• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিকশিত ভাৰত’ত মতবিৰোধ আৰু বিতৰ্কৰ বাবে অধিক স্থান থাকিব লাগিব: ন্যায়াধীশ উজ্জ্বল ভূঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2026 10:20 pm
Photo source: Internet

Photo source: Internet

32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই দেওবাৰে বেংগালুৰুত অনুষ্ঠিত উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েশ্যনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ‘বিকশিত ভাৰত‘ৰ ধাৰণা আৰু গণতান্ত্ৰিক অধিকাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ‘বিকশিত ভাৰতত ন্যায়পালিকাৰ ভূমিকা‘ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চৰকাৰৰ ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ সপোন প্ৰশংসনীয় হ‘লেও, নাগৰিকৰ স্বাধীনতা আৰু মৰ্যাদাৰ বিনিময়ত এই অৰ্থনৈতিক বিকাশ কেতিয়াও গ্ৰহণযোগ্য হ‘ব নোৱাৰে। এখন বিকশিত ভাৰতত মতবিৰোধ আৰু বিতৰ্কৰ বাবে অধিক স্থান থাকিব লাগিব বুলি দৃঢ়ভাৱে উল্লেখ কৰি তেওঁ কয় যে ভিন্নমত পোষণ কৰাটো কেতিয়াও অপৰাধ হ‘ব নোৱাৰে।

মতবিৰোধক অপৰাধ হিচাপে গণ্য কৰাৰ শেহতীয়া প্ৰৱণতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ন্যায়াধীশ ভূঞাই কয় যে প্ৰতিবাদ, ছাত্ৰ আন্দোলন আৰু ছ‘চিয়েল মিডিয়াৰ মতপ্ৰকাশৰ ওপৰতো অপৰাধমূলক আইন জাপি দিয়াৰ এক ধাৰা শেহতীয়াকৈ বৃদ্ধি পাইছে। সামান্য কথাতে ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা ধাৰাবাহিকভাৱে এজাহাৰ দাখিল কৰাৰ ফলত সাধাৰণ জনতাই দীঘলীয়া জেৰা আৰু কাৰাবাসৰ সন্মুখীন হ‘বলগীয়া হৈছে। তেওঁ স্পষ্ট কৰে যে ন্যায়পালিকাই ৰাষ্ট্ৰক এনে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ নিদিয়ে, কিন্তু ছ‘চিয়েল মিডিয়াৰ সামান্য পোষ্টৰ ভিত্তিত গোচৰ ৰুজু হৈ উচ্চতম ন্যায়ালয়লৈকে অহাটো আৰু তাৰ বাবে বিশেষ অনুসন্ধানকাৰী দল (এছ আই টি) গঠন কৰিবলগীয়া হোৱাটো এক চিন্তনীয় বিষয়।

Apply Now

একে সময়তে, ন্যায়পালিকাৰ ভিতৰচৰাৰ বিষয়েও এক আত্মবিশ্লেষণমূলক মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান ন্যায়পালিকাৰ একাংশৰ মাজত ‘ৰজাতকৈ বেছি ৰাজভক্ত‘ হোৱাৰ এক মানসিকতাই ক্ৰিয়া কৰিছে। ইয়াৰ ফলস্বৰূপেই বিনা বিচাৰে বা জামিনবিহীনভাৱে বহু লোকে মাহৰ পিছত মাহ ধৰি কাৰাগাৰত আৱদ্ধ থাকিবলগীয়া হৈছে। প্ৰাক্তন ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰৰ ‘জামিন নিয়ম, কাৰাবাস ব্যতিক্ৰম‘ নীতিক স্মৰণ কৰি তেওঁ আক্ষেপ প্ৰকাশ কৰে যে বৰ্তমান এই নীতি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউ এ পি এ) দৰে কঠোৰ আইনৰ ব্যাপক অপপ্ৰয়োগৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৯ চনৰ পৰা ২০২৩ চনলৈ এই আইনৰ অধীনত দোষী সাব্যস্ত হোৱাৰ হাৰ মাত্ৰ একৰ পৰা ছয় শতাংশ। অথচ, নিৰ্দোষী প্ৰমাণিত হোৱাৰ সম্ভাৱনা অধিক থকাৰ পিছতো এজন ব্যক্তিক পাঁচ-ছয় বছৰ ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাটোৱে সাংবিধানিক উদ্বেগৰ সৃষ্টি কৰে।

এখন বিকশিত ভাৰতত দলিতৰ ওপৰত নিৰ্যাতন আৰু জাতিভিত্তিক বৈষম্যৰ কোনো স্থান থাকিব নোৱাৰে বুলিও ন্যায়াধীশগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ সমাজ ব্যৱস্থাত অভিভাৱকে নিজৰ সন্তানক দলিতে ৰন্ধা আহাৰ গ্ৰহণত বাধা দিয়া বা দলিত লোকৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ দৰে অমানৱীয় ঘটনা সহ্য কৰিব নোৱাৰি। প্ৰতিগৰাকী ব্যক্তিৰ মৰ্যাদা সুৰক্ষিত হোৱাটো অপৰিহাৰ্য বুলি তেওঁ সোঁৱৰাই দিয়ে।

উচ্চ ন্যায়পালিকাত মহিলা ন্যায়াধীশৰ শোচনীয় সংখ্যাৰ ওপৰতো তেওঁ আলোকপাত কৰে। ন্যায়াধীশ ভূঞাই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশ নিযুক্তিৰ ‘কলেজিয়াম‘ ব্যৱস্থাৰ পৰ্যালোচনাৰ পোষকতা কৰি কয় যে নিম্ন আদালতসমূহত পৰীক্ষাৰ জৰিয়তে নিযুক্তি হোৱাৰ বাবে তাত মহিলাৰ অংশগ্ৰহণ ২৭ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পাইছে। কিন্তু উচ্চ ন্যায়পালিকাত এই হাৰ একেবাৰেই বিপৰীত। কলেজিয়াম ব্যৱস্থাই কিয় যোগ্যতাসম্পন্ন মহিলাক উচ্চ আদালতৰ পৰা বঞ্চিত কৰিছে, তাৰ উত্তৰ বিচৰাৰ সময় আহি পৰিছে বুলিও তেওঁ মন্তব্য কৰে।

ভাষণৰ শেষত ন্যায়াধীশ ভূঞাই ন্যায়পালিকাৰ প্ৰকৃত ভূমিকা সন্দৰ্ভত কয় যে ন্যায়পালিকা ৰাষ্ট্ৰৰ ‘চিৰস্থায়ী সমালোচক‘ বা ‘প্ৰশংসক‘ কোনোটোৱেই হ‘ব নালাগে। ই কেৱল নাগৰিকৰ অধিকাৰ ৰক্ষা আৰু আইনৰ শাসন বৰ্তাই ৰখাৰ নিজৰ মূল দায়িত্বত অবিচল থাকিব লাগে বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am
মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am
ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 2, 2026 9:06 am
মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd