ প্ৰদেশ চৰকাৰে আদালতত দাখিল কৰা হলফনামাতো এনে কোনো অনুমোদনৰ কথা উল্লেখ কৰা হোৱা নাই বুলি বিচাৰপীঠে কয়।

এই আইনী ত্ৰুটিৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে মেজিষ্ট্ৰেট আদালতে জাৰি কৰা সমন বাতিল কৰাৰ লগতে সম্পূৰ্ণ ফৌজদাৰী অভিযোগটোও খাৰিজ কৰে। ফলত চাভাৰকাৰক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত উত্তৰ প্ৰদেশত চলি থকা এই গোচৰৰ পৰা ৰাহুল গান্ধীয়ে ডাঙৰ আইনী সকাহ লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd