নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত এগৰাকী অশীতিপৰ বৃদ্ধই দুশাৰী আত্মকথা লেখিবলৈ মন মেলিছে, কোনোবাই যদি পঢ়ে আৰু পঢ়ি উঠি এখন্তেক চিন্তা কৰে সেয়াই হ’ব বুঢ়াজনৰ বাবে অতিকৈ আনন্দৰ কথা৷
যি সময়ত দ্বিতীয় মহাযুদ্ধৰ অস্ত্ৰৰ জনজননি আৰম্ভ হৈছিল, যুদ্ধৰাজ ৰাষ্ট্ৰনায়কসকলৰ ৰণোন্মাদনা বৃদ্ধি পাইছিল, ৰণভেৰী এই বাজে এই বাজে এনে অৱস্থাৰ সৃষ্টি হৈছিল, ঠিক সেই সময়ত যিসকল নৱজাতকৰ জীৱনৰ প্ৰথম ক্ৰন্দনে কল্লোলিত কৰিছিল আকাশ-বতাহ, সেই শিশুসকলৰ ভিতৰত আছিল আজিৰ এই গৰাকী অশীতিপৰ বৃদ্ধ৷ যি সময়ত পূৰ্ণ স্বৰাজ বিচাৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি আন্দোলনৰ জোৱাৰ উঠিছিল, জ্যোতিপ্ৰসাদ, অম্বিকাগিৰীহঁতৰ অগ্নিবৰষা গীতে অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল আৰু যিসকল শিশুৰ কাকলি সেই গীতৰ লহৰত মিলি গৈছিল– সেই সকল শিশুৰ ভিতৰতো আছিল– এইজনা বৃদ্ধ৷ স্বৰাজোত্তৰ দিনটোৰ প্ৰথম প্ৰভাতত সমগ্ৰ দেশজুৰি আনন্দৰ লহৰত যি শোভাযাত্ৰা ওলাইছিল চহৰে-নগৰে, গাঁৱে-ভূঁইৱে, হাতত কাগজৰ পতাকা লৈ যি সকল শিশুৱে সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল, তাৰ মাজতো আছিল– এই জনা বৃদ্ধ৷
ষাঠিৰ ভাষা আন্দোলনত কটন কলেজৰ দ্বিতীয় ছাত্ৰাবাসৰ দ্বিতীয় ব্লকৰ ভিতৰৰ বাৰাণ্ডাখনত বন্দুকধাৰী পুলিচৰ নিৰ্বিচাৰ গুলী-চালনাত ঢলি পৰাৰ সময়ৰ প্ৰত্যক্ষদৰ্শী আৰু শ্বহীদ গৰাকীৰ জীৱনৰ শেষ বাক্যটো শুনাৰ সৌভাগ্য বা দুৰ্ভাগ্য হোৱা ছাত্ৰজনো আছিল– এইজনা বৃদ্ধ৷ পুলিচৰ গুলীত আহত হোৱা বাকী ছয়গৰাকী ছাত্ৰৰ চিকিৎসাৰ বাবে ডাঃ নলিনী শৰ্মা আৰু ডাঃ কনকলাল বৰুৱাহঁতক আহিবলৈ কাতৰ অনুৰোধ জনোৱা ছাত্ৰজনো আছিল– এই গৰাকী বৃদ্ধ৷
’৭৫ৰ জৰুৰীকালীন অৱস্থাৰ আৰু ’৮০ৰ তথাকথিত অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ সময়ত সংঘটিত বহু হৃদয়বিদাৰক দৃশ্য দেখা আৰু শুনাৰ অভিজ্ঞতাৰে সমৃদ্ধ এই গৰাকী বৃদ্ধ৷ স্বৰাজোত্তৰ কালৰ প্ৰথম বিধানসভাৰপৰা বিগত বিধানসভাৰ দিনলৈ সদনৰ কাৰ্য-কলাপ, তৰ্ক-বিতৰ্ক স্বচক্ষে নেদেখিলেও বাতৰি কাকতৰ যোগেদি বা জ্যেষ্ঠজনৰ মুখৰপৰা জনাৰ সৌভাগ্য হৈছিল৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কথা-বাৰ্তাও শুনিবলৈ সমৰ্থ হৈছিল৷ দেখি-শুনি বিধানসভা, সদনৰ কাৰ্য-কলাপ, মন্ত্ৰীসকলৰ বিষয়ে এটা নিজস্ব ধাৰণাও সেইজনাৰ হৈছিল৷ কিন্তু যোৱা দশকটোত বিশেষকৈ যোৱা পাঁচ বছৰৰ সদনৰ কাৰ্য-কলাপ, তৰ্ক-বিতৰ্ক ইমান নিম্নস্তৰলৈ গতি কৰিছে যে বৃদ্ধগৰাকী সেই কথা আওৰাবলৈয়ে লজ্জাবোধ কৰিছে৷ সদনৰ বাহিৰত নেতা আৰু পালিনেতাসকলে কৰা টুলুঙা মন্তব্যবোৰ শুনি তেওঁলোকৰ তৰল কথা, মিথ্যাচাৰ আৰু অনবৰত কৰি থকা সাম্প্ৰদায়িক মন্তব্যবোৰ দেখি-শুনি বিব্ৰত বোধ নকৰাকৈ থকা নাই৷
ষাঠিৰ দশকৰপৰা তিনিটা দশকৰো অধিক কাল শিক্ষকতা কৰা বৃদ্ধগৰাকী ভাবি ক্ষুণ্ণ হয় যে তেওঁ বা তেওঁৰ সহযোগীসকলে ইমান বছৰে শিক্ষাদান কৰি থিতাতে লুটি-বাগৰ মৰা, চলাহী কথাৰে জনতাক বিভ্ৰান্ত কৰা, নীতিহীন, নিৰ্লজ্জ কিছুমান ৰাজনীতিককহে প্ৰস্তুত কৰিছিল নেকি? তাৰবাবে তেওঁ বা তেওঁলোক, হতাশাগ্ৰস্ত নোহোৱাও নহয়৷ বৃদ্ধজনাৰ এই বিননি শুনিবই বা কোনে?
তথাপি ক’বলৈ বিচাৰিছে– চকুৰ আগত অন্য কিছুসংখ্যক বুদ্ধিদীপ্ত, উচ্চশিক্ষিত, সমাজ সচেতন, আত্মবিশ্বাসী যুৱক-যুৱতীক ৰাজনীতিৰ পথাৰলৈ শুভাগমন কৰা আজি দেখিছে৷ তাকে দেখি হতাশাগ্ৰস্ত মনতো যেন আশাৰ সঞ্চাৰ হৈছে৷ এনে অৱস্থাত ভাব হৈছে All is not lost. ড° জ্ঞানশ্ৰী বৰা, কুনকি চৌধুৰী, বিদিশা নেওগ আদি তেনে সংখ্যকৰে নিঃসন্দেহে দুই-এগৰাকী৷ গৌৰৱ গগৈ ইতিমধ্যে লোকসভাত তেনে এক পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ যোৱা বিধানসভাত অখিল গগৈৰ প্ৰতিবাদী কণ্ঠস্বৰ শুনিবলৈ পাইছে৷ যুক্তি আৰু তথ্যৰে সদনৰ মৰ্যাদাৰ লক্ষ্মণ ৰেখা পাৰ নোহোৱাকৈ বক্তব্য আগবঢ়োৱাও দেখিছে– মনোৰঞ্জন তালুকদাৰক৷
এইখিনিতে অশীতিপৰ বৃদ্ধগৰাকীৰ আকৌ মনলৈ আহিছে ষাঠিৰ ভাষা আন্দোলনলৈ৷ ৰঞ্জিত বৰপুজাৰীৰ মৃত্যুৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাত প্ৰথমতে জ্বলিছিল গোৰেশ্বৰ, তাৰপাছত নগাঁও, হোজাই, লামডিং আদিলৈ বিয়পি পৰা দেখিছিল৷ বিমোৰত পৰিছিল চৰকাৰ৷ ৰাজ্যৰ পুলিচ বাহিনী হৈ পৰিছিল অসহায়৷ জনতাৰ আবেগ, খং কেনেদৰে প্ৰশমিত কৰিব? বিচক্ষণ মুখ্যমন্ত্ৰীয়ে সেয়েহে সহায় বিচাৰিলে শিল্পীসকলৰ, ড° ভূপেন হাজৰিকাৰ৷ হেমাংগ বিশ্বাস আৰু ড° ভূপেন হাজৰিকাৰ নেতৃত্বত এটি শিল্পীৰ দলে গুৱাহাটীৰ জিলা পুথিভঁৰালৰ পৰা আৰম্ভ কৰিলে এক সমন্বয়ৰ যাত্ৰা৷ কটন কলেজৰপৰা এটা ত্ৰিছজনীয়া ছাত্ৰৰ দলেও অধ্যাপক কিশোৰী মোহন পাঠকৰ নেতৃত্বত দুৰ্গতসকলৰ সাহায্যৰ্থে ওলাল গোৰেশ্বৰলৈ৷ তেতিয়াৰ যুৱক আজিৰ এই বৃদ্ধগৰাকীও দুৰ্গতসকলৰ ওচৰ চপাত প্ৰত্যক্ষ কৰিলে গৃহহাৰা, ছিন্নমূল সেইসকলৰ ক্ষোভ, বেদনাদীৰ্ণ হৃদয়ৰ কৰুণ ক্ৰন্দন৷
সন্ধিয়াপৰত শিল্পীৰ এটি দল লৈ তাত উপস্থিত হ’ল ড° ভূপেন হাজৰিকা৷ বিভক্ত দুই শিবিৰৰ মানুহ কিন্তু সমানে গোট খালে৷ শ্ৰমজীৱী মানুহৰ দুখৰ বৰ্ণনা কৰি, কথা আৰু গীতৰ মাজেৰে সমন্বয়ৰ বাৰ্তা বিলালে৷ পিছদিনাখন যেতিয়া জুইয়ে পোৰা ঘৰৰ ভেটিত চালি তুলিবলৈ ছাত্ৰৰ দলটো গ’ল, দেখিলে এদল লোকে নিজৰ বাৰীৰ বাঁহ কাটি, কান্ধত লৈ, হাতত দা একোখনো লৈ ঘৰবোৰ পুনৰ সাজি দিয়াত লাগিল৷ সেই দৃশ্য দেখি শ্ৰীমতী সুচেতা কৃপালনীৰ নেতৃত্বত অহা এম.পি.ৰ দলটোৱেও উভতি গৈ সদনত অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাৰ কোনো কাৰণ নাই বুলি এক সদৰ্পে ঘোষণা কৰিলে৷ সেই যে সমন্বয়ৰ এক বীজ ৰোপণ কৰা হৈছিল– তাৰে প্ৰস্ফুটিত এটি ৰঙা গোলাপ– গোৰেশ্বৰৰ বাপুৰাম বড়ো৷
দুবছৰমান আগতে ৰাজ্যভাষা আন্দোলনৰ এটি শ্বহীদ স্মৰণ অনুষ্ঠানত এই বৃদ্ধগৰাকী আমন্ত্ৰিত আলহী হিচাপে উপস্থিত হৈছিল৷ অনুষ্ঠানটো আছিল ‘পেঞ্চনাৰ ভৱন’ত৷ একেখন মঞ্চতে এজন তৰুণক ভাষণ দিয়া দেখিছিল৷ তেখেতৰ ভাষণত বৃদ্ধগৰাকী মুগ্ধ নোহোৱাকৈ থকা নাছিল৷ বক্তাজন আছিল অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ৷
এই বৃদ্ধগৰাকী কোনো ৰাজনৈতিক দলৰ সদস্য নহয়৷ শেষোক্ত জনৰ ব্যতিৰেকে বাকী ওপৰত উল্লেখিত এজনকো ওচৰৰপৰা দেখা নাই– চা-চিনাকি বা পাৰস্পৰিক কথা-বাৰ্তা হোৱাটো দূৰৈৰ কথা৷ তথাপি এইগৰাকী বৃদ্ধই আশা কৰে, নামোল্লেখ কৰা আটাইকেইগৰাকী সদস্য নিৰ্বাচনত জয়ী হৈ বিধানসভালৈ অহাটো৷ শাসকীয় পক্ষতেই হওক বা বিৰোধী পক্ষতেই হওক, তেওঁলোকৰ উপস্থিতিয়ে সদনৰ মান-মৰ্যাদা উন্নত কৰিব বুলি অশীতিপৰ বৃদ্ধগৰাকীয়ে বিশ্বাস কৰে৷ আপুনি বাৰু সেই কথা ভাবেনে?
আগন্তুক বিধানসভা গঠনৰ মাত্ৰ কেইমাহমান পাছতে এইগৰাকী বৃদ্ধই ‘নাৰ্ভাচ নাইনটি’ত প্ৰৱেশ কৰিব৷ তাৰ আগতে এখন উন্নতমানৰ সদন জানো তেখেতে দেখাৰ আশা কৰিব নোৱাৰে? তেখেতৰ আশাপূৰণৰ সেই ইচ্ছা জনাৰ্দনৰূপী জনগণলৈ ঠেলি দিলে– অশীতিপৰ বৃদ্ধজনাই৷ আশা বাৰু পূৰণ হ’বনে?





