• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিনৰ ভয় দেখুৱাই একাধিক ধৰ্ষণ-নিৰ্যাতন; ভাৰতীয় ইমামক যাৱজ্জীৱন কাৰাদণ্ড ব্ৰিটেইনৰ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 1:54 pm
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মীয় পৰিচয়ৰ আঁৰত ভয়, বিশ্বাস আৰু অন্ধ বিশ্বাসক আহিলা হিচাপে ব্যৱহাৰ কৰি এটা ভয়ংকৰ অপৰাধ চক্ৰ চলি আছিল। পূব লণ্ডনৰ এজন ইমামক তেওঁৰ ‘অলৌকিক শক্তি’ৰ কাহিনী কৈ বছৰ বছৰ ধৰি মহিলা আৰু কিশোৰীক ফান্দত পেলাই যৌন নিৰ্যাতন চলোৱাৰ চাঞ্চল্যকৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। মুঠ সাতগৰাকী ভুক্তভোগীৰ এই দীৰ্ঘদিনীয়া নিৰ্যাতনে ভয়, প্ৰতাৰণা আৰু ক্ষমতাৰ ভয়ানক অপব্যৱহাৰৰ এক নিৰ্মম ছবি উন্মোচন কৰিছে।

বৃহস্পতিবাৰে লণ্ডনৰ স্নেয়াৰ্ছব্ৰুক ক্রাউন ক’ৰ্টত এই গোচৰৰ চূড়ান্ত ৰায় ঘোষণা কৰা হয়। ন্যায়াধীশ লেছলি কাথবাৰ্টে অভিযুক্তৰ এই আচৰণক ক্ষমতাৰ নিষ্ঠুৰ আৰু বিকৃত অপব্যৱহাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে ধৰ্মীয় সাজ-পোছাক আৰু এজন সন্মানীয় ইমামৰ পৰিচয় ব্যৱহাৰ কৰি ৫৪ বছৰীয়া আব্দুল হালিম খানে তেওঁৰ ওপৰত আস্থা ৰখা মহিলাক লক্ষ্য কৰি লৈছিল।

Apply Now

আদালতৰ তথ্য অনুসৰি খানে মূলতঃ বাংলাদেশী মূলৰ মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক লক্ষ্য কৰি লৈছিল। তেওঁ তেওঁলোকক বিশ্বাস কৰোৱাইছিল যে তেওঁৰ ভিতৰত জিনৰ শক্তি আছে আৰু সেই শক্তিৰ দ্বাৰা তেওঁ তেওঁলোকৰ শৰীৰৰ পৰা দুষ্ট আত্মাক আঁতৰাই পেলাব পাৰে। এই ভয় আৰু ধৰ্মীয় বিশ্বাসৰ অপব্যৱহাৰ কৰি তেওঁ মহিলাসকলক নিৰ্জন ঠাইলৈ লৈ গৈছিল আৰু তাত যৌন নিৰ্যাতন চলাইছিল।

কিছুমান ক্ষেত্ৰত তেওঁ তেওঁলোকক ভাবুকি দিছিল যে যদি তেওঁলোকে তেওঁৰ কথা নুশুনে বা কাৰোবাক ঘটনাৰ কথা কয় তেন্তে তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালৰ ওপৰত ‘ক’লা যাদু’ বা ক্ষতিকৰ পৰিণতি আহিব। ফলত দীৰ্ঘদিন ধৰি নিমাত হৈ ভুক্তভোগীয়ে কাকো ক’বলৈ সাহস নকৰিলে। বিচাৰৰ সময়ত আদালতে শুনানি গ্ৰহণ কৰি কয় যে সেই সময়ত ভুক্তভোগী তিনিগৰাকী কিশোৰী আছিল, যেতিয়া নিৰ্যাতন সংঘটিত হৈছিল ইয়াৰে এগৰাকীৰ বয়স আছিল মাত্ৰ ১৩ বছৰ।

এগৰাকী ভুক্তভোগীয়ে আদালতত কয় যে তেওঁ সঁচাকৈয়ে বিশ্বাস কৰিছিল যে ইমামৰ বিশেষ ক্ষমতা আছে। আনহাতে আন এগৰাকীয়ে কয় যে তাই মাত মাতিলে পৰিয়াল বিপদত পৰিব বুলি ভাবুকি দিয়া হৈছিল।

বিচাৰ বিভাগে কয় যে খানে নিজৰ ধৰ্মীয় অৱস্থানৰ সহায় লৈ নিজৰ ভুক্তভোগীৰ আস্থা ভংগ কৰি মানসিকভাৱে নিয়ন্ত্ৰণত ৰাখিছিল। এজন অধিবক্তাই আদালতত কয় যে তেওঁ নিজকে মহিলাৰ আগত পৱিত্ৰ আৰু বিশ্বাসযোগ্য বুলি উপস্থাপন কৰে যদিও বাস্তৱত তেওঁ সেই বিশ্বাসৰ গুৰুতৰ অপব্যৱহাৰ কৰিছিল।

ৰায় ঘোষণা কৰাৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে অভিযুক্তজন বাহিৰৰ পৰা ধৰ্মীয় আৰু সন্মানীয় বুলি জনা যায় যদিও ভিতৰৰ পৰা তেওঁ এজন ভয়ংকৰ অপৰাধী। তেওঁক কমেও ২০ বছৰৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। আদালতৰ এই ৰায়দানৰ ফলত ভয়, প্ৰতাৰণা আৰু নিৰ্যাতনৰ এক দীঘলীয়া আৰু ভয়ানক অধ্যায়ৰ অন্ত পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd