• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কেৱল হাওঁফাওঁ নহয়, সমগ্ৰ শৰীৰৰ শত্ৰু ধূমপান : এতিয়াই সাৱধান নহলে বিপদ নিশ্চিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2026 6:45 am
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান বুলিলে আমাৰ মনলৈ প্ৰথমেই হাওঁফাওঁৰ ক্ষতি বা হাওঁফাওঁৰ কেঞ্চাৰৰ কথা আহে। কিন্তু শেহতীয়াভাৱে চিকিৎসকসকলে এক ভয়ংকৰ তথ্য সদৰী কৰিছে। তেওঁলোকৰ মতে ধঁপাতৰ বিষে কেৱল হাওঁফাওঁৰে নহয় বৰঞ্চ শৰীৰৰ প্ৰায় প্ৰতিটো অংগকে লাহে লাহে ধ্বংস কৰি পেলায়। বিশেষকৈ ১৫ বিধতকৈও অধিক কেঞ্চাৰৰ বাবে ধূমপান পোনপটীয়াকৈ দায়ী হ’ব পাৰে। আটাইতকৈ চিন্তনীয় বিষয়টো হ’ল এই ক্ষতিৰ প্ৰক্ৰিয়াটো শৰীৰৰ ভিতৰত অতি মনে মনে বহু বছৰ ধৰি চলি থাকে যাৰ ফলত মানুহে ইয়াৰ উমান পোৱাৰ আগতেই বিপদত ভৰি দিয়ে।

বিশেষজ্ঞসকলৰ মতে এটা চিগাৰেটৰ ধোঁৱাত ৭০ বিধতকৈও অধিক কেঞ্চাৰ সৃষ্টিকাৰী বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে। যেতিয়া এজন ব্যক্তিয়ে ধূমপান কৰে তেতিয়া এই বিষাক্ত উপাদানবোৰ কেৱল হাওঁফাওঁতে আবদ্ধ হৈ নাথাকে। তেজৰ জৰিয়তে এইবোৰ সমগ্ৰ শৰীৰত বিয়পি পৰে আৰু এটাৰ পিছত এটাকৈ অংগবোৰ আক্ৰান্ত কৰিবলৈ আৰম্ভ কৰে। এই মাৰাত্মক অভ্যাসৰ বাবে মুখ, জিভা, ডিঙি, খাদ্যনলী, পাকস্থলী, অগ্ন্যাশয়, লিভাৰ, কিডনী, মূত্ৰাশয়, জৰায়ুমুখ আৰু ডিম্বাশয়ৰ দৰে অংগবোৰত ক্যানসাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। আনকি তেজৰ ক্যানসাৰৰ দৰে জটিল ৰোগৰ আঁৰতো ধূমপানৰ প্ৰভাৱ থাকে বুলি জানিব পৰা গৈছে।

Apply Now

অনেকে হয়তো আচৰিত হ’ব পাৰে যে ধূমপানৰ সৈতে মূত্ৰাশয় বা কিডনীৰ কেঞ্চাৰৰ সম্পৰ্ক কি। প্ৰকৃততে চিগাৰেটৰ বিষাক্ত ৰাসায়নিকবোৰ যেতিয়া কিডনীয়ে তেজৰ পৰা চেকি উলিয়াই দিয়ে তেতিয়া সেইবোৰ প্ৰস্ৰাৱৰ সৈতে মূত্ৰাশয়লৈ আহে। ইয়াৰ ফলত সেই বিষাক্ত পদাৰ্থবোৰে দীৰ্ঘদিন ধৰি মূত্ৰাশয়ৰ বেৰত আঘাত কৰি থাকে আৰু শেষত কেঞ্চাৰৰ সৃষ্টি কৰে। ধূমপানে কেৱল কোষ নষ্টই নকৰে বৰঞ্চ আমাৰ শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু কোষ মেৰামতি কৰাৰ শক্তিটোও দুৰ্বল কৰি পেলায়।

