দিল্লীৰ সুৰা নীতি সম্পৰ্কীয় গোচৰত আজি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনিষ চিছ’দিয়াক এক বিশেষ সকাহ প্ৰদান কৰিছে। চিবিআইৰ এখন আবেদনৰ উত্তৰ দিবলৈ আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰিছিল অভিযুক্ত পক্ষই আৰু ন্যায়াধীশ স্বৰানা কান্ত শৰ্মাই তেওঁলোকক অহা ৬ এপ্ৰিললৈকে সময় সীমা বৃদ্ধি কৰি দিছে। উল্লেখ্য যে বিচাৰ আদালতে এই গোচৰৰ পৰা কেজৰিৱাল আৰু চিছ’দিয়াকে ধৰি মুঠ ২১ জন লোকক ডিচচাৰ্জ বা অভিযোগমুক্ত কৰিছিল। বিচাৰ আদালতৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই চিবিআইয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু আজি সেই আবেদনৰ ওপৰতে শুনানি গ্ৰহণ কৰা হয়।
আজিৰ শুনানিৰ সময়ত চিবিআইৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তীব্ৰ বিৰোধিতা কৰি কয় যে বিচাৰ আদালতৰ এই নিৰ্দেশ ত্ৰুটিপূৰ্ণ আছিল আৰু ইয়াক এচেকেণ্ডৰ বাবেও বাহাল ৰখা উচিত নহয়। তেওঁ অভিযোগ কৰে যে অভিযুক্তসকলে উত্তৰ দিবলৈ অযথা সময় বিচাৰি গোচৰটো দীঘলীয়া কৰিব বিচাৰিছে। মেহতাই আদালতক জনায় যে বিচাৰ আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰাকৈয়ে অভিযুক্তসকলক মুক্তি দি এক ভুল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ মতে সংস্থাটোৰ হাতত পৰ্যাপ্ত প্ৰমাণ থকা সত্ত্বেও বিচাৰ আদালতে সেইবোৰক গুৰুত্ব নিদি অযুক্তিকৰ মন্তব্য কৰিছিল।
আনহাতে আম আদমী পাৰ্টিৰ নেতাৰ হৈ জ্যেষ্ঠ অধিবক্তা এন হৰিহৰণে আদালতত যুক্তি দৰ্শায় যে তেওঁলোকে ইতিমধ্যে এই সমগ্ৰ বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সেয়েহে তেওঁলোকক উত্তৰ দাখিল কৰিবলৈ অন্ততঃ চাৰি সপ্তাহৰ সময়ৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে ন্যায়াধীশ শৰ্মাই স্পষ্ট কৰি দিয়ে যে যিহেতু এতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ স্থগিতাদেশ অহা নাই, সেয়েহে উচ্চ ন্যায়ালয়ৰ কাৰ্য্যবিধি স্তব্ধ হৈ নাথাকে। তেওঁ লগতে কয় যে ইয়াৰ আগৰ শুনানিত উপস্থিত নথকাৰ বাবে অভিযুক্তসকলে এতিয়া উত্তৰ দিবলৈ সাজু হ’ব লাগে। অৱশ্যে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে ৬ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।
উল্লেখ্য যে যোৱা ২৭ ফেব্ৰুৱাৰীত বিচাৰ আদালতে কেজৰিৱাল আৰু চিছ’দিয়াক মুক্তি দি চিবিআইৰ তদন্তক তীব্ৰ সমালোচনা কৰিছিল। বিচাৰ আদালতে কৈছিল যে চিবিআইয়ে অনা অভিযোগবোৰ কেৱল অনুমানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু ইয়াৰ কোনো দৃঢ় আইনী ভিত্তি নাই। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে চিবিআইৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশটোত স্থগিতাদেশ জাৰি কৰিছিল। বৰ্তমান উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো পৰীক্ষা কৰি আছে আৰু ৬ এপ্ৰিলৰ শুনানিত কেজৰিৱাল তথা অন্যান্য অভিযুক্তসকলে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগিব।





