• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশ্নকাকত ফাদিলৰ পৰা আত্মনাশলৈ: ২০১৩ চনৰ পৰাই ধাৰাবাহিক বিতৰ্কৰ আৱৰ্তত নিট পৰীক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 6:05 pm
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নিটক লৈ সমগ্ৰ দেশত পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ৩ মে’ত নেচনেল টেষ্টিং এজেন্সী চমুকৈ এনটিএয়ে নিট ইউজি পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষাত প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। জানিব পৰা মতে, পৰীক্ষাৰ কমেও এমাহ পূৰ্বেই একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত এখন সাম্ভাৱ্য প্ৰশ্নকাকত আহি পৰিছিল। এই সাম্ভাৱ্য প্ৰশ্নকাকতখনত ৪১০ টা প্ৰশ্ন আছিল আৰু পৰীক্ষাৰ পিছত দেখা গ‘ল যে ৰসায়ন বিজ্ঞানৰ ১২০ টা প্ৰশ্ন মূল প্ৰশ্নৰ সৈতে হুবহু মিলি গৈছে। কেৱল প্ৰশ্নয়েই নহয়, উত্তৰৰ বিকল্পসমূহো একেই আছিল। এনে দুৰ্নীতি যাতে পুনৰ নহয় তাক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

ইতিমধ্যে এই নিট কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। পুনেৰ বাসিন্দা পি ভি কুলকৰ্ণী নামৰ এজন শিক্ষকক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, তেওঁ এজন অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু এনটিএৰ তৰফৰ পৰা অনুষ্ঠিত কৰা নিট পৰীক্ষাৰ সৈতেও তেওঁ জড়িত আছিল। বৰ্তমান তেওঁ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰবক্তা হিচাপে কৰ্মৰত হৈ আছে। অৱশ্যে নিট পৰীক্ষাক লৈ বিতৰ্ক হোৱা এইটোৱেই প্ৰথম ঘটনা নহয়, জন্মলগ্নৰে পৰাই এই পৰীক্ষা বিতৰ্কৰ মাজত সোমাই আছে।

Apply Now

২০১৩ চনত যেতিয়া প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত এই চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা আৰম্ভ হৈছিল, তেতিয়াই ই আইনী বাধাৰ সন্মুখীন হৈছিল। বহুকেইখন ৰাজ্য চৰকাৰে নিটৰ বিৰোধিতা কৰিছিল। ৰাজ্যসমূহৰ দাবী আছিল যে কেন্দ্ৰীয় পৰ্যায়ত এনেদৰে পৰীক্ষা অনুষ্ঠিত কৰাটো ৰাজ্যৰ অধিকাৰত হস্তক্ষেপ কৰাৰ সমকক্ষ। উচ্চতম ন্যায়ালয়ে প্ৰথম অৱস্থাত নিটক অসাংবিধানিক বুলি ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই ৰায় বাতিল কৰা হয়। আইনী বাধা অতিক্ৰম কৰাৰ পিছতো নিটৰ পৰা বিতৰ্ক আঁতৰা নাছিল। ২০১৫ চনত পৰীক্ষাৰ সময়ত এক অভিনৱ প্ৰতাৰণা পোহৰলৈ আহে, য‘ত বহু ছাত্ৰ-ছাত্ৰীয়ে কাপোৰৰ মাজত বিশেষ ব্লুটুথ ডিভাইচ লুকুৱাই নি পৰীক্ষা দিছিল। সেইবাৰ উচ্চতম ন্যায়ালয়ে পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল।

২০১৬ চনত সমগ্ৰ দেশৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে একেলগে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয়। সেইবাৰো নিটৰ দ্বিতীয় পৰ্যায়ত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াক লৈ আন্দোলন পৰ্যন্ত হৈছিল। কিন্তু সেইবাৰ উচ্চতম ন্যায়ালয়ে পুনৰ পৰীক্ষা লোৱাৰ নিৰ্দেশ দিয়া নাছিল। ইয়াৰ পিছত ২০১৭ চনত সম্ভৱতঃ নিটক লৈ আটাইতকৈ বেছি বিতৰ্ক হৈছিল। অভিযোগ উঠিছিল যে সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হ‘লেও হিন্দীভাষী ছাত্ৰ-ছাত্ৰীসকলে অতিৰিক্ত সুবিধা লাভ কৰিছে আৰু আঞ্চলিক ভাষাত কঠিন প্ৰশ্ন সোধা হৈছে। সেইবাৰ তামিলনাডুৰ এগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ পিছত সমগ্ৰ দেশ উত্তাল হৈ পৰিছিল আৰু এই বিতৰ্ক আদালতলৈ গৈছিল। পৰৱৰ্তী সময়ত তামিলনাডুৰ নিৰ্বাচনতো এইটো এটা প্ৰধান ইছ্যু হৈ পৰিছিল।

২০২০-২০২১ চনতো নিটক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সেইবাৰ অভিযোগ উঠিছিল যে দেশজুৰি চলি থকা ছলভভাৰ গেং নামৰ চিকিৎসকৰ এটা দলে ধনৰ বিনিময়ত প্ৰাৰ্থীৰ হৈ প্ৰক্সি পৰীক্ষা দিছে। সেই দুবছৰ কেইবাজনো প্ৰাৰ্থীৰ ফলাফলক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও পৰীক্ষা বাতিল কৰা হোৱা নাছিল। অৱশ্যে নেচনেল টেষ্টিং এজেন্সীয়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হ‘বলগীয়া হৈছিল। ২০২৪ চনত এই ছলভভাৰ গেং আৰু একে নম্বৰ পোৱাৰ বিতৰ্কই চৰম ৰূপ ধাৰণ কৰে। আনকি বিহাৰৰ হাজাৰিবাগত প্ৰশ্নকাকত চুৰি হোৱাৰ দৰে ঘটনাও পোহৰলৈ আহে। সেইবাৰ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু এনটিএ ভৰ্ৎসনাৰ সন্মুখীন হয়। চৰকাৰো চাপত পৰে যদিও আশ্চৰ্যজনকভাৱে ইউজিপি বা এনটিএৰ কোনো বিষয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

চলিত ২০২৬ বৰ্ষৰ আটাইতকৈ ডাঙৰ বিতৰ্কটো হৈছে প্ৰশ্নকাকত ফাদিল। এইবাৰো প্ৰায় ২৩ লাখ পৰীক্ষাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ‘বলগীয়া হৈছে। এবিভিপিক ধৰি প্ৰায় সকলো ছাত্ৰ সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে যদিও চৰকাৰ এতিয়াও নিমাত হৈ আছে। প্ৰকৃততে জন্মলগ্নৰে পৰাই নিটক লৈ বিতৰ্ক চলি আহিছে। কেতিয়াবা এই পৰীক্ষাৰ সাংবিধানিক বৈধতাক লৈ প্ৰশ্ন উত্থাপন হয়, কেতিয়াবা ইয়াৰ নিৰপেক্ষতাক লৈ, আকৌ কেতিয়াবা এই পৰীক্ষা কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ বিতৰ্কৰ বিষয় হৈ নিৰ্বাচনী ইছ্যুত পৰিণত হয়। বাৰে বাৰে নিট বাতিলৰ দাবী উত্থাপন হৈছে আৰু বাৰে বাৰে মোদী চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লোৱা হৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd