বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে উচ্চতম ন্যায়ালয়ত পুনৰ মুখথেকেচা খাবলগীয়া হয়। শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উন্নাও ধৰ্ষণ গোচৰত তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ডৰ স্থগিতাদেশ নাকচ কৰে। এই গোচৰৰ নতুন শুনানিৰ বাবে পুনৰ দিল্লী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে।
যোৱা বছৰৰ ডিচেম্বৰ মাহত দিল্লী উচ্চ ন্যায়ালয়ে ধৰ্ষণ কাণ্ডত দোষী সাব্যস্ত হোৱা কুলদীপৰ যাৱজ্জীৱন কাৰাদণ্ড চৰ্তসাপেক্ষে স্থগিত ৰাখিছিল। এই নিৰ্দেশ পোহৰলৈ অহাৰ পিছত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে চিবিআইয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।
সেই আবেদনত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল। তদুপৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰ খণ্ড বিচাৰপীঠে কয় যে চেংগাৰৰ দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে আবেদনৰ শুনানি তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব, নহ’লে শাস্তি নিলম্বনৰ আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ে নতুন আদেশ জাৰি কৰিব লাগিব।
এই গোচৰত চিবিআইয়ে উল্লেখ কৰিছিল যে এজন বিধায়ক মানে তেওঁ সমাজৰ এজন প্ৰভাৱশালী ব্যক্তি। যদি তেওঁ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সেয়া এক জঘন্য অপৰাধ। আনহাতে, চেংগাৰৰ অধিবক্তাই যুক্তি দিছিল যে গোচৰৰ নথি অনুসৰি ঘটনাৰ সময়ত ভুক্তভোগী মহিলা নাবালক নাছিল। অৱশ্যে সেই দাবী নাকচ কৰে চি বি আইয়ে।
এই গোচৰত উচ্চ ন্যায়ালয়ে কৈছিল যে বিধায়কজনক চৰকাৰী কৰ্মচাৰী বুলি গণ্য কৰিব নোৱাৰি। গতিকে তেওঁৰ বিৰুদ্ধে কঠোৰ ধাৰা আৰোপ কৰাটো সম্ভৱ নহয়। কিন্তু উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ যুক্তি সমৰ্থন কৰা নাছিল।
উল্লেখ্য যে ২০১৯ চনত উন্নাওত নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত চিবিআইৰ বিশেষ আদালতে কুলদীপক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এই গোচৰত ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত হেঁচা আৰু হাৰাশাস্তিৰ অভিযোগে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে গোচৰটোৰ সৈতে জড়িত একাধিক অভিযোগৰ তদন্ত কৰি আহিছে। ভুক্তভোগীৰ পিতৃৰ মৃত্যুৰ সৈতে জড়িত এক সুকীয়া গোচৰত কুলদীপক ২০২০ চনত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।চলিত বছৰৰ আৰম্ভণিতে সেই গোচৰতো শাস্তি স্থগিত ৰখাৰ বাবে কুলদীপৰ আবেদন নাকচ কৰা হৈছিল।





