অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা মানহানি গোচৰৰ সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেৰাই সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছে। শেহতীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে খেৰাই ৰিণিকি ভূঞা শৰ্মাৰ একাধিক পাছপ’ৰ্ট আৰু বিদেশত থকা সম্পত্তিৰ বিষয়ে কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত এই গোচৰটো তৰা হৈছিল। উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতাগৰাকীক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে অসমৰ এক উপযুক্ত আদালতত সকাহ বিচাৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই খেৰাই এই পদক্ষেপ গ্ৰহণ কৰিছে।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত পৱন খেৰাই এক সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল যে ৰিণিকি ভূঞা শৰ্মাৰ সংযুক্ত আৰৱ আমিৰশ্বাহী (ইউ.এ.ই), ইজিপ্ত, আৰু ক্ৰমে এন্টিগুৱা আৰু বাৰ্বুডাৰ পাছপ’ৰ্ট আছে। তদুপৰি, ২০২১ আৰু ২০২২ চনৰ ভিতৰত তেওঁ বিদেশী নাগৰিকত্ব লাভ কৰা বুলিও খেৰাই দাবী কৰিছিল। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী শপতনামাত পত্নীৰ বিদেশৰ সম্পত্তিৰ কথা উল্লেখ কৰা নাছিল বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰিছিল। এই অভিযোগসমূহক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ আখ্যা দি মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পত্নীয়ে দাবী কৰে যে এই তথ্যসমূহ ‘এ.আই’ (কৃত্রিম বুদ্ধিমত্তা)ৰ দ্বাৰা নিৰ্মিত আৰু ইয়াৰ উৎস হৈছে এটা পাকিস্তানী ইউটিউব চেনেল। ইয়াৰ পিছতেই ৰিণিকি ভূঞা শৰ্মাই খেৰাৰ বিৰুদ্ধে অপৰাধমূলক আৰু দেৱানী মানহানিৰ গোচৰ ৰুজু কৰে।
প্ৰথমাৱস্থাত, তেলেংগানা উচ্চ ন্যায়ালয়ে ১০ এপ্ৰিলত পৱন খেৰাক সীমিত ‘ট্ৰেনজিট’ অগ্ৰিম জামিন প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত অসম চৰকাৰৰ এক আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই জামিন স্থগিত ৰাখে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে কে মহেশ্বৰী আৰু অতুল এছ চান্দুৰকাৰৰ বিচাৰপীঠে খেৰাৰ অধিবক্তা অভিষেক মনু সিংভিয়ে কৰা অন্তৱৰ্তীকালীন সুৰক্ষাৰ দাবী নাকচ কৰি স্পষ্ট কৰি দিয়ে যে গুৱাহাটী উচ্চ ন্যায়ালয়েহে স্বাধীনভাৱে এই বিষয়টোৰ সিদ্ধান্ত ল’ব। ইফালে, গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৭ এপ্ৰিলত খেৰাৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা বিচাৰি অসম আৰক্ষীয়ে কৰা আৱেদন নাকচ কৰে। আদালতে উল্লেখ কৰে যে অপৰাধসমূহ ধৰ্তব্য আৰু জামিনবিহীন হোৱা হেতুকে আৰক্ষীৰ হাতত পৰোৱানা অবিহনেও গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ আছে, সেয়েহে বৰ্তমান পৰ্যায়ত এই পৰোৱানাৰ প্ৰয়োজন নাই।
বৰ্তমান সকলোৰে দৃষ্টি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওপৰত নিৱদ্ধ হৈ আছে। ন্যায়ালয়ে পৱন খেৰাৰ অগ্ৰিম জামিন আৱেদনৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী শুনানিতহে স্পষ্ট হ’ব।



