• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বুমৰাহৰ প্ৰথমটো বলতে ছিক্সাৰ বৈভৱৰ! বৰ্ষাবিঘ্নিত বৰ্ষাপাৰাত ৰানৰ বৰষুণ; মুম্বাইক হৰুৱালে ৰাজস্থানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:28 am
137
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেচখনৰ নিৰ্ধাৰিত সময়ত ধাৰাসাৰ বৰষুণ হয়। প্ৰায় ৩ ঘণ্টা অপেক্ষাৰ অন্তত খেল আৰম্ভ হয়। কিন্তু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হাজাৰ হাজাৰ দৰ্শকৰ বাবে সেই দীঘলীয়া অপেক্ষা অথলে নগ’ল। যেতিয়াই আকাশত ডাৱৰ পৰিষ্কাৰ হ’ল খেলপথাৰত ৰানৰ বৰষুণ আৰম্ভ হ’ল। বিস্ফোৰক বেটিং খেলখনত শেষ হাঁহি মাৰিলে ৰাজস্থান ৰয়েলছে। পাঁচবাৰৰ চেম্পিয়ন দলটোক ২৭ ৰানত পৰাস্ত কৰিলে।

বৰষুণ বিঘ্নিত মেচখনত মুম্বাই ইণ্ডিয়ানছে আশা কৰা মতে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। মুম্বাইৰ অধিনায়ক হাৰ্দিকে হয়তো ভবা নাছিল যে বৈভৱ সূৰ্য্যবংশী আৰু যশস্বী জয়ছৱালে প্ৰথমে বেটিং কৰিবলৈ নামি তাণ্ডৱ আৰম্ভ কৰিব। এই দুই অ’পেনাৰে ৰাজস্থানক মাত্ৰ ১৬টা বলত ৫০ ৰানলৈ লৈ যায়।

Apply Now

প্ৰথম অভাৰত বল্টে ২২ ৰান দিয়ে। বৈভৱ সূৰ্যবংশীয়ে প্ৰথম অভাৰতে বুমৰাহৰ বলত দুটা ছয় মাৰে। অৱশ্যে আন বলাৰৰ বিৰুদ্ধেও ছয় মৰাৰ হেঁপাহ কম হোৱা নাছিল। বৈভৱে মাত্ৰ ১৪টা বলত ৫টা ছয়ৰে ৩৯ ৰান সংগ্ৰহ কৰে। আন এজন অ’পেনাৰ যশস্বী জয়ছৱালে আৰু অধিক আক্ৰমণাত্মক ইনিংছ খেলিছিল। তেওঁ মাত্ৰ ৩২টা বলত ৭৭ ৰানৰ অবিশ্বাস্য ইনিংছ খেলিছিল।

অ’পেনাৰ দুজনৰ বিস্ফোৰক ইনিংছৰ জৰিয়তে ৰাজস্থানে নিৰ্ধাৰিত ১১ অভাৰত ১৫০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত মুম্বাইয়ে আৰম্ভণিতে নিজৰ ছন্দ হেৰুৱাই পেলালে। প্ৰথম অভাৰত ৰিকলটন আউট হৈছিল। সূৰ্য্য আৰু ৰোহিতেও বিশেষ একো কৰিব নোৱাৰিলে। দৰাচলতে বিশাল ৰানৰ চাপত মুম্বাইৰ টপ অৰ্ডাৰ তাচপাতৰ ঘৰৰ দৰে খহি পৰিল।

এটা সময়ত মুম্বাই ৰানৰ হাৰ বজাই ৰাখিবলৈ চেষ্টা কৰি মাত্ৰ ৪৬ ৰানত ৫ উইকেট হেৰুৱাই যথেষ্ট চাপত পৰিছিল। তাৰ পৰাই ৰাদাৰফোৰ্ড আৰু নমন ধীৰে পাৰ্টনাৰশ্বিপ গঢ়ি মুম্বাইক পুনৰ মেচলৈ ঘুৰাই আনে। যদিও দুয়োৰে কোনোৱেই ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে। দুয়োজনেই ২৫ ৰানত আউট হৈছিল। সেই যুটিৰ পতনৰ লগে লগে মুম্বাইৰ সকলো আশা শেষ হৈ গ’ল। শেষত শাৰ্দুল ঠাকুৰহঁতৰ দলটোৱে ১২৩ ৰান সংগ্ৰহ কৰে। ৰাজস্থানে ২৭ ৰানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

ৰাজস্থানঃ ১৫০-৩ (যশস্বী ৭৭, বৈভৱ ৩৯)

মুম্বাইঃ ১২৩-৯ (ধীৰ ২৫, ৰাদাৰফোৰ্ড ২৫)

ৰাজস্থানে ২৭ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd