• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ফলাফল স্বীকাৰ কৰি চৰকাৰক সকীয়নি গৌৰৱ গগৈৰ : শক্তিশালী বিৰোধীৰ ভূমিকা পালনৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:23 am
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া নিৰ্বাচনৰ ফলাফলক বিনম্ৰতাৰে স্বীকাৰ কৰি লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সভাপতি হিচাপে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ বিজয়ী বিজেপি দল আৰু তেওঁলোকৰ নেতৃত্বক শুভেচ্ছা জ্ঞাপন কৰে। যোৱা পাঁচ বছৰত বিজেপিয়ে যিবোৰ সমস্যা সমাধান কৰিব নোৱাৰিলে, সেইবোৰ নতুন চিন্তাৰে সমাধান কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ তেওঁ আহ্বান জনায়। ইয়াৰ উপৰিও নিৰ্বাচনত সহায় কৰা সকলো নিষ্ঠাৱান কৰ্মী, সমৰ্থক, সামাজিক মাধ্যমৰ দল আৰু কেন্দ্ৰীয় নেতৃত্বক তেওঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

নিৰ্বাচনত আশা কৰা ধৰণে আসন লাভ নকৰিলেও মানসিকভাৱে হাৰ মনা নাই বুলি স্পষ্ট কৰি দি গগৈয়ে কয় যে পৰৱৰ্তী সময়ত কংগ্ৰেছে এক সৱল বিৰোধী দলৰ ভূমিকা পালন কৰি যাব। চৰকাৰে যেতিয়াই ৰাইজক ভয়-ভাবুকি দি বিপদত পেলাবলৈ চেষ্টা কৰিব, তেতিয়াই কংগ্ৰেছ সাধাৰণ নাগৰিকৰ কাষত থিয় দিব। চৰকাৰৰ দুৰ্নীতি আৰু গাফিলতিৰ ওপৰত দলৰ তীক্ষ্ণ নজৰ থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে বিৰোধী অবিহনে লোকতন্ত্ৰ জীয়াই নাথাকে। সেয়েহে, ৰাইজৰ সুৰক্ষা কৱচ আৰু লোকতান্ত্ৰিক অস্ত্ৰ হিচাপে কংগ্ৰেছে কাম কৰি যাব। ফলাফলৰ পৰ্যালোচনাৰ বাবে আগন্তুক ৯ মে’ত সকলো বিধায়ক আৰু প্ৰাৰ্থীক লৈ এখন বিশেষ বৈঠকৰ আহ্বান কৰা হৈছে বুলিও তেওঁ জনায়।

Apply Now

আনহাতে, সংবাদমেলত গৌৰৱ গগৈয়ে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ভূমিকা আৰু ইভিএমক লৈ গভীৰ সন্দেহ প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ বিজেপি নেতৃত্বই গণতন্ত্ৰতকৈ ‘এক দেশ এক দল’ নীতিতহে বিশ্বাস কৰে, যাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰু সংস্থাসমূহৰ নিৰপেক্ষতা শেষ কৰাৰ প্ৰয়াস চলিছে। ৰাইজে এই অভাবনীয় ভোটৰ ব্যৱধানক সহজভাৱে ল’ব পৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশতে নিৰ্বাচনী স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। নিৰ্বাচন নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ আইন আনি মেম’ৰি নথকাৰ দোহাই দি চিচিটিভি ফুটেজ সংৰক্ষণৰ সময়সীমা হ্ৰাস কৰা কাৰ্যকো তেওঁ তীব্ৰ সমালোচনা কৰে।

যোৰহাট সমষ্টিৰ পৰাজয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে দলৰ সভাপতি হিচাপে সমগ্ৰ ৰাজ্যত সময় দিবলগীয়া হোৱাৰ বাবে তেওঁ যোৰহাটত পৰ্যাপ্ত প্ৰচাৰ চলাব নোৱাৰিলে। তেওঁ যোৰহাটৰ বিজয়ী প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীক শুভেচ্ছা জ্ঞাপন কৰে। অনাগত দিনত কংগ্ৰেছ দুৰ্বল হোৱাৰ পৰিৱৰ্তে অধিক শক্তিশালী ৰূপত ৰাইজৰ মাজলৈ যাব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সমালোচনাৰ প্ৰতি গুৰুত্ব নিদি চৰকাৰৰ ভুল-ক্ৰটিসমূহ আঙুলিয়াই দিয়াৰ লগতে ‘নতুন বৰ অসম’ৰ সংকল্প ৰূপায়নৰ বাবে দল প্ৰতিশ্ৰুতিবদ্ধ বুলি গগৈয়ে উল্লেখ কৰে। উক্ত সংবাদমেলত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদ উপস্থিত থকাৰ বিপৰীতে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অনুষ্ঠানটোৰ আঁত ধৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd