• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ আহ্বান মৰ্মে সপ্তাহত দুদিন ৱৰ্ক ফৰ্ম হোম কৰিব উচ্চতম ন্যায়ালয়ে! সঁচাকৈয়ে আৰ্থিক জৰুৰীকালিন অৱস্থালৈ গতি কৰিছে নেকি দেশে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 9:45 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশত ইন্ধন ৰাহিৰ বাবে এইবাৰ আগবাঢ়ি আহিছে ভাৰতৰ উচ্চতম ন্যায়ালয়। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পাছত এইবাৰ দেশৰ শীৰ্ষ আদালতে শক্তি সংৰক্ষণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ভার্চুৱেল শুনানি, ন্যায়াধীশসকলৰ বাবে কাৰপুল ব্যৱস্থা আৰু কৰ্মচাৰীসকলৰ বাবে সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোম বা ঘৰৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। এই সকলোবোৰৰ মূল লক্ষ্য হৈছে ইন্ধনৰ খৰচ কমোৱা আৰু দেশৰ সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা।

উচ্চতম ন্যায়ালয়ৰ সচিব প্ৰধান ভৰত পৰাশৰে জাৰি কৰা এটা বিতং নিৰ্দেশনাত কোৱা হৈছে যে কেন্দ্ৰীয় কৰ্মী আৰু প্ৰশিক্ষণ বিভাগে যোৱা ১২ মে’, ২০২৬ তাৰিখে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিতেই এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। নতুন নিয়ম অনুসৰি সোমবাৰ, শুকুৰবাৰ আৰু অন্যান্য যিবোৰ দিনক মিচলেনিয়াচ ডে’ হিচাপে গণ্য কৰা হয়, সেই দিনবোৰত আদালতত শাৰীৰিকভাৱে উপস্থিত থকাৰ কোনো প্ৰয়োজন নাই। সেই দিনবোৰত সকলো শুনানি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্পন্ন কৰা হ’ব। আনকি গৰমৰ বন্ধ বা আংশিক কামৰ দিনতো কেৱল ভার্চুৱেল শুনানিহে চলিব। ইয়াৰ বাবে ৰেজিষ্ট্ৰীক সঠিক সময়ত ভিডিঅ’ কনফাৰেন্সৰ লিংক যোগান ধৰিবলৈ আৰু কাৰিকৰী সমস্যাসমূহ দ্ৰুতগতিত সমাধান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Apply Now

ইন্ধন ৰাহি কৰাৰ এই অভিযানৰ অংশ হিচাপে উচ্চতম ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশসকলেও এতিয়াৰ পৰা কাৰপুলিং কৰিবলৈ অৰ্থাৎ একেলগে গাড়ী ব্যৱহাৰ কৰিবলৈ সন্মত হৈছে। আদালতৰ তৰফৰ পৰা জনোৱা হৈছে যে ইয়াৰ ফলত ইন্ধনৰ অপচয় যথেষ্ট হ্ৰাস পাব আৰু চৰকাৰী কামত বাহনৰ ব্যৱহাৰ অধিক ফলপ্ৰসূ হ’ব। ইয়াৰ উপৰি ৰেজিষ্ট্ৰীৰ প্ৰতিটো শাখাৰ ৫০ শতাংশ কৰ্মচাৰীয়ে সপ্তাহত দুদিনকৈ ঘৰৰ পৰা কাম কৰাৰ সুযোগ পাব।

অৱশ্যে বাকী কৰ্মচাৰীসকল আদালতত উপস্থিত থাকিব লাগিব যাতে ন্যায়ালয়ৰ স্বাভাৱিক কাম-কাজত কোনো ব্যাঘাত নজন্মে। ৰেজিষ্ট্ৰাৰসকলক এই গোটেই প্ৰক্ৰিয়াটোৰ বাবে এটা সাপ্তাহিক ৰোষ্টাৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছে আৰু ঘৰৰ পৰা কাম কৰা কৰ্মচাৰীসকলৰ কামৰ গতিৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে ঘৰৰ পৰা কাম কৰি থকা লোকসকলক যিকোনো সময়তে অফিচলৈ মাতি পঠাব পৰা যাব।

উল্লেখ্য যে মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ বাবে বৰ্তমান বিশ্ব বজাৰত ইন্ধনৰ নাটনি আৰু মূল্যবৃদ্ধিৰ এক আশংকা সৃষ্টি হৈছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে দেশবাসীক ডিজেল আৰু পেট্ৰ’লৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনাইছিল। তেওঁ জনসাৱাৰণক যিমান পাৰি মেট্ৰ’ ৰে’ল ব্যৱহাৰ কৰিবলৈ, কাৰপুলিং কৰিবলৈ আৰু ৱৰ্ক ফ্ৰম হোমৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছিল। প্ৰধানমন্ত্ৰীয়ে আনকি বিদেশ ভ্ৰমণৰ পৰিৱৰ্তে নিজ দেশৰ ভিতৰতে ভ্ৰমণ কৰিবলৈও পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰীয়ে নিজেও শেহতীয়া ভ্ৰমণৰ সময়ত নিজৰ কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰি এক আদৰ্শ দাঙি ধৰিছে। বৰ্তমান বিজেপি শাসিত কেইবাখনো ৰাজ্যৰ লগতে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপৰ পৰা এটা কথা স্পষ্ট যে সঁচাই দেশৰ অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে গতি কৰিবলৈ আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd