• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বাধা দিয়াৰ চেষ্টা চলাইছে একাংশ ৰাজনৈতিক শক্তিয়ে : কুমাৰ দীপক দাস

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 20, 2018 10:28 pm
Kumar Deepak Das

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অগপ নেতা কুমাৰ দীপক দাসৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজত কিছুমান ৰাজনৈতিক অপ-শক্তিয়ে বাধাৰ সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই শক্তিসমূহে এন আৰ চি-ৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত গোটেই প্ৰক্ৰিয়াটোত খেলি-মেলি লগোৱাৰ এক কু-অভিসন্ধি চলাই আহিছে।’ এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাত্ৰ ৯ দিন বাকী থকা সময়তে এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অগপৰ উপ-সভাপতি কুমাৰ দীপক দাসে।

তেওঁৰ লগতে বৰপেটা জিলা অগপৰ সভাপতি তথা বৰপেটাৰ স্থানীয় বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ নেতৃত্বত আজি অগপৰ এটা ১৫জনীয়া দলে এন আৰ চিৰ কাম-কাজ সম্পৰ্কত বুজ ল’বলৈ বৰপেটা জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰে।

Apply Now

উপায়ুক্ত গৰাকীৰ সৈতে এইক্ষেত্ৰত এখন বৈঠকত মিলিত হোৱাৰ পিছতে বৰপেটা জিলা অগপৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি কুমাৰ দীপক দাসে কয় যে, অসমবাসীৰ দীৰ্ঘদিনীয়া দাবী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা  ৩০ জুনত প্ৰকাশ পাব। কিন্তু এন আৰ চিৰ কাম-কাজত বিধি পথালি দিবলৈ আৰু এন আৰ চিৰ কাম বন্ধ কৰিবলৈ একাংশ ৰাজনৈতিক অপ-শক্তিয়ে অহৰহ চেষ্টা চলাই আহিছে, তেওঁ কয়।

তেওঁ আৰু কয় যে, ৩০ জুনৰ পিচত অসমত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব, সংঘৰ্ষৰ সৃষ্টি হ’ব আদি বিভিন্ন কথা কিছুমান অঞ্চলত অপ-প্ৰচাৰ চলোৱা হৈছে। কংগ্ৰেছ দলে সাধাৰণ মানুহৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে। তদুপৰি, উগ্ৰ ধৰ্মীয় চেতনাসম্পন্ন কিছুমান দল-সংগঠনেও নাগৰিকপঞ্জীৰ কাম-কাজত বিধিপথালি দিয়াৰ চেষ্টা চলাই আহিছে বুলি কুমাৰ দীপক দাসে অভিযোগ কৰে।

এই শক্তিসমূহে নাগৰিকত্ব আইনৰ সংশোধনী বিধেয়কখনক এন আৰ চিৰ বিষয়টোৰ সৈতে সংপৃক্ত কৰি গোটেই প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিব বিচাৰিছে বুলি উল্লেখ কৰে অগপ নেতাগৰাকীয়ে। সাধাৰণ ৰাইজে যাতে এনে অপ-শক্তিসমূহৰ কথা-বতৰাত ভোল নাযায় আৰু অপ-শক্তিসমূহৰ চেষ্টাসমূহত যাতে সহায়-সহযোগ নকৰে তাৰ বাবেও ৰাইজৰ প্ৰতি আহ্বান জনায় অগপ নেতাগৰাকীয়ে।

অপ-শক্তিসমূহে যাতে এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তক দাবী জনোৱা বুলি উল্লেখ কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে। এইক্ষেত্ৰত অগপ দলে সহায়-সহযোগিতা আগবঢ়াই যাব বুলি উল্লেখ কৰি কুমাৰ দীপক দাসে কয় যে, বৰপেটা জিলা অগপৰ তত্বাৱধানত জিলাখনৰ চুকে-কোণে সজাগতা সভা অনুষ্ঠিত কৰা হ’ব।

আজিৰ এই সংবাদমেলতে কুমাৰ দীপক দাসে বৰপেটাৰ সু-সন্তান তথা অসমৰ সংগীত জগতৰ প্ৰবাদ প্ৰতীম পুৰুষ পুৰুষোত্তম দাসৰ স্মৃতি স্থায়ী কৰি ৰাখিবলৈ বৰপেটা পৌৰসভাৰ সহযোগত এক আঁচনি প্ৰস্তুত কৰা হৈছে বুলিও উল্লেখ কৰে। সংবাদমেলত বৰপেটা জিলা অগপৰ সভাপতি তথা বিধায়ক গুণীন্দ্ৰ নাথ দাস, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে চিত্তৰঞ্জন বৰ্মন আৰু ধনজিৎ পাঠক উপস্থিত আছিল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd