২০২৬ চনৰ আই পি এলৰ মাজতে শ্ৰীলংকা ক্ৰিকেটত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। শ্ৰীলংকাৰ ১৯ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেট দলৰ দুগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি হোটেলৰ ভিতৰত মহিলাৰ গা ধুই থকা দৃশ্য গোপনে মোবাইলত ভিডিঅ’ কৰিছিল।
এই অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰীলংকাৰ ১৯ বছৰ অনুৰ্ধ দলটোৱে থকা কলম্বোৰ নাৰাহেনপিটা অঞ্চলৰ এখন হোটেলত সংঘটিত হৈছে এই ঘটনা। হঠাৎ এই অভিযোগ পোহৰলৈ অহাত সমগ্ৰ শ্ৰীলংকাৰ ক্ৰিকেট মহলত আলোড়নৰ সৃষ্টি হয়। যদিও ক্ৰিকেটাৰ দুগৰাকীৰ নাম এতিয়াও ৰাজহুৱা কৰা হোৱা নাই।
আৰক্ষীয়ে জনোৱা মতে, যুৱ ক্ৰিকেটাৰ দুগৰাকী দলৰ সৈতে একেখন হোটেলতে আছিল। হোটেলখনত থকা একাংশ মহিলাই বাথৰুমত গা ধুওঁতে মোবাইলত ভিডিঅ’ কৰা বুলি অভিযোগ কৰে। অভিযোগ লাভ কৰাৰ পিছতে নাৰাহেনপিটা আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ক্ৰিকেটাৰ দুজনক গ্ৰেপ্তাৰ কৰে। এই ভিডিঅ’সমূহ ইণ্টাৰনেটত প্ৰচাৰ হৈছে নে নাই সেই বিষয়েও এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
পিছত দুয়োকে আলুথগামা দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়। তাৰ পৰাই তেওঁলোকক ব্যক্তিগত জামিনত মুকলি কৰি দিয়া হয়। ক্ৰিকেটাৰ দুগৰাকীক ৫ লাখকৈ শ্ৰীলংকা টকাত জামিন লাভ কৰিছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১.৫ লাখ টকা। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৫ মে’ত হ’ব। কিন্তু শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে এতিয়াও কোনো ধৰণৰ অনুশাসনমূলক ব্যৱস্থাৰ কথা ঘোষণা কৰা নাই।
আৰক্ষীয়ে জনোৱা মতে, তদন্ত এতিয়াও অব্যাহত আছে। এই ঘটনা কিমান ব্যাপক আৰু কোনো ভিডিঅ’ অনলাইনত শ্বেয়াৰ কৰা হৈছে নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত বৃহৎ পৰিৱৰ্তন চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। পুৰণি প্ৰশাসনক অপসাৰণৰ বাবে গঠন কৰা হৈছে এখন সংস্কাৰ সমিতি। এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন সাংসদ অৰুণ বিক্ৰামৰাত্নেক। ইয়াৰ উপৰিও এই কমিটীত কুমাৰ ছাংগাকৰা, ৰোশন মহানামা আৰু সিদ্ধাথ ৱেট্টিমুনীও আছে।
এই সমিতিৰ দায়িত্ব এতিয়া ব’ৰ্ডখন পুনৰ গঠন কৰি ভৱিষ্যতে এনেধৰণৰ ঘটনা সংঘটিত হ’লে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা। ফলত ক্ৰিকেটাৰ দুগৰাকীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ লোৱা হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।





