• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন অধ্যায় আৰম্ভ! সামৰিক শক্তি বৃদ্ধিৰ বাবে ভাৰতত ৩ হাজাৰ ৰাছিয়ান সৈন্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:08 am
94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ৰাছিয়াৰ মাজত আৰম্ভ হৈছে এক নতুন অধ্যায়। দুয়োখন দেশৰ মাজত এক ঐতিহাসিক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে, য’ত ইখনে সিখনৰ ভূখণ্ডত ৩০০০ পৰ্যন্ত সৈন্য, সীমিত সংখ্যক যুদ্ধজাহাজ আৰু বিমান নিয়োগ কৰিব পাৰিব।

এই চুক্তিয়ে দুয়োখন দেশৰ দীৰ্ঘদিনীয়া কৌশলগত অংশীদাৰিত্বক গভীৰ আৰু বাস্তৱিক কৰি তুলিছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত স্বাক্ষৰিত এই চুক্তি চলিত বৰ্ষৰ ১২ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়।

Apply Now

শেহতীয়াকৈ ৰাছিয়াৰ চৰকাৰী আইনী তথ্য পৰ্টেলত প্ৰকাশিত নথি অনুসৰি এখন দেশৰ সেনাবাহিনীৰ সৰ্বাধিক ৩০০০ সদস্য, ১০খন সামৰিক বিমান আৰু ৫খন যুদ্ধজাহাজ একেলগে আনখন দেশৰ ভূখণ্ডত স্থাপন কৰিব পৰা যাব।

এই ব্যৱস্থা পাঁচ বছৰৰ বাবে বৈধ আৰু দুয়োপক্ষৰ সন্মতি সাপেক্ষে আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰিব পাৰি। এই চুক্তিৰ নাম হৈছে ইণ্ডো-ৰাছিয়ান ৰেচিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিকছ ছাপৰ্ট (RELOS)।

ই কেৱল সৈন্য নিয়োগৰ অনুমতি দিয়াই নহয়, যৌথ সামৰিক অনুশীলন, প্ৰশিক্ষণ, মানৱীয় সাহায্য, প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সৈতে মোকাবিলা কৰাত সহযোগিতাৰ বাবেও এক সম্পূৰ্ণ পৰিকাঠামো সৃষ্টি কৰে। ইয়াৰ উপৰিও সৈন্য, জাহাজ আৰু বিমানৰ লজিষ্টিক, কাৰিকৰী আৰু কাৰ্য্যকৰী সহায়ৰ বাবে বিশদ নিয়মসমূহ স্পষ্ট কৰা হৈছে। দুয়োখন দেশৰ মাজত এনে ব্যৱস্থা আগতে নাছিল। এতিয়ালৈকে যৌথ অনুশীলন অনুষ্ঠিত হৈছিল যদিও ইখনে সিখন দেশত স্থায়ী বা দীৰ্ঘম্যাদী থকাৰ সুযোগ সীমিত আছিল।

এতিয়া সেই সীমাবদ্ধতা অতিক্ৰম কৰি দুয়োখন দেশে ইখনে সিখনৰ মাটিত পোনপটীয়াকৈ সহযোগিতা আগবঢ়াব পাৰিব। বিশেষজ্ঞসকলে কয় যে ইয়াৰ ফলত কেৱল প্ৰতিৰক্ষা খণ্ডতে নহয়, দুয়োখন দেশৰ মাজত এক নতুন মাত্ৰাৰ আস্থাৰ সৃষ্টি কৰিছে। ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। স্বাধীনতাৰ পিছৰে পৰা ৰাছিয়া (তেতিয়াৰ ছোভিয়েট ইউনিয়ন) ভাৰতৰ অন্যতম প্ৰধান প্ৰতিৰক্ষা যোগানকাৰী দেশ। ভাৰতে ৰাছিয়াৰ পৰা ব্ৰাহ্মছ মিছাইল, এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম, ছু-৩০ যুঁজাৰু বিমানকে ধৰি অসংখ্য আধুনিক অস্ত্ৰ লাভ কৰিছে।

🚨🇮🇳🇷🇺 India and Russia agree to station up to 3K troops on each other’s territory

Up to 3,000 military personnel could be stationed on each other’s soil at any one time, in a significant boost to defence cooperation between the two long-standing strategic partners.

The… pic.twitter.com/YnD6XCCtY6

— Sputnik India (@Sputnik_India) April 18, 2026

এতিয়া এই চুক্তিৰ জৰিয়তে কেৱল ক্ৰয়-বিক্ৰয়ৰ বাবেই নহয়, যৌথ পৰিচালনা আৰু প্ৰশিক্ষণৰ বাবেও দুৱাৰ মুকলি কৰা হৈছে। বিশ্বৰ সাম্প্ৰতিক জটিল ভূ-ৰাজনৈতিক পৰিস্থিতিত এই পদক্ষেপক বহুতে স্পষ্ট বাৰ্তা হিচাপে দেখিছে।

যদিও পশ্চিমৰ সৈতে ভাৰতৰ সুসম্পৰ্ক আছে, তথাপিও ভাৰতে ৰাছিয়াৰ সৈতে থকা ঐতিহাসিক বন্ধুত্ব কেতিয়াও পৰিত্যাগ কৰা নাই। একেদৰে ৰাছিয়াই ভাৰতক নিজৰ আটাইতকৈ নিৰ্ভৰযোগ্য অংশীদাৰ বুলি গণ্য কৰে। এই চুক্তিয়ে সেই সম্পৰ্কক আৰু অধিক মজবুত কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd