চিৰাং জিলাৰ বিজনী-কোকলুং পথত শুকুৰবাৰে (১৫ মে’) নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চিআইএছএফৰ এজন জোৱান আৰু তেওঁৰ পত্নী নিহত হয়।
খবৰ অনুসৰি, এ এছ ২৬ এফ ২২২৯ নম্বৰৰ পঞ্জীয়ন নম্বৰৰ এখন দ্ৰুতবেগী চুইফট গাড়ীয়ে পিছফালৰ পৰা স্কুটাৰ এখনত খুন্দা মৰাৰ ফলত এই মাৰাত্মক দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
দুৰ্ঘটনাটোত অনমিকা পাটগিৰি ৰায় নামৰ স্কুটি আৰোহীজনৰ থিতাতে মৃত্যু হয়। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীত কৰ্মৰত স্বামী ৰাহুল ৰায়ৰ পৰৱৰ্তী সময়ত বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পাতলত আঘাতপ্ৰাপ্ত অৱস্থাত মৃত্যুবৰণ কৰে। অলপতে ছুটী লৈ ঘৰলৈ উভতি আহিছিল ৰাহুল ৰায়।
এই ঘটনাত তেওঁলোকৰ একমাত্ৰ কন্যা কস্তুৰী ৰায় গুৰুতৰভাৱে আহত হোৱাৰ লগতে বৰ্তমান লৱাৰ আছাম হাস্পাতলত চিকিৎসাধীন হৈ আছে।
সূত্ৰসমূহে জনোৱা মতে ৰাহুল ৰায়, অনমিকা পাটগিৰি ৰায় আৰু তেওঁলোকৰ কন্যাই নিজ গাঁৱৰ এটা মন্দিৰত বাৰ্ষিক পূজাৰ সামৰণি অনুষ্ঠানত অংশ লৈ ভূমকিপাৰাত থকা নিজৰ বাসগৃহলৈ উভতি আহি থকা অৱস্থাত উত্তৰ শিলবাৰীত সংঘটিত হয় এই দুৰ্ঘটনা।
ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চাৰিচকীয়া বাহনখনৰ চালকজনে পলায়ন কৰা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে দুৰ্ঘটনাটোৰ লগত জড়িত বাহনখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।





