• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্য: ৩০ লাখ টকাত হৈছিল চুক্তি, ৰাজস্থানত আটক দুই ভাই-ককাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2026 1:28 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা নিট ইউজিৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ পুনৰ এবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ৰাজস্থানৰ পৰা মঙ্গিলাল আৰু দীনেশ বিৱাল নামৰ দুই ভাই-ককাইক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, যোৱা ২৬ এপ্ৰিলত পৰীক্ষাৰ এসপ্তাহ পূৰ্বে গুৰুগ্ৰামৰ এজন চিকিৎসকৰ পৰা তেওঁলোকে ৩০ লাখ টকাৰ বিনিময়ত নিটৰ প্ৰশ্নকাকত ক্ৰয় কৰিছিল। ইয়াৰ পিছত ২৯ এপ্ৰিলত এই প্ৰশ্নকাকত আন বহু লোকৰ ওচৰত বৃহৎ ধনৰ বিনিময়ত বিক্ৰী কৰা হৈছিল। অভিযুক্ত দুই ভাতৃ ৰাজস্থানৰ জামৱা ৰামগড়ৰ বাসিন্দা আৰু তেওঁলোকৰ এজনে চিকাৰত মেডিকেল প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। তদন্তকাৰীৰ মতে, এই অঞ্চলটোৱেই আছিল প্ৰশ্নকাকত ফাদিলৰ মূল কেন্দ্ৰবিন্দু।

অভিযোগ অনুসৰি, ৰামগড়ৰ পৰা এই প্ৰশ্নকাকত এমবিবিএছ কাউন্সিলিং এজেন্ট ৰাকেশ কুমাৰ মাণ্ডাৱাৰিয়াৰ হাতলৈ গৈছিল। ৰাকেশে এই প্ৰশ্নকাকত চহৰৰ ডাঙৰ ডাঙৰ কোচিং ইনষ্টিটিউটসমূহত বিক্ৰী কৰাৰ লগতে কেৰালাৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰকো ৩০ হাজাৰ টকাত যোগান ধৰিছিল। এইদৰেই এটা নেটৱৰ্কৰ জৰিয়তে প্ৰশ্নকাকত চাৰিওফালে বিয়পি পৰে। ৰাজস্থান আৰক্ষীৰ সূত্ৰৰ মতে, নাছিকৰ এটা ছপাশালৰ পৰাই এই প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু তাৰ পৰাই গুৰুগ্ৰামৰ চিকিৎসকজনৰ হাতলৈ প্ৰশ্ন গৈছিল। আটক কৰা দুই ভাতৃক সোধা-পোছা কৰাৰ পিছত পোহৰলৈ আহিছে যে তেওঁলোকে এমাহ আগৰ পৰাই প্ৰশ্নকাকত ফাদিল হ’ব বুলি জানিছিল। ইয়াৰে দীনেশ নামৰ এজন এটা ৰাজনৈতিক দলৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে।

Apply Now

যোৱা ৩ মে’ত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা বা এনটিএ-ৰ দ্বাৰা পৰিচালিত এই পৰীক্ষাত প্ৰায় ২৩ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। কিন্তু ৰাজস্থানত দেখা গৈছিল যে পৰীক্ষাৰ বহু আগতেই একাংশ শিক্ষাৰ্থীৰ হাতত সম্ভাব্য প্ৰশ্নকাকত আহি পৰিছিল। আৰক্ষীৰ শীৰ্ষ বিষয়া বিশাল বনশনৰ মতে, সেই সম্ভাব্য প্ৰশ্নকাকতখনত থকা ৪১০টা প্ৰশ্নৰ ভিতৰত ১২০টা ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰৰ বিকল্পসমূহো মূল প্ৰশ্নকাকতৰ সৈতে হুবহু মিলি গৈছিল। আন এক সূত্ৰই দাবী কৰিছে যে ২৮১টা প্ৰশ্নৰ ভিতৰত ১৩৫টা প্ৰশ্নই আচল প্ৰশ্নকাকতৰ সৈতে একে আছিল। এই ঘটনাই দেশৰ শিক্ষা ব্যৱস্থাত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে।

এই কেলেংকাৰীক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱালে। ২০২৪ চনৰ নিট পৰীক্ষাতো এনেধৰণৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছিল আৰু পুনৰ একেটা ঘটনাৰ পুনৰাবৃত্তি হোৱাক লৈ বিৰোধীয়ে সৰৱ হৈ পৰিছে। এই বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই ৩ মে’ত অনুষ্ঠিত হোৱা নিট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। প্ৰশ্নকাকত ফাদিলৰ এই সমগ্ৰ গোচৰৰ তদন্তৰ দায়িত্ব এতিয়া চিবিআইক অৰ্পণ কৰা হৈছে। যাৰ ফলত দেশৰ লাখ লাখ মেধাৱী শিক্ষাৰ্থীয়ে এতিয়া পুনৰবাৰ এই পৰীক্ষাত বহিবলগীয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd