আৰ্জেন্টিনাৰ পৰা যাত্ৰা আৰম্ভ কৰা এম ভি হন্ডিয়াছ নামৰ এখন জাহাজত শেহতীয়াকৈ হান্টাভাইৰাছৰ প্ৰাদুৰ্ভাৱক লৈ সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈ কেইবাজনৰো মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মে’ মাহৰ প্ৰথম সপ্তাহলৈকে ৮ জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩ জনৰ মৃত্যু ঘটিছে। ইয়াৰ পাছতেই জনসাধাৰণৰ মনত প্ৰশ্ন উঠিছে যে এই হান্টাভাইৰাছ কি ক’ৰোনাৰ দৰেই ভয়াৱহ হ’ব পাৰে নেকি।
অৱশ্যে চিকিৎসকসকলে স্পষ্ট কৰি দিছে যে ই কোভিদৰ দৰে নহয়। এই বিশেষ জাহাজখনত হোৱা সংক্ৰমণ আছিল এণ্ডিজ ভাইৰাছ নামৰ এক প্ৰকাৰৰ হান্টাভাইৰাছ। দক্ষিণ আমেৰিকাত পোৱা এই বিশেষ প্ৰজাতিটোৱেই একমাত্ৰ হান্টাভাইৰাছ যিটো এজন মানুহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।
কোৰিয়ান যুদ্ধৰ সময়ত হান্টান নদীৰ নামত প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱা এই ভাইৰাছটো মূলতঃ নিগনি বা আন সৰু জন্তুৰ পৰা বিয়পে। সংক্ৰমিত প্ৰাণীৰ মূত্ৰ, মল বা লালটিৰ শুকান কণা উশাহৰ জৰিয়তে গ্ৰহণ কৰিলে মানুহৰ দেহত ই প্ৰৱেশ কৰে। সাধাৰণতে শুকান আৰু গ্ৰাম্য পৰিৱেশত এই ভাইৰাছ বেছিকৈ পোৱা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ই কোভিদৰ দৰে কোনো নতুন মহামাৰীৰ সূচনা নহয় আৰু বৈজ্ঞানিক পৰীক্ষাত দেখা গৈছে যে সাধাৰণ মানুহৰ বাবে ইয়াৰ আশংকা খুবেই কম। ফ্লু বা কোভিদ এজনৰ পৰা আন এজনলৈ অতি দ্ৰুতগতিত বিয়পিব পাৰে কিন্তু হান্টাভাইৰাছৰ সংক্ৰমণৰ বাবে বহুত ঘনিষ্ঠ সম্পৰ্কৰ প্ৰয়োজন হয়।
কোভিদ আৰু হান্টাভাইৰাছৰ কাম কৰা পদ্ধতিও সম্পূৰ্ণ বেলেগ। কোভিদ ভাইৰাছে ডিঙি আৰু শ্বাসনলীৰ ওপৰৰ অংশত সংক্ৰমণ কৰে বাবে হাঁচি বা কাহৰ জৰিয়তে ই অতি সহজে বিয়পে। আনহাতে হান্টাভাইৰাছে হাওঁফাওঁৰ গভীৰতাত আৰু ৰক্তবাহী নলীৰ আস্তৰণতহে আক্ৰমণ কৰে। সেইবাবে সংক্ৰমিত ব্যক্তিজনে হাঁচি মাৰিলেও বা কাহিলেও বতাহলৈ খুব কম সংখ্যক ভাইৰাছহে নিৰ্গত হয়। ইয়াৰ উপৰি কোভিদ বা ফ্লুৰ দৰে ভাইৰাছবোৰ অতি সোনকালে নিজৰ ৰূপ সলনি কৰিব পাৰে কিন্তু হান্টাভাইৰাছ তুলনামূলকভাৱে অধিক স্থিৰ। এই ভাইৰাছত আক্ৰান্ত হ’লে প্ৰথম অৱস্থাত জ্বৰ, ক্লান্তি, পেশীৰ বিষ আৰু মূৰ ঘূৰোৱাৰ দৰে লক্ষণ দেখা যায়। অৱস্থা গুৰুতৰ হ’লে হাওঁফাওঁত পানী জমা হৈ শ্বাসকষ্টৰ সৃষ্টি হ’ব পাৰে। ২০২৫ চনত আঠখন দেশত প্ৰায় ২২৯ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছিল আৰু ৫৯ জনৰ মৃত্যু হৈছিল।
ভাৰতত হান্টাভাইৰাছৰ প্ৰাদুৰ্ভাৱ তেনেই নগণ্য। তথাপিও সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। ঘৰত যাতে নিগনি বা আন জীৱ-জন্তুৱে বংশবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে পাকঘৰ আৰু মজুত কৰি থোৱা স্থানবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। খাদ্যবস্তু সদায় ঢাকি ৰখা উচিত। ইয়াৰ উপৰি গ্ৰাম্য বা পাহাৰীয়া অঞ্চললৈ ফুৰিবলৈ গ’লে পুৰণি বা পৰিত্যক্ত ঘৰত প্ৰৱেশ কৰাৰ আগতে যাতে তাত বতাহ চলাচলৰ সঠিক ব্যৱস্থা থাকে সেই কথা নিশ্চিত কৰা ভাল। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছক লৈ আতংকিত হোৱাতকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকাটোহে অধিক জৰুৰী।





