• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:23 am
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৪ মে’ৰ ভোটগণনাৰ ফলাফলত জনাদেশ অনুযায়ী কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এক সংবাদমেলত বৰ অসমৰ সমৰ্থন কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ৰাইজে বিচৰা ধৰণৰে অসমত এইবাৰ এখন নতুন চৰকাৰ গঠন হ’ব।

গগৈয়ে কয় যে আজি সংস্থাপনক লৈ নিবনুৱা যুৱক-যুৱতীসকল হতাশ হৈ পৰিছে৷ চৰকাৰে যে ভালকৈ কাম কৰিব পৰা নাই সেয়া আমি নিৰ্বাচনত দেখিবলৈ পালো৷ নিবনুৱাৰ সমস্যাৰ পিছতে উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো চৰকাৰখন ব্যৰ্থ হৈছে৷ চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি কোনো থলুৱা তথা স্থানীয় উদ্যোগ গঢ়িবলৈ এইখন চৰকাৰ সক্ষম নহ’ল৷ অসমত যে এইখন চৰকাৰৰ দিনত উদ্যোগীকৰণৰ অভাৱ সেই কথা আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ সক্ষম হ’লো৷ মানৱ সম্পদৰ ক্ষেত্ৰত এইখন চৰকাৰ বিফল৷ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰিব পৰা নাই৷ দৰৱৰ দাম, হাস্পতালৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰিব পৰা নাই৷ গৃহ মন্ত্ৰালয়ে মহিলাক সুৰক্ষা দিব পৰা নাই৷ গাঁৱৰ মানুহৰ মূল সমস্যা আজিও আগৰ দৰেই আছেই৷ চৰকাৰে মানুহৰ মৌলিক সমস্যাক লৈ যে একো কৰিব পৰা নাই এই কথা আমি ৰাইজৰ মাজলৈ লৈ গৈছো৷ চৰকাৰে বিকাশৰ ক্ষেত্ৰত সামূহিক দায়িত্ব পালন কৰিব নোৱাৰিলে৷ কিন্তু চৰকাৰৰ আঁচনিক লৈ কিছু যে চৰ্চা হোৱা নাছিল সেই কথা আমি নকও৷ বিকাশৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা, আইনী, বানপানী, খহনীয়া, উদ্যোগ, সংস্থাপনক লৈ ৰাইজে বুজি পাইছে যে একো কাম হোৱা নাই৷ কিন্তু চৰকাৰে আঁচনিক লৈ ৰাইজৰ দ্বাৰা বাধ্যতামূলকভাৱে ৰাজনৈতিক কাম কৰি গৈছিল৷ ৰাইজক আঁচনি প্ৰদান কৰি মানুহক দলৰ সদস্যৰ দৰে ব্যৱহাৰ কৰিছে৷ চৰকাৰী আঁচনিৰ ধন হৈছে ৰাইজৰ ধন৷ আঁচনিক লৈ বিজেপি চৰকাৰে যে ৰাজনীতিকৰণ কৰিলে সেই কথা আমি মহিলাসকলৰ মাজলৈ লৈ যাবলৈ সক্ষম হ’লো৷ অসমৰ দুৰ্নীতিৰ কথা ক’বই নালাগে৷ ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত পুৰণি আৰু নতুন কথা চৰ্চা হৈ আছে৷ আমি ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ৰ যোগে অসমৰ চুকে-কোণে গৈ অবৈধ ধনৰ কথা উল্লেখ কৰিছো৷

Apply Now

নিৰ্বাচনৰ শেষত বিদেশৰ ধন সন্দৰ্ভত যি কথা নিজৰ শপতনামাত উল্লেখ নকৰিলে এই কথা ৰাইজে বুজি পালে৷ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ দুৰ্নীতিক লৈ নৱপ্ৰজন্ম অৱগত নহয়৷ নতুন প্ৰজন্মই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিষয় অৱগত হ’ল৷ আমি অসমৰ ৰাইজক নতুন মুখ, নতুন কংগ্ৰেছ দেখুৱাবলৈ সক্ষম হ’লো৷ কংগ্ৰেছৰ তালিকাত নতুন প্ৰাৰ্থী থিয় কৰালো৷ যুৱ, চল্লিশ বছৰতকৈ কম বয়সৰ বহু প্ৰাৰ্থী আৰু ১৩গৰাকী মহিলাক টিকট প্ৰদান কৰিছো৷ কিছুমান নেতাই আমাক এৰি থৈ গ’ল, কিন্তু আমি নতুন কংগ্ৰেছ অসমৰ ৰাইজক দিলো৷ ৰাইজে কৈছে যে আমি আপোনালোকৰ সৈতে আছো৷ কংগ্ৰেছৰ নতুন দিশ আৰু শক্তিক আশীৰ্বাদ দিলে৷ আমি মিত্ৰতাক লৈ এটা ভাল ৰণকৌশল তৈয়াৰ কৰিবলৈ সক্ষম হ’লো৷ এআইইউডিএফ দলক বাদ দি অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই, চিপিআইএমএল, চিপিআইএমল, এপিএইচএলচিৰ সৈতে মিত্ৰতা কৰিলো৷ ৰাইজে ইয়াৰ বাবে আমাক ভাল পাইছে৷ আমি বিগত বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা এআইইউডিএফ দলৰ সৈতে সম্পৰ্ক ৰখা নাই৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এআইইউডিএফ দলৰ সহায় লৈছে৷ এআইইউডিএফৰ বিধায়ক নি হিমন্ত বিশ্ব শৰ্মাই অগপত যোগদান কৰাইছে৷ এআইইউডিএফৰ বিধায়কখিনিৰ হৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলালে৷

আমি প্ৰচাৰৰ সময়ত ভদ্ৰতা, শালীনতা ৰক্ষা কৰি বলিষ্ঠভাৱে আমাৰ কথাবোৰ দাঙি ধৰিছো৷ আমি শেষ পৰ্যায়লৈকে নিজৰ শালীনতা পাহৰি যোৱা নাই৷ যোৰহাটৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীৰ সৈতে আমি ভোটৰ দিনলৈকে ভাল সম্পৰ্ক ৰক্ষা কৰি চলিছো৷ আমি বিৰোধিতা কৰিব পাৰো, কিন্তু অসমৰ যি আদৰ্শ, শলীনতা, সভ্যতা আমি বজাই ৰাখিছো৷ আমি এইখন চৰকাৰক কঠোৰভাৱে সমালোচনা কৰিছো৷ আমাৰ ইস্তাহাৰ, বিজ্ঞাপন সকলোতে আমি সমালোচনা কৰিছো৷ কিন্তু কেতিয়াও মৰ্যাদা পাহৰি ক’তো আক্ৰমণ কৰা নাই৷ আমি সাংবাদিকৰ সৈতেও ভালকৈ কথা পাতিছো৷ কেতিয়াও সাংবাদিকৰ প্ৰশ্নত সন্তুলন হেৰুওৱা নাই৷ স্থিৰ হৈ বলিষ্ঠভাবে কথাবোৰ কৈছো৷ যোৱা কেইটামান দিনত মুখ্যমন্ত্ৰীয়ে চিঞৰ-বাখৰ কৰি পৰিৱেশ বিষাক্ত কৰিলে সেই কথা সকলোৱে দেখিছে৷ যদি তেওঁলোকৰ অৱস্থা ইমানে ভাল মূৰটো দেখাবলগীয়া হ’ল কিয়? মূৰত যে চুলি কম সেয়া দেখুৱাবলগীয়া হ’ল কিয়? মুখ্যমন্ত্ৰী পেনিক হৈ পৰিছে৷ পেনিক হৈ মিডিয়াক দম দিছে, আৰক্ষীক ব্যৱহাৰ কৰিছে৷ নদুৱাৰত সুনীল ছেত্ৰীক আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে একো নকৰিলে৷

মীৰা বৰঠাকুৰে অভিযোগ দিয়াৰ পিছতো একো নকৰিলে৷ আজি সেই আৰক্ষীয়ে কুংকি চৌধুৰীৰ বিৰুদ্ধে ব্যৱস্থা লৈছে৷ পৱন খেৰাৰ বিৰুদ্ধে ব্যৱস্থা লৈছে৷ কিন্তু এই আৰক্ষীয়ে এজন গৰু চিণ্ডিকেট চলোৱা মানুহক ধৰিছেনে? যি গো-মাতাক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰে সেই চৰকাৰৰ দিনত আৰক্ষীয়ে কোনজন গৰুৰ চিণ্ডিকেট কৰা মানুহক ধৰিছে৷ জোনমণি ৰাভাৰ হত্যা কেনেকৈ হ’ল অসমবাসীয়ে গম নাপালে৷ মুখ্যমন্ত্ৰী হৈছে ৰজা৷ মুখ্যমন্ত্ৰীয়ে যি অভিযোগ দিয়ে তাক লৈ লগে লগে একচন হয়৷ আমি প্ৰচাৰৰ সময়ত তলে তলে প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিছো৷ আমি সমগ্ৰ অসমতে ভাল সমৰ্থন পাইছো৷ বাহিৰৰ পৰা বাছত মানুহ অহাটো এটা চিন্তনীয় কথা৷ প্ৰিজাইডিং অফিচাৰৰ ভূমিকা সন্দেহজনক৷ নদুৱাৰ, দেৰগাঁও, দিছপুৰত বহু ঘটনা ঘটিছে৷ যি দৰে প্ৰিজাইডিং অফিচাৰৰ ভূমিকা নিৰপেক্ষ হ’ব লাগিছিল তেনেদৰে নহ’ল৷

আমি অসমৰ জনসাধৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ দলৰ সতীৰ্থ, নিষ্ঠাৱান কৰ্মী, ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি বুথলৈ কৰ্মীসকলে যি দৰে কাম কৰিলে তাৰ বাবে কৃতজ্ঞতা জনাইছো৷ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, পৰ্যবেক্ষক ভূপেশ বাঘেল, বন্ধু তিৰ্কী, ডি কে শিৱকুমাৰে যি মাৰ্গদৰ্শন প্ৰদান কৰিলে তাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ যোৱা ৬ৰ পৰা ৭ দিনত কংগ্ৰেছৰ প্ৰতি মানুহৰ মনত এটা ঢৌ আহিছে বুলি ৰাইজে কৈছে৷ মই নিজে অনুভৱ কৰিছো যে ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী অসমলৈ আহি প্ৰচাৰ চলোৱাত অসমত কংগ্ৰেছৰ পৰিৱেশ সলনি হৈছে৷ ৰাইজৰ মতামত ইভিএমত পৰিছে৷ ইভিএমবোৰ ভালকৈ নিৰীক্ষণ কৰক আমাৰ সতীৰ্থসকলে৷ অসমৰ ৰাইজৰ ভোট ৰখা ষ্ট্ৰং ৰুম নিৰীক্ষণত ৰাখিবলৈ কৰ্মীসকলক অনুৰোধ জনাইছো৷ ৰাইজেও জনমত সুৰক্ষা নিজে দিয়ক৷ ৪ তাৰিখে ফলাফল ভাল হ’ব আৰু নতুন চৰকাৰ গঠন হ’ব৷ 

কংগ্ৰেছ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰি কয় যে মুখ্যমন্ত্ৰী কিয় পেনিক হৈছে? সাংবাদিকক কিয় ভাবুকি দিছে? ক্ষমতা যদি তেওঁলোক পায় তেন্তে এনে আচৰণ কৰিছে কিয়? মাত্ৰ এটা চেনেলক ৮০ শতাংশ বিজ্ঞাপনৰ টকা দিয়া হৈছে৷ আৰু যি কাকত আৰু চেনেলে প্ৰশ্ন কৰে সেই চেনেল কাকতৰ মালিকৰ নাম লৈ ভাবুকি দিছে৷

মুখ্যমন্ত্ৰীৰ শেহতীয়া আচৰণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ”যোৱা চাৰি-পাঁচদিনৰ পৰা মুখ্যমন্ত্ৰী চিন্তাত৷ শেষত যে বিদেশৰ কথাবোৰ ওলাই আহিব সেই কথা ধৰিবই পৰা নাছিল মুখ্যমন্ত্ৰীয়ে৷ সেই কাৰণে মুখ্যমন্ত্ৰী চিন্তিত, বিচলিত৷ বিদেশৰ সম্পত্তিৰ কথা যে ওলাই আহিব সেই কথা ভবা নাছিল। সেইকাৰণে মুখ্যমন্ত্ৰী পেনিক হৈ পৰিছে৷’’ লখিমপুৰত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যালয়ত আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ দায়িত্ব ল’ব নোৱাৰে৷ তেওঁ গৃহ বিভাগ চলাব নোৱাৰে৷ গৃহ বিভাগক তেওঁ নিজৰ বাহিনীৰ দৰে চলাইছে৷ যদি কাৰোবাক শত্ৰু বুলি গণ্য কৰে তেন্তে আৰক্ষী বাহিনী পঠিয়ায়৷ সকলোকে নিমাতে থাকিবলৈ কয়৷ এখন কাকত শিৱসাগৰত জ্বলাই দিলে৷ একচন নহ’ল৷ এজন সাংবাদিকক ভুৱা অভিযোগত জেলত ভৰালে৷ তেওঁলোকৰ মেৰুদণ্ড নাই৷ আজি আৰক্ষীৰ বলত ডাঙৰ ডাঙৰ কথা কৈছে৷ আৰক্ষীৰ বল আতৰি গ’লে, ক্ষমতাৰ বল আঁতৰাই দিলে হিমন্ত বিশ্ব শৰ্মা ফুচ হৈ যাব৷ আৰক্ষী আছে বাবে বাহাদুৰি দেখাই আছে৷ এক ছেকেণ্ড যদি আৰক্ষী নাথাকে, ক্ষমতা আৰু গৃহ বিভাগ আঁতৰাই দিয়া হয় হিমন্ত বিশ্ব শৰ্মাৰ বাস্তৱ মুখখন সকলোৱে দেখিব৷ আৰক্ষী আৰু গৃহবিভাগৰ ওপৰত নিৰ্ভৰ কৰি ইমান বাহাদুৰি দেখুওৱা, ভাবুকি দিয়াটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদেশ চলোৱাৰ যোগ্যতা নাই৷ মই পুনৰ প্ৰশ্ন কৰিছো যে আৰক্ষীয়ে কিমান কয়লা চিণ্ডিকেট কৰা মানুহক ধৰিলে সেই কথা ক’ব লাগে। যোৱা ৫ বছৰত গৰু চিণ্ডিকেট, শিল, কয়লা, বালি চিণ্ডিকেটৰ মানুহ ধৰিব পৰা নাই কিয় বুলিও প্ৰশ্ন কৰে গগৈয়ে। গৌৰৱ গগৈয়ে কয় যে চিণ্ডিকেটৰ পৰা টকা নি বিদেশত সম্পত্তি কৰিব লাগে বাবেই এনেকৈ সকলোবোৰ কৰি আছে। উল্লেখ্য যে, আজিৰ এই সংবাদমেলখনৰ আঁত ধৰে এপিচিচিৰ মিডিয়া বিভাগৰ বেদব্ৰত বৰাই আৰু সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ঋতুপৰ্ম কোঁৱৰৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শান্তনু বৰা, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, মুখপাত্ৰ গণেশ বৰ্মন আৰু ছাইজুদ্দিন আহমেদো উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd