কেন্দ্ৰই ঘোষণা কৰিলে দেশৰ পৰৱৰ্তী সেনা প্ৰধানৰ নাম। কেন্দ্ৰই লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিক ভাৰতৰ নতুন চীফ অফ ডিফেঞ্চ ষ্টাফ হিচাপে নিযুক্তি দিছে। তেওঁ জেনেৰেল অনিল চৌহানৰ স্থলাভিষিক্ত হ’ব।
সেনা প্ৰধান হিচাপে ৩০ মে’ত অনিল চৌহানৰ কাৰ্যকাল শেষ হ’ব। তেওঁৰ পিছতে এই পদ গ্ৰহণ কৰিব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে। তদুপৰি তেওঁ দায়িত্ব লোৱাৰ তাৰিখৰ পৰা আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰাজা সুব্ৰমণিয়ে ৩৫ বছৰতকৈও অধিক সময় ধৰি সেনা বাহিনীৰ সৈতে জড়িত হৈ আছে। যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাম কৰি আহিছে।
ইয়াৰ পূৰ্বে তেওঁ চেণ্ট্ৰেল কমাণ্ডৰ ভাইচ চিফ অৱ আৰ্মী ষ্টাফ আৰু জিঅ’চি-ইন-চি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও পশ্চিম আৰু উত্তৰ সীমান্তৰ মূল অপাৰেচনেল ইউনিটসমূহৰ কমাণ্ডৰ দায়িত্বত আছিল।
২০২৩ চনত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল যোগেন্দ্ৰ ডিমৰিৰ পিছত সুব্ৰমণিয়ে চেণ্ট্ৰেল কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে দায়িত্ব গ্ৰহণ কৰে। এবছৰৰ পাছত তেওঁ সেনাবাহিনীৰ ৪৭ নং ভাইচ চীফ অফ ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰে।
সক্ৰিয় সামৰিক সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ৰ সামৰিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়, যিটো পদত তেওঁ আজিলৈকে আছে।
দেশৰ প্ৰতি তেওঁৰ অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে সুব্ৰমণিয়ে পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা পদক আৰু বিশিষ্ট সেৱা পদক বঁটা লাভ কৰিছে।
ইয়াৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৰৱৰ্তী নৌসেনাৰ মুৰব্বী কোন হ’ব সেই কথাও ঘোষণা কৰে। ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনক এই পদত নিযুক্তি দিয়া হৈছে। বৰ্তমান তেওঁ ভাৰতীয় নৌসেনাৰ এফওচি-ইন-চি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অহা ৩১ মে’ত অৱসৰ গ্ৰহণ কৰিবলগীয়া এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীৰ পিছত স্বামীনাথনে দায়িত্ব ল’ব।