আমাৰ দেশত বিশেষকৈ মুখ আৰু ডিঙিৰ কেঞ্চাৰৰ সংখ্যা অতি আশংকাজনক। ইয়াৰ কাৰণ কেৱল চিগাৰেটেই নহয় বৰঞ্চ গুটখা, জৰ্দা বা ধোঁৱাবিহীন ধঁপাতৰ ব্যৱহাৰো সমানেই দায়ী। এনে ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ কথা কোৱা, আহাৰ গিলা বা উশাহ লোৱাতো প্ৰচণ্ড কষ্ট হয়। ইয়াৰ উপৰিও যিসকল লোকে নিজে ধূমপান নকৰে কিন্তু ধূমপায়ীৰ ওচৰত থাকে তেওঁলোকৰ বাবেও বিপদ কম নহয়। এই পৰোক্ষ ধূমপানৰ ফলত পৰিয়ালৰ শিশু আৰু বৃদ্ধসকলৰ হৃদৰোগ আৰু ফুসফুসৰ গুৰুতৰ সমস্যা হ’ব পাৰে।

অৱশ্যে ইমানবোৰ বিপদৰ মাজতো এটা আশাৰ ৰেঙণি আছে। যদি এজন ব্যক্তিয়ে আজিৰ পৰাই ধূমপান ত্যাগ কৰে তেন্তে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ শৰীৰে নিজে নিজেই সুস্থ হোৱাৰ কাম আৰম্ভ কৰি দিয়ে। লাহে লাহে হাওঁফাওঁৰ কাৰ্যক্ষমতা বাঢ়ে, তেজ চলাচল উন্নত হয় আৰু কেঞ্চাৰৰ আশংকা কমিবলৈ ধৰে। যিহেতু নিকোটিন এবিধ নিচাযুক্ত দ্ৰব্য সেয়ে ইয়াক ত্যাগ কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ বা বিশেষ থেৰাপীৰ সহায় ল’ব লাগে। মনত ৰাখিব ধূমপান ত্যাগ কৰাটো কেৱল এটা অভ্যাস ত্যাগ কৰাই নহয় বৰঞ্চ নিজৰ জীৱনটোক এক নতুন সুযোগ দিয়াৰ দৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

November 29, 2026 9:47 pm
২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

November 29, 2026 8:23 pm
সুৰক্ষিতনে নাগৰিকৰ তথ্য? ভাৰতৰ ‘ডিজিট’ প্লেটফৰ্মত গুৰুতৰ ছাইবাৰ ত্ৰুটি ধৰা পেলালে চাৰ্ট-ইনে; জাৰি কৰিলে উচ্চ স্তৰৰ সতৰ্কবাণী

সুৰক্ষিতনে নাগৰিকৰ তথ্য? ভাৰতৰ ‘ডিজিট’ প্লেটফৰ্মত গুৰুতৰ ছাইবাৰ ত্ৰুটি ধৰা পেলালে চাৰ্ট-ইনে; জাৰি কৰিলে উচ্চ স্তৰৰ সতৰ্কবাণী

November 29, 2026 7:41 pm
“ভূপেন হাজৰিকাই কেতিয়াও শাসকৰ স্তুতি গোৱা নাছিল!” দিল্লীত শতবৰ্ষৰ সামৰণি অনুষ্ঠানক লৈ বাক্-স্বাধীনতাৰ প্ৰশ্ন তুলিলে অখিল গগৈয়ে

“ভূপেন হাজৰিকাই কেতিয়াও শাসকৰ স্তুতি গোৱা নাছিল!” দিল্লীত শতবৰ্ষৰ সামৰণি অনুষ্ঠানক লৈ বাক্-স্বাধীনতাৰ প্ৰশ্ন তুলিলে অখিল গগৈয়ে

November 29, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

November 29, 2026 9:47 pm
২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

November 29, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd