অসমৰ কাব্য জগতৰ এগৰাকী প্ৰতিভাশালী কবি তথা জনপ্ৰিয় শিশু সাহিত্যিক জোনমণি দাসৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ডিব্ৰুগড়ৰ মেডিচিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল কবিগৰাকী। তেওঁৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পেলাইছে।
১৯৮৫ চনৰ ৩১ মে’ত শিৱসাগৰত জন্মগ্ৰহণ কৰা জোনমণি দাস সাম্প্ৰতিক সময়ৰ এজন অত্যন্ত জনপ্ৰিয় কবি আছিল। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত বিখ্যাত পষেকীয়া আলোচনী ‘প্ৰান্তিক’ৰ সম্পাদনা বিভাগত কৰ্মৰত আছিল। দাসে শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ শিৱসাগৰৰ পৰা প্ৰকাশিত শিশু আলোচনী ‘আমাৰ জোনবাই’ৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ‘প্ৰান্তিক’ত যোগদান কৰি অসমীয়া সাহিত্যৰ সেৱাত ব্ৰতী হৈছিল।
কবিতাৰ জৰিয়তে অসমীয়া কাব্য জগতত এক সুকীয়া পৰিচয় গঢ়ি তোলা জোনমণি দাসৰ কেইবাখনো উল্লেখযোগ্য কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত স্বপ্নবাক বৰষুণ (২০০৭), জলস্তম্ভ (২০১৪), উৰণীয়া ছাঁ (২০১৬), নিনাদিত নিৰ্জনতা (২০১৬), মৈথুনৰত মাছ (২০১৭), সমকামী সূৰ্য (২০২০) আৰু শেহতীয়াকৈ ২০২৩ চনত প্ৰকাশিত টেঙেচী ফুলৰ টোপনি অন্যতম। তেওঁ কেৱল ডাঙৰৰ বাবেই নহয়, শিশুসকলৰ বাবেও বহুতো শুৱলা পদ্য ৰচনা কৰিছিল। তেওঁৰ কাব্যিক প্ৰতিভাই অসমৰ সাহিত্যিক সমাজত বিশেষ সমাদৰ লাভ কৰিছিল।
মৃত্যুৰ সময়ত জোনমণি দাসে পত্নীৰ লগতে এটি পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি গৈছে। তেওঁৰ মৃত্যুত ৰাজ্যৰ বিদ্ব্যৎ মহলত গভীৰ শোকৰ ছাঁ পৰিছে। বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তেও বহু লোকে কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক প্ৰকাশ কৰিছে। তেওঁৰ বিয়োগে অসমীয়া সাহিত্য জগতত এক অপূৰণীয় ক্ষতি কৰি থৈ গ’ল।





