• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৬০০ কোটি টকা ব্যয়ৰ পিছতো ব্যৰ্থ এন আৰ চিৰ ডিজিটেল আন্তঃগাঁথনি: হেল্পলাইনত কল কৰিলে সংযোগ হয় শ্বিলঙৰ পশু চিকিৎসালয়লৈ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 8:43 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) প্ৰক্ৰিয়াৰ ডিজিটেল আন্তঃগাঁথনিৰ শোচনীয় অৱস্থা আৰু হেল্পলাইন সেৱাৰ চূড়ান্ত বিসংগতিৰ বিৰুদ্ধে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শনিবাৰে ৰাজ্যৰ মুখ্য সচিবলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি তেওঁ এন আৰ চিৰ ৱেবছাইটৰ গাফিলতি আৰু জনসাধাৰণৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰাৰ লগতে এই সমগ্ৰ বিষয়টোৰ তৎকালীন তদন্ত দাবী কৰিছে।

মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা অনুসৰি, শেহতীয়াকৈ নিজৰ ‘এপ্লিকেশ্যন ৰিচিপ্ট নম্বৰ‘ (ARN) জানিবৰ বাবে শইকীয়াই এন আৰ চিৰ অফিচিয়েল ৱেবছাইটত প্ৰৱেশ কৰিছিল। ৱেবছাইটৰ নিৰ্দেশনা মৰ্মে ৰাজ্যিক হেল্পলাইন নম্বৰ ১৫১০৭-ত যোগাযোগ কৰাৰ চেষ্টা চলাইছিল যদিও তেওঁ কোনো সঁহাৰি লাভ নকৰিলে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ অসমৰ বাহিৰৰ পৰা যোগাযোগ কৰিব পৰা চৰকাৰী টোল-ফ্ৰী নম্বৰ ১৮০০৩৪৫৩৭৬২-ত কল কৰাত এক আশ্চৰ্যজনক পৰিস্থিতিৰ সন্মুখীন হয়। উক্ত চৰকাৰী নম্বৰটোৰ জৰিয়তে তেওঁক শ্বিলঙৰ এখন পশু চিকিৎসালয়ৰ সৈতেহে সংযোগ কৰা হয়। এই ঘটনাই চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থা আৰু কাৰিকৰী ৰক্ষণাবেক্ষণৰ বাস্তৱিক ছবিখন উদঙাই দিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

Apply Now

যিহেটো এন আৰ চি প্ৰক্ৰিয়াত ৰাজহুৱা ধনৰ ১৬০০ কোটিৰো অধিক টকা ব্যয় কৰা হৈছিল, তাৰ ডিজিটেল আন্তঃগাঁথনিৰ এনে অৱস্থাক লৈ প্ৰাক্তন বিৰোধী দলপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ মতে, অসমৰ ৰাইজে বিভিন্ন আইনী আৰু প্ৰশাসনিক কামৰ বাবে নিজৰ এন আৰ চিৰ তথ্য বিচাৰি অহৰহ হাবাথুৰি খাবলগীয়া হৈছে। আইটি (IT) ৰক্ষণাবেক্ষণৰ নামত আবণ্টিত বিপুল পুঁজিৰ সঠিক ব্যৱহাৰ আৰু হিচাপ নিকাচক লৈয়ো তেওঁ সন্দেহ প্ৰকাশ কৰিছে। চৰকাৰে এনে অৱহেলাৰ জৰিয়তে পৰোক্ষভাৱে এন আৰ চিক গুৰুত্বহীন কৰিব বিচাৰিছে নেকি বুলিও তেওঁ পত্ৰখনত প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণে যাতে নিৰ্বিঘ্নে নিজৰ তথ্য লাভ কৰিব পাৰে, তাৰ বাবে শীঘ্ৰে ৱেবছাইট আৰু হেল্পলাইন সেৱা সুচাৰুপে প্ৰদান কৰিবলৈও তেওঁ দাবী জনাইছে।

বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰ বা এন আৰ চি কৰ্তৃপক্ষৰ তৰফৰ পৰা এই অভিযোগৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু মুখ্য সচিবৰ কাৰ্যালয়ে পত্ৰখনৰ ভিত্তিত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd