• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰীজ ভূষণৰ বিৰুদ্ধে ডাঙৰ বিস্ফোৰণ: ছয়গৰাকী নিৰ্যাতিতাৰ ভিতৰত ময়ো এগৰাকী বুলি স্বীকাৰোক্তি বিনেশ ফোগাটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:29 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত এক ডাঙৰ বিস্ফোৰণ ঘটিছে। দেশৰ আগশাৰীৰ মল্লযুঁজাৰু বিনেশ ফোগাটে ৰাজহুৱাভাৱে এক ভিডিঅ’ যোগে স্বীকাৰ কৰিছে যে ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা ছয়গৰাকী নিৰ্যাতিতা মহিলাৰ ভিতৰত তেওঁ অন্যতম। ৩ মে’ দেওবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বিনেশে নিজৰ পৰিচয় এই গোচৰৰ ভুক্তভোগী হিচাপে প্ৰকাশ কৰে।

🇮🇳🙏 pic.twitter.com/hQrGmMLMrS

— Vinesh Phogat (@Phogat_Vinesh) May 3, 2026

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ভুক্তভোগীৰ পৰিচয় গোপন ৰখাৰ নিয়ম থকাৰ পিছতো বিনেশে কিয় এনেদৰে মুখ খুলিবলৈ বাধ্য হ’ল, সেই বিষয়েও তেওঁ স্পষ্ট কৰিছে। ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে আগন্তুক প্ৰতিযোগিতা আৰু ট্ৰাইল উত্তৰ প্ৰদেশৰ গোণ্ডাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে। গোণ্ডা হৈছে ব্ৰীজ ভূষণৰ নিজা দুৰ্গ আৰু এই ট্ৰাইল তেওঁৰ নিজা ব্যক্তিগত মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব। বিনেশৰ মতে, এনে এটা পৰিৱেশত কোনো খেলুৱৈয়েই নিৰপেক্ষ বিচাৰ আৰু ন্যায্য প্ৰতিযোগিতা আশা কৰিব নোৱাৰে।

Apply Now

বৰ্তমানৰ ফেডাৰেচনৰ মুৰব্বী সঞ্জয় সিঙৰ জৰিয়তে ব্ৰীজ ভূষণে এতিয়াও মল্লযুঁজ ফেডাৰেচন নিয়ন্ত্ৰণ কৰি আছে বুলি বিনেশে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতিযোগিতাত কোনে ৰেফাৰী হ’ব আৰু কোনে কিমান পইণ্ট পাব, সেই সকলোবোৰ ব্ৰীজ ভূষণৰ মানুহে নিয়ন্ত্ৰণ কৰিব বুলি তেওঁ আশংকা প্ৰকাশ কৰিছে। আটাইতকৈ দুখজনক কথাটো হ’ল, চৰকাৰ আৰু ক্ৰীড়া মন্ত্ৰালয়ে এই সকলোবোৰ দেখিও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে বুলি তেওঁ আক্ষেপ কৰে।

২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পিছত প্ৰায় ১৮ মাহৰ বিৰতিৰ অন্তত মেটলৈ ঘূৰি আহিবলৈ বিনেশে কঠোৰ পৰিশ্ৰম কৰি আছে। কিন্তু যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দি আছে, সেই ব্যক্তিগৰাকীৰ নিজৰ ঠাইলৈ গৈ প্ৰতিযোগিতাত ভাগ লোৱাটো এগৰাকী মহিলাৰ বাবে কিমান মানসিক আৰু শাৰীৰিকভাৱে কষ্টকৰ, সেয়া তেওঁ ভিডিঅ’টোত বৰ্ণনা কৰিছে। এনে পৰিস্থিতিত তেওঁ নিজৰ এশ শতাংশ দিব পাৰিব নে নাই, তাক লৈও তেওঁৰ মনত সন্দেহ উপজিছে।

উল্লেখযোগ্য যে ২০২৩ চনত নতুন দিল্লীৰ যন্তৰ মন্তৰত ব্ৰীজ ভূষণৰ বিৰুদ্ধে হোৱা তীব্ৰ প্ৰতিবাদৰ মূল নেতৃত্ব দিছিল বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াই। সেই সময়ত আৰক্ষীয়ে তেওঁলোকক ৰাজপথত টানি নিয়াৰ দৃশ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। নাবালিকাৰ গোচৰত ব্ৰীজ ভূষণে ৰেহাই পালেও, বিনেশকে ধৰি আন পাঁচগৰাকী প্ৰাপ্তবয়স্ক মহিলা মল্লযুঁজাৰুৰ সৈতে জড়িত যৌন নিৰ্যাতনৰ এই গুৰুতৰ গোচৰটো বৰ্তমানো আদালতত বিচাৰাধীন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm
অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm
মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

August 11, 2026 11:50 am
২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

August 11, 2026 10:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm
অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd