• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰক্ষীৰ জিম্মাত দিপাংকৰ গগৈৰ মৃত্যু! চিবিআই তদন্ত বিচাৰি পৰিয়ালৰ আবেদনৰ ভিত্তিত অসম চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2026 8:20 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ যুৱক দিপাংকৰ গগৈৰ আৰক্ষীৰ জিম্মাত নিৰ্যাতন আৰু মৃত্যুৰ অভিযোগৰ চিবিআই তদন্তৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেওঁৰ ভগ্নী ৰিমলী গগৈ শইকীয়া। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পৰিয়ালটোৱে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ আৰু যোৰহাটৰ প্ৰাক্তন আৰক্ষী অধীক্ষক মোহনলাল মীনাকে ধৰি পাঁচজন আৰক্ষী বিষয়ালৈ জাননী জাৰি কৰিছে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে। বিচাৰপীঠখনে তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত চলি থকা গোচৰৰ কাম-কাজ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইক এই গোচৰৰ এটা পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে। পৰিয়ালৰ তৰফৰ পৰা ভগ্নী ৰিমলী গগৈয়ে অভিযোগ কৰিছে যে যোৰহাট আৰু তিতাবৰ আৰক্ষীয়ে দিপাংকৰক অকথ্য নিৰ্যাতন চলাইছিল আৰু ইয়াৰ মূল অভিযুক্ত হৈছে তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মীনা। জাননী লাভ কৰা আন আৰক্ষী বিষয়াসকল হৈছে তিতাবৰৰ সেই সময়ৰ এছ ডি পি অ’ কাকলি পাটগিৰি, তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাস আৰু তদন্তকাৰী বিষয়া মিৰাজ দ’লে।

Apply Now

উল্লেখ্য যে, ২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰী সেনা শিবিৰৰ সমীপত এটা গ্ৰেনেড বিস্ফোৰণৰ ঘটনা ঘটিছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ২২ ডিচেম্বৰত যোৰহাটৰ বিৰিণাছায়েক গাঁৱৰ ২৪ বছৰীয়া যুৱক দিপাংকৰ গগৈক আটক কৰিছিল। পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে দিপাংকৰক অবৈধভাৱে তুলি নি জোৰকৈ দোষ স্বীকাৰ কৰিবলৈ ভয়ংকৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। আৰক্ষীৰ জেৰাৰ পৰা মুকলি হোৱাৰ কেইদিনমান পিছতে, অৰ্থাৎ ২০২৩ চনৰ ২৬ ডিচেম্বৰত দিপাংকৰৰ মৃতদেহ নিজ ঘৰৰ কাষতে ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। পৰিয়ালৰ দাবী যে আৰক্ষীৰ তীব্ৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি দিপাংকৰে আত্মহত্যাৰ পথ বাছি লৈছিল আৰু প্ৰাথমিক তদন্তৰ সময়ত তেওঁৰ শৰীৰত থকা আঘাতৰ চিনসমূহো আওকাণ কৰা হৈছিল।

এই সমগ্ৰ ঘটনাই সেই সময়ত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ এক তদন্তৰ নিৰ্দেশ দিছিল। চৰকাৰে পৰিয়ালটোলৈ ৩ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়াইছিল যদিও ভগ্নী ৰিমলী গগৈয়ে ইয়াক তেজৰ ধন বুলি অভিহিত কৰি প্ৰত্যাখ্যান কৰিছিল আৰু কেৱল ন্যায় বিচাৰিছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ এপ্ৰিল মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনশ ৰঞ্জন পাঠক আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীৰ বিচাৰপীঠে চৰকাৰক মৃতকৰ মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। বৰ্তমান উচ্চতম ন্যায়ালয়ত আৱেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা শ্বাহৰুখ আলমৰ লগতে অধিবক্তা আৰিফ জৱাদাৰ আৰু পৰশ নাথ সিঙে যুক্তি দৰ্শাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd