• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যোতি চিত্ৰবনত ‘মৰমৰ দেউতা’ৰ ট্ৰেইলাৰ, আনুষ্ঠানিক পোষ্টাৰ আৰু শীৰ্ষ গীত মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:48 am
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় কিশোৰ উপন্যাসৰ আধাৰত নিৰ্মিত বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ ‘মৰমৰ দেউতা’ৰ ট্ৰেইলাৰ, পোষ্টাৰ আৰু শীৰ্ষ  গীতটি দেওবাৰে জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানটোত ছবিখনৰ কলা-কুশলীসকলৰ লগতে চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

১৯৮৯-৯০চনত শিশু আলোচনী ‘সঁফুৰা’ত প্ৰকাশিত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ অন্যতম জনপ্ৰিয় সাহিত্যকৰ্ম ‘মৰমৰ দেউতা’ই যোৱা তিনিটা দশতকৈও অধিক কাল সকলো বয়সৰ পঢ়ুৱৈক আকৰ্ষিত কৰি আহিছে। ছবিখনে এই জনপ্ৰিয় কাহিনীটোক এক নতুন ৰূপত সমসাময়িক চিনেমাশৈলীৰ দৃষ্টিভংগীৰ সৈতে ৰূপালী পৰ্দালৈ অনাৰ প্ৰয়াস কৰিছে।

Apply Now

চিনেমাখনৰ মূল চৰিত্ৰসমূহত অভিনয় কৰিছে অসমীয়া চিনেমাত নৱাগত বোধিসত্ত্ব শৰ্মা, মিণ্টু বৰুৱা, অপৰ্ণা দত্ত চৌধুৰী, অৰুণ নাথ, গৌৰৱ বৰা, কুল কুলদীপ আদিকে ধৰি ন পুৰণি শিল্পীসকলে।

প্ৰয়াত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ সহধৰ্মিনী আৰু ড০ ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ পৰিচালন ট্ৰাষ্টী প্ৰীতি শইকীয়াই কয় যে, “ মৰমৰ দেউতা গ্ৰন্থখনক চিনেমাৰ ৰূপত দেখি মই অতিকৈ সুখী অনুভৱ কৰিছোঁ। ড: শইকীয়াই বৰ আন্তৰিকতাৰে এই কিশোৰ উপন্যাসখন ৰচনা কৰিছিল, যিয়ে বছৰ বছৰ ধৰি ভিন্ন বয়সৰ পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰি আহিছে। চিনেমাৰ জৰিয়তে কাহিনীটোক নতুন ৰূপত দেখা পোৱাটো এক বিশেষ অনুভৱ হিচাপে পৰিগণিত হ’ব আৰু নতুন প্ৰজন্মৰ দৰ্শকৰ ওচৰলৈ ড: শইকীয়াৰ কৰ্মৰাজিৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰতো ই অৰিহণা যোগাব।”

চিনেমাখনৰ প্ৰযোজক মমতা মহিলাৰীয়ে কয়, “এটা জনপ্ৰিয় কাহিনীক চিনেমাৰ ৰূপত আমি দৰ্শকৰ মাজলৈ লৈ আহিছোঁ আৰু আশা কৰিছোঁ ‘মৰমৰ দেউতা’ক সকলো দর্শকে আন্তৰিকতাৰে আদৰি ল’ব।”   

পৰিচালক হিমজ্যোতি তালুকদাৰে উল্লেখ কৰে যে, “ড: শইকীয়া ছাৰৰ এই অন্যতম সাহিত্য কীৰ্তিক চলচ্চিত্ৰ ৰূপ দিয়াটো আমাৰ বাবে এক গধুৰ দায়িত্ব আছিল লগতে আমাৰ বাবে আছিল এক গৌৰৱৰ বিষয়। গ্ৰন্থখনৰ মূল কাহিনীটোৰ আলম লৈ আমি চিনেমাখন বৰ্তমানৰ সময়ৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰিবলৈ এক আন্তৰিক প্ৰচেষ্টা কৰিছোঁ।”

উল্লেখযোগ্য যে ‘মৰমৰ দেউতা’ৰ শীৰ্ষ গীত ‘এদিন’ ত কণ্ঠদান কৰিছে নৱ প্ৰজন্মৰ জনপ্ৰিয় গায়ক বিশ্ৰুত শইকীয়াই, গীতৰ কথা লিখিছে গীতিকাৰ ইবছন লাল বৰুৱাই আৰু সুৰেৰে সজাইছে অৰ্ণৱ বশিষ্ঠই।

পৰিচালক হিমজ্যোতি তালুকদাৰে ইতিমধ্যে এক স্বকীয় শৈলীৰে নিৰ্মিত তেওঁৰ চিনেমা কেলেণ্ডাৰ (২০১৮) আৰু তাৰিখ (২০২৫) ৰ দ্বাৰা দৰ্শকৰ মাজত প্ৰশংসিত হৈছে। অহ ১৫ মে’ত অসমৰ সমূহ চিত্ৰগৃহত মুক্তি লাভ কৰিবলগীয়া চিনেমাখনে সকলো স্তৰৰ দৰ্শকৰ হৃদয় জয় কৰিব পাৰিব বুলি চিনেমাখনৰ লগত জড়িত কলা-কুশলীসকল আশাবাদী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd