বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) নিৰ্ণায়ক বিজয়ৰ পিছত বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে।
ইয়াৰ লগে লগে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্ৰশস্ত হৈছে। দিনৰ ভাগত মুখ্য নিৰ্বাচনী বিষয়াই ৰাজ্যপালক নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে দাখিল কৰাৰ পিছতে শৰ্মাই এই পদত্যাগ পত্ৰ প্ৰদান কৰে। সাংবিধানিক পদ্ধতি অনুসৰি চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে।
১২৬ জনীয়া বিধানসভাৰ নিৰ্বাচনত মুঠ ১০২ খন আসন লাভ কৰি এন ডি এ মিত্ৰজোঁটে ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে শাসনলৈ আহিবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বাধিক ৮২ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০ খনকৈ আসন লাভ কৰিছে। শাসকীয় মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰীৰ মুখ হিচাপে থকা হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হ‘ব বুলি আশা কৰা হৈছে।
কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নড্ডা আৰু বৈজয়ন্ত পাণ্ডাৰ তত্বাৱধানত অতি সোনকালে বিজেপিৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে য‘ত আনুষ্ঠানিকভাৱে দলীয় নেতা নিৰ্বাচন কৰা হ‘ব।
ইয়াৰ পিছতে ৰাজ্যপালে এন ডি এক নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব। বিৰোধীৰ সন্দৰ্ভত শৰ্মাই পুনৰ উল্লেখ কৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯ জন বিধায়ক থকা স্বত্বেও তেওঁলোকে বিৰোধী দলৰ নেতাৰ পদৰ বাবে যোগ্যতা অৰ্জন নকৰিবও পাৰে কাৰণ বৰ্তমানৰ নিয়ম অনুসৰি ইয়াৰ বাবে নূন্যতম ২২ জন বিধায়কৰ প্ৰয়োজন। এনে পৰিস্থিতিত বিভিন্ন দলবোৰৰ নিজা বিধায়িনী নেতা থাকিব যদিও বিধানসভাত কোনো আনুষ্ঠানিকভাৱে স্বীকৃত বিৰোধী দলৰ নেতা নাথাকিবও পাৰে।





