তামিলনাডু বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগামে এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। নিৰ্বাচনত মুঠ ১০৮খন আসন লাভ কৰি বিজয়ে সকলোকে স্তম্ভিত কৰি দিছে যদিও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৮খন আসনৰ সংখ্যাতকৈ তেওঁ অলপ পিছ পৰি আছে। চৰকাৰ গঠনৰ স্বাৰ্থত এতিয়া বিজয়ে কংগ্ৰেছ, বাওঁপন্থী দল আৰু আন কেইবাটাও সৰু দলৰ সৈতে মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। বৰ্তমান ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁটত থকা কংগ্ৰেছ, ভিপিকে, চিপিআই আৰু চিপিআই এম দৰে দলসমূহক নিজৰ ফলীয়া কৰি বিজয়ৰ টিভিকে দলে এখন শক্তিশালী মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ প্ৰচেষ্টা চলাইছে।
বিজয়ৰ পিতৃ এছ এ চন্দ্ৰশেখৰে ইতিমধ্যে কংগ্ৰেছ দলক মুকলিকৈ আহ্বান জনাইছে যাতে তেওঁলোকে টিভিকেৰ সৈতে হাত মিলায়। তেওঁ উল্লেখ কৰিছে যে কংগ্ৰেছে হেৰুৱাই পেলোৱা শক্তি উদ্ধাৰ কৰিবলৈ বিজয়ৰ সৈতে মিত্ৰতা কৰাটো এক সোণালী সুযোগ হ’ব পাৰে। আনহাতে কংগ্ৰেছৰ সাংসদ শশীকান্ত সেন্থিলে জনাইছে যে তেওঁলোকৰ দলে তামিলনাডুৰ ৰাইজৰ স্বাৰ্থ আৰু দলীয় আদৰ্শক প্ৰাধান্য দিহে এই সন্দৰ্ভত যিকোনো সিদ্ধান্ত ল’ব। বৰ্তমানলৈকে কংগ্ৰেছে ডিএমকেৰ সৈতে মিত্ৰতা অটুট থকাৰ কথা ক’লেও কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশৰ ওপৰতহে ভৱিষ্যতৰ পদক্ষেপ নিৰ্ভৰ কৰিব বুলি তেওঁ ইংগিত দিছে।
এই নিৰ্বাচনত বছৰ বছৰ ধৰি চলি অহা ডিএমকে আৰু এআইএডিএমকেৰ আধিপত্য সম্পূৰ্ণৰূপে ভাঙি পৰিছে। মুখ্যমন্ত্ৰী এম কে ষ্টালিনে নিজৰ সমষ্টি কোলাথুৰত পৰাজয় বৰণ কৰাৰ বিপৰীতে তেওঁৰ দল ডিএমকে মাত্ৰ ৫৯খন আসন লাভ কৰি বিৰোধী পক্ষত বহিবলৈ বাধ্য হৈছে। ইফালে এআইএডিএমকে মাত্ৰ ৪৭খন আসন লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হৈছে। অভিনেতা বিজয়ে নিজে পেৰাম্বুৰ আৰু তিৰুচিৰাপল্লী পূব দুয়োটা সমষ্টিৰ পৰাই বিশাল জয় সাব্যস্ত কৰিছে। প্ৰায় ৩৫ শতাংশ ভোট লাভ কৰা টিভিকে দলে ২০২৪ চনত গঠন হোৱাৰ মাত্ৰ দুবছৰৰ ভিতৰতে ৰাজ্যখনৰ ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হোৱাটো এক ঐতিহাসিক ঘটনা হিচাপে পৰিগণিত হৈছে।





