• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোলকীয় তেলৰ বজাৰত অস্থিৰতা: পেট্ৰ’ল ৰপ্তানি সাময়িকভাৱে বন্ধ কৰিব ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2026 7:13 pm
Representative Image

Representative Image

61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াত অব্যাহত থকা সংকট আৰু গোলকীয় তেলৰ বজাৰৰ অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াই পেট্ৰ‘ল (গেছ‘লীন) ৰপ্তানিৰ ওপৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি চলাইছে। ঘৰুৱা বজাৰত ইন্ধনৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰা আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অহা ১ এপ্ৰিলৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। প্ৰস্তাৱিত এই নিষেধাজ্ঞা আগন্তুক ৩১ জুলাইলৈকে বাহাল থাকিব পাৰে বুলি ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰিছে।

ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ন‘ভাকে যোৱা শুকুৰবাৰে দেশখনৰ শক্তি মন্ত্ৰালয়ক ১ এপ্ৰিলৰ পৰা পেট্ৰ‘ল ৰপ্তানি বন্ধ কৰাৰ বাবে এক আনুষ্ঠানিক প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। চৰকাৰী সূত্ৰ অনুসৰি, বৰ্তমান দেশখনত খাৰুৱা তেল পৰিশোধনৰ মাত্ৰা পূৰ্বৰ বছৰৰ দৰেই অপৰিৱৰ্তিত আছে, যাৰ ফলত তেলজাত সামগ্ৰীৰ যোগান বৰ্তমানলৈকে স্বাভাৱিক অৱস্থাত আছে। তথাপিও, গোলকীয় বজাৰৰ সম্ভাৱ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ এই সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

Apply Now

গোলকীয় প্ৰেক্ষাপট সন্দৰ্ভত উপ-প্ৰধানমন্ত্ৰী ন‘ভাকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ তেল আৰু পেট্ৰ‘লিয়াম সামগ্ৰীৰ বজাৰখনত তীব্ৰ অস্থিৰতাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত ইন্ধনৰ মূল্যত অস্বাভাৱিক উত্থান-পতন পৰিলক্ষিত হৈছে। অৱশ্যে, বিদেশী বজাৰসমূহত ৰাছিয়াৰ শক্তি সম্পদৰ যথেষ্ট উচ্চ চাহিদা থকা বিষয়টোক তেওঁ এক ইতিবাচক দিশ হিচাপে অভিহিত কৰে। কিন্তু নিজৰ দেশৰ নাগৰিকৰ স্বাৰ্থ আৰু ঘৰুৱা অৰ্থনীতিক সুৰক্ষিত কৰাই ৰাছিয়া চৰকাৰৰ প্ৰাথমিক লক্ষ্য বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, যোৱা বছৰ ৰাছিয়াৰ বিভিন্ন অঞ্চল আৰু ৰাছিয়াৰ নিয়ন্ত্ৰণত থকা ইউক্ৰেইনৰ একাংশ স্থানত পেট্ৰ‘লৰ তীব্ৰ নাটনিয়ে দেখা দিছিল। ইউক্ৰেইনে ৰাছিয়াৰ তেল পৰিশোধনাগাৰসমূহত চলোৱা ধাৰাবাহিক আক্ৰমণ আৰু ঋতুভিত্তিক চাহিদা বৃদ্ধিৰ ফলতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেয়েহে, ঘৰুৱা বজাৰৰ নাটনি দূৰ কৰিবলৈ আৰু বৰ্ধিত মূল্য নিয়ন্ত্ৰণ কৰিবলৈ ৰাছিয়াই মাজে-সময়ে এনেদৰে পেট্ৰ‘ল আৰু ডিজেলৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰি আহিছে। উদ্যোগ খণ্ডৰ সূত্ৰ অনুসৰি, ৰাছিয়াই যোৱা বৰ্ষত প্ৰায় ৫০ লাখ মেট্ৰিক টন পেট্ৰ‘ল ৰপ্তানি কৰিছিল, যিটো প্ৰতিদিনে প্ৰায় এক লাখ সোতৰ হাজাৰ বেৰেলৰ সমান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd