• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

যৌনতা, মৃত্যু আৰু শেষত বিশ্বাসঘাতকতা : উত্তৰ কোৰিয়াৰ চিনেমাত কাহানিও নেদেখা এক দৃশ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 6:45 am
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াৰ চলচ্চিত্ৰ জগতত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে যিয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। দেশখনৰ নতুন চিনেমা ডেইজ এণ্ড নাইটছ অফ কনফ্ৰন্টেশনে দৰ্শকক তবধ মানিবলৈ বাধ্য কৰিছে কাৰণ ইয়াত এনে কিছুমান দৃশ্য দেখুওৱা হৈছে যিবোৰ ৰাষ্ট্ৰীয়ভাৱে অনুমোদিত চিনেমাত আগতে কল্পনাও কৰিব পৰা নগৈছিল। চিনেমাখনত এজন ব্যক্তিক প্লাষ্টিকৰ বেগৰে ডিঙি চেপি হত্যা কৰাৰ পৰা আৰম্ভ কৰি আত্মঘাতী বোমাৰ জেকেট আৰু বিবাহৰ বাহিৰৰ সম্পৰ্কৰ দৰে নিষিদ্ধ বিষয়বোৰ মুকলিকৈ দেখুওৱা হৈছে। আনকি কাহিনীত এজন স্বামীয়ে নিজৰ পত্নীক ছুৰীৰে আঘাত কৰা আৰু আংশিক নগ্নতাৰ দৰে দৃশ্যও অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে উত্তৰ কোৰিয়াৰ সমাজত প্ৰচলিত পুৰণি নীতি-নিয়মবোৰ যেন ভাঙি পেলাইছে। যোৱা বছৰ চিনেমা হলত দৰ্শকৰ ব্যাপক ভিৰ হোৱাৰ পিছত চলিত মাহত যেতিয়া ইয়াক চৰকাৰী টেলিভিছনত প্ৰচাৰ কৰা হ’ল তেতিয়া ই এক বিশাল দৰ্শকগোষ্ঠীৰ কাষ চাপিবলৈ সক্ষম হ’ল।

এই চিনেমাখনৰ কাহিনী ২০০০ চনৰ মাজভাগৰ এক ৰাজনৈতিক আৰু ব্যক্তিগত বিশ্বাসঘাতকতাৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। ইয়াৰ আটাইতকৈ চাঞ্চল্যকৰ দিশটো হ’ল দেশখনৰ প্ৰয়াত নেতা কিম জং ইলৰ ট্ৰেইনখন বোমাৰে উৰুৱাই দি হত্যা কৰাৰ এক ষড়যন্ত্ৰক কাহিনীৰ মূল অংশ হিচাপে লোৱা হৈছে। উত্তৰ কোৰিয়াৰ দৰে কঠোৰ শাসনৰ দেশত এদশক আগতেও এনে ধৰণৰ সেন্সৰশ্বিপ পাছ কৰাটো অসম্ভৱ আছিল। কিন্তু এই চিনেমাখনক চৰকাৰীভাৱে এক সন্মানীয় প্ৰযোজনা হিচাপে গণ্য কৰা হৈছে আৰু পিয়ংইয়ং চলচ্চিত্ৰ মহোৎসৱত ই শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ শব্দ বিন্যাসৰ বঁটাও লাভ কৰিছে। অৱশ্যে এই সকলো আধুনিকতাৰ মাজতো চিনেমাখনৰ মূল বাৰ্তা একেই আছে যে ৰাষ্ট্ৰৰ সৈতে বিশ্বাসঘাতকতা কৰিলে ধ্বংস অনিবাৰ্য আৰু একমাত্ৰ আনুগত্যই হ’ল সুৰক্ষিত পথ।

Apply Now

চিনেমাখনৰ নিৰ্মাণশৈলী পূৰ্বৰ ছবিবোৰৰ তুলনাত বহুত উন্নত আৰু দ্ৰুতগতিসম্পন্ন যিয়ে হলিউডৰ থ্ৰিলাৰ চিনেমাৰ দৰে সোৱাদ দিয়ে। বিশেষজ্ঞসকলৰ মতে কিম জং উনৰ চৰকাৰে হয়তো অনুভৱ কৰিছে যে তৰুণ প্ৰজন্মৰ মনোযোগ ধৰি ৰাখিবলৈ পুৰণি আৰু একঘেয়েমি প্ৰচাৰমূলক ছবি এতিয়া আৰু কামত নাহিব। বিশেষকৈ ২০০৪ চনত চীন সীমান্তৰ ওচৰত ৰিয়ংচন ষ্টেচনত ঘটা এক বাস্তৱ বিস্ফোৰণৰ ঘটনাৰ সৈতে এই ছবিৰ কাহিনীৰ মিল আছে যিটো ঘটনাই এতিয়াও দেশখনত এক ৰহস্য হিচাপে পৰিগণিত হৈ আছে। ছবিখনৰ জৰিয়তে চৰকাৰে এইটোও দেখুৱাব বিচাৰিছে যে খলনায়ক কেৱল বিদেশী শক্তিয়েই নহয় বৰঞ্চ সমাজৰ ভিতৰৰে কোনো বিশ্বাসী মানুহো হ’ব পাৰে।

উত্তৰ কোৰিয়াৰ চিনেমাৰ ইতিহাসলৈ চালে দেখা যায় যে ১৯৬০ৰ পৰা ৮০ৰ দশকলৈকে তাত কেৱল বিপ্লৱী যুদ্ধ আৰু কিম পৰিয়ালৰ গুণগান গাণ কৰা মেলোড্ৰামা ধৰণৰ চিনেমাহে নিৰ্মাণ কৰা হৈছিল। কিম জং ইলের শাসনকালত তেওঁ নিজ দেশৰ চিনেমাৰ মানদণ্ড উন্নত কৰিবলৈ এজন দক্ষিণ কোৰিয়াৰ পৰিচালক আৰু এজনী অভিনেতাক অপহৰণ কৰি আনিবলৈও কুণ্ঠাবোধ কৰা নাছিল। বৰ্তমানৰ যুগত স্মার্টফোন আৰু ইণ্টাৰনেটৰ প্ৰসাৰৰ ফলত উত্তৰ কোৰিয়াৰ ডেকা-গাভৰুসকলে অবৈধভাৱে দক্ষিণ কোৰিয়াৰ নাটক আৰু গান উপভোগ কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে চৰকাৰে এফালে কঠোৰ আইন কৰিছে আৰু আনফালে নিজ দেশৰ চিনেমাৰ জৰিয়তে আমোদজনক অথচ চৰকাৰী প্ৰচাৰধৰ্মী বিষয়বোৰ তৰুণ প্ৰজন্মৰ ওচৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে। ডেইজ এণ্ড নাইটছ অফ কনফ্ৰন্টেশন নামৰ এই চিনেমাখন সেই নতুন কৌশলৰে এক গুৰুত্বপূৰ্ণ নিদৰ্শন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd