• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহুৰ আনন্দৰ মাজতেই মৰ্মান্তিক অঘটন! তীব্ৰবেগী বাহনৰ খুন্দাত অকাল মৃত্যু দুজনকৈ যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2026 10:27 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ কাকপথাৰ অঞ্চলৰ লাজুম গাঁৱত শুকুৰবাৰে মাজনিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ থিতাতে মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাটোৰ পিছতেই শনিবাৰে পুৱাৰ ভাগত স্থানীয় ক্ষুব্ধ ৰাইজে কাকপথাৰ আৰক্ষী থানাৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নিহত যুৱক দুজন কাকপথাৰৰ প্ৰাণজিৎ দাস আৰু তেজী গাঁৱৰ শশাংক মৰাণ বুলি চিনাক্ত কৰা হৈছে।

প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বিহুৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। ৰাজপথৰ কাষত ৰখাই থোৱা এখন মটৰচাইকেলৰ ওপৰত বহি থকা অৱস্থাত এ এছ-০১ ভি ০৩৯৯ পঞ্জীয়ন নম্বৰৰ এখন তীব্ৰবেগী বলেৰ’ বাহনে যুৱক দুজনক মহতিয়াই নিয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দুয়োকে ততাতৈয়াকৈ সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে, নিহত প্ৰাণজিৎ দাস কাকপথাৰ ফুটবল ক’চিং চেণ্টাৰৰ এজন উদীয়মান গ’লৰক্ষক আছিল।

Apply Now

এই দুৰ্ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে বলেৰ’ বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। আনহাতে, এই ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ উদগীৰণ ঘটায় আৰু একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই নিৰাপত্তাহীনতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। প্ৰতিবাদকাৰীসকলে দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে ভুক্তভোগী পৰিয়াল দুটাক উপযুক্ত ক্ষতিপূৰণ দাবী জনায়।

প্ৰতিবাদকাৰীসকলৰ এই পথ অৱৰোধৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে হাজাৰ হাজাৰ যান-বাহন আৱদ্ধ হৈ পৰে আৰু যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু যাতায়াত স্বাভাৱিক কৰিবলৈ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ বিষয়াসকলে প্ৰতিবাদকাৰীসকলৰ সৈতে বৰ্তমানো আলোচনা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ঘাইপথটোৰ যান-জঁট সম্পূৰ্ণৰূপে মুকলি হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

August 17, 2026 4:41 pm
অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

অসমৰ বান সমস্যাক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ ঘোষণাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ অখিল গগৈৰ বিশেষ পত্ৰ

August 17, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd