কাইলৈ অসমৰ ৰাজনীতিত এক ডাঙৰ দিন। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই বিশাল আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ দেশৰ পৰা বহু গণ্য-মান্য ব্যক্তিৰ আগমন ঘটিছে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহানৰ দৰে শীৰ্ষ পৰ্যায়ৰ নেতাসকল উপস্থিত থাকিব। এই অনুষ্ঠানত অংশ ল’বলৈ ইতিমধ্যে বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা আহি অসমত উপস্থিত হৈছেহি।
এই শপতগ্ৰহণ অনুষ্ঠান কেৱল কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজতেই সীমাবদ্ধ নাথাকে, বৰঞ্চ দেশৰ বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়েও ইয়াত ভাগ ল’ব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, মিজোৰামৰ পু লালদুহোমা, মণিপুৰৰ য়ুম্নাম খেমানন্দ সিং, মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নৱিছ, ছত্তীশগড়ৰ বিষ্ণু দেউ ছাই, ৰাজস্থানৰ ভজন লাল শৰ্মা, অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰবাবু নাইডু, উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামী, মধ্য প্ৰদেশৰ ড০ মোহন যাদৱ, মেঘালয়ৰ কনৰাড কে চাংমা, ওড়িশাৰ মোহন চৰণ মাঝি, গোৱাৰ ড০ প্ৰমোদ সাৱন্ত, বিহাৰৰ সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ নেইফিউ ৰিঅ’ই এই অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ লগতে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু স্বাস্থ্য মন্ত্ৰী ব্ৰজেশ পাঠক, অৰুণাচল প্ৰদেশৰ চৌনা মেইন, মধ্য প্ৰদেশৰ ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেৱড়া, ৰাজস্থানৰ ড০ প্ৰেম চান্দ বৈৰৱা আৰু দিয়া কুমাৰী তথা ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী কে. ভি. সিং দেউৱেও অংশ ল’ব।
ৰাজনৈতিক নেতাসকলৰ উপৰিও দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতিয়ে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেৱল দেশৰ ভিতৰৰ বিশিষ্ট লোকখিনিয়েই নহয়, কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতেও ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুষ্ঠানত ভাগ ল’ব। ইমান বৃহৎ সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অতিথিৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক এক ঐতিহাসিক ৰূপ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া কাইলৈৰ এই গুৰুত্বপূৰ্ণ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে।





