৩৫১ ৰান সংগ্ৰহ কৰিও জয়ী হ’ব নোৱাৰিলে টীম ইণ্ডিয়াই। কে এল ৰাহুলৰ অনবদ্য শতকো অথলে গ’ল। শ্বাই হোপৰ ১৬২ ৰানৰ অপৰাজিত ইনিংছৰ সহায়ত ‘নিয়মৰক্ষাৰ’ মেচত ৱেষ্ট ইণ্ডিজে টিম ইণ্ডিয়াক ৫ উইকেটত পৰাস্ত কৰে। কেৱল ৰাহুলৰে নহয়, ৰোহিত শৰ্মাৰ ৯২ ৰানৰ ইনিংছও অথলে গ’ল। ২-১ ব্যৱধানত শৃংখলা জয় কৰাৰ পাছতো যোৱা মেচখনত দলটোৰ একাধিক দুৰ্বলতা উন্মোচিত হয়।
দুদিন পূৰ্বে গুৱাহাটীত এদিনীয়া ক্ৰিকেটত সৰ্বোচ্চ ৰান খেদি ভাৰতে জয়লাভ কৰিছিল। শনিবাৰে কেৰিবিয়ান দলটোৱে এক অভিলেখ গঢ়িলে। এখন মেচত ইমান ৰান খেদি জয়ী হোৱাৰ তেওঁলোকৰ এদিনীয়া ক্ৰিকেট ইতিহাসত কোনো দৃষ্টান্ত নাছিল।
ইতিমধ্যে ছিৰিজত জয়লাভ কৰাত শ্বুবমান গিলে টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত খেলপথাৰত বলাৰসকলৰ বাবে সামান্য সুবিধা আছিল। সেই সুযোগ ব্যৱহাৰ কৰি জেডেন ছিলছে দুটা আঘাত হানে। একেৰাহে দুটা বলত শুভমন (১) আৰু বিৰাট কোহলী (০)ক আউট কৰে। ৰোহিতেও আৰম্ভণিতে নিজৰ সাধাৰণ ছন্দেৰে খেলিব পৰা নাছিল। প্ৰতি অভাৰত তিনিতকৈও কম ৰান আহি আছিল।
অৱশ্যে হিটমেনে ক্ৰমান্বয়ে গিয়াৰ সলনি কৰিলে। তেওঁ ৰুতুৰাজ গায়েকোৱাদৰ সৈতে যুটী বান্ধি ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এনে লাগিছিল যেন গুৱাহাটীৰ পাছত ইয়াতো শতক অৰ্জন কৰিব। কিন্তু ৮৫ বলত ৯২ ৰান সংগ্ৰহ কৰি ৰোহিতে কিমো পলৰ বলত আউট হয়। ৰুতুৰাজে ৫৭ ৰান সংগ্ৰহ কৰে। অৱশ্যে তেওঁ চাৰিবাৰকৈ জীৱনদান পায়।
এটা সময়ত এনে লাগিছিল যে ২৫০ ৰাণো কঠিন হ’ব। তাৰ পৰাই ৰাহুলে মেচখন ঘূৰাই দিলে। তেওঁ নমন ধীৰ, নীতিশ ৰেড্ডী, আৰু অংশুল কম্বোজৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি ইনিংছ টানি নিছিল। চলিত শৃংখলাত প্ৰথমবাৰৰ বাবে বেটিং কৰাৰ সুযোগ পোৱাৰ পাছত তেওঁ শতক অৰ্জন কৰে। শেষত ৰাহুলে ৮৭টা বলত ১২৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ ইনিংছত আছিল ১০টা চাৰি আৰু ৬টা ছয়। ভাৰতে ৫০ অভাৰত ৭ উইকেটত ৩৫১ ৰান সংগ্ৰহ কৰে।
প্ৰত্যুত্তৰত হোপে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেলিছিল। অৱশ্যে ভাৰতীয় দলটোৱে তেওঁক আগতীয়াকৈ জীৱন দিয়ে। আনকি ২০ ৰানৰ আগতেই গুৰনুৰ ব্ৰাৰে এটা সহজ কেচ পেলায়। সেই সুযোগৰ বাবে টীম ইণ্ডিয়াই মূল্য ভৰিব লগা হৈছিল। মহম্মদ ছিৰাজে জন কেম্পবেলক ১০ ৰানত ঘূৰাই পঠিয়ায়।
কিন্তু আমিৰ জাংগুৱে আকৌ এবাৰ ভাল খেলিলে। হোপৰ সৈতে ১০৯ ৰানৰ পাৰ্টনাৰশ্বিপৰ অন্তত তেওঁ ৬৭ ৰানত আউট হয়। তাৰ পিছত হোপে শ্বাৰফেন ৰাদাৰফোৰ্ড আৰু কিমো পলৰ সৈতে যুটী গঢ়ি তোলে। ৰাদাৰফোৰ্ডে ২৪ ৰান আৰু পলে ৪৪ ৰান সংগ্ৰহ কৰে। এফালে উইকেট পৰিলেও হোপক ৰখাব পৰা নগ’ল।
নিয়ৰত বল তিতি যোৱাৰ লগে লগে ভাৰতীয় বলাৰৰ কাম অধিক কঠিন হৈ পৰে। মিডল অভাৰত তেওঁলোকে উইকেট ল’ব পৰা নাছিল। শেষত ১০টা বল বাকী থকা অৱস্থাত হোপে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত জয়ী কৰি খেলপথাৰৰ পৰা ওলাই আহে। তেওঁৰ ১৪৩ বলত অপৰাজিত ১৬২ ৰাণৰ ইনিংছটোৱে ভাৰতৰ হোৱাইটৱাশ্বৰ স্বপ্ন মষিমূৰ কৰিলে।
এই মেচখনে আকৌ এবাৰ দেখুৱাই দিলে যে হাৰ্দিক পাণ্ডিয়াৰ দৰে অল ৰাউণ্ডাৰৰ অভাৱ কিমান ডাঙৰ সমস্যা। বেটিঙৰ সমান্তৰালকৈ পঞ্চম বলাৰৰ অভাৱতো ভুগিছে ভাৰত। নীতিশ ৰেড্ডীক হাৰ্দিকৰ বিকল্প হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে যদিও সেই ঠাই এতিয়াও পূৰণ হোৱা নাই। বিশ্বকাপৰ পূৰ্বে এই সমস্যা শীঘ্ৰে সমাধান কৰিব নোৱাৰিলে গৌতম গম্ভীৰৰ দলটোৰ ওপৰত চাপ বাঢ়িব।
সংক্ষিপ্ত স্কোৰঃ
ভাৰতঃ ৩৫১/৭ (কে এল ৰাহুল ১২৯, ৰোহিত ৯২, জেডেন ৬২/৩, কিমো ৭১/২)
ৱেষ্ট ইণ্ডিজঃ ৩৫২/৫ (হোপ ১৬২, আমিৰ ৬৭, নমন ৩৩/১, ছিৰাজ ৫২/১)
ৱেষ্ট ইণ্ডিজে ৫ উইকেটত জয়লাভ কৰে।





