• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৌৰ নিগমৰ কৃপাত বুঢ়ী ছাগলীৰ মাংস খাইছে গুৱাহাটীবাসীয়ে

দিবাকৰ বৰুৱা by দিবাকৰ বৰুৱা
June 23, 2018 7:39 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ কৃপাত বুঢ়ী ছাগলীৰ মঙহ আৰু খোৱাৰ অনুপযোগী মাংসৰে তৃপ্ত হ’ব লগা হৈছে ছাগলী মাংসপ্ৰেমী মহানাগৰিক। এই অভিযোগ কোনো গ্ৰাহক সুৰক্ষা মঞ্চৰ নহয়। গুৱাহাটীৰ ছাগলী মাংসৰ ব্যৱসায়ীসকলৰ সংগঠন গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’শ্যনেই আজি ২৩ জুনত গুৱাহাটী প্ৰে’ছ ক্লাবত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গুৱাহাটী পৌৰ নিগম, অসম পশুধন বিভাগ, এন ই চি ফুড প্ৰ’ছেছিং প্ৰাইভেট লিমিটেড আৰু ব্যৱসায়ীসকলৰ সংগঠনটোৰ মাজত অনুষ্ঠিত কেইবাখনো বৈঠকৰ পিছত ব্যৱসায়ীসকলক কোম্পানিটোৱে ‘ছাগলীৰ ভাল মাংস’ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। ‘কিন্তু এন ই চিয়ে দুদিনমান ভাল মাংস যোগান ধৰি পুনৰ বিহাৰৰ পৰা অনা বুঢ়ী মাইকী ছাগলীৰ মাংস দিয়া আৰম্ভ কৰে,’ ব্যৱসায়ীসকলৰ দাবী।

Apply Now

পৰিস্থিতিয়ে এনে পৰ্য্যায় পাইছেগৈ যে গ্ৰাহকৰ দুৰ্ব্যৱহাৰৰ পৰা বাচিবলৈ মাংসৰ দোকানত এন ই চি নামৰ মাংস যোগান দিয়া কোম্পানিটোৰ ফ’ন নম্বৰ আৰু নামফলক আঁৰি দিয়াৰ বাবে ব্যৱসায়ীসকলে আহ্বান জনাইছে। ‘যাতে এন ই চিয়ে দিয়া মাংস বেয়া হ’লে গ্ৰাহকে উক্ত নম্বৰত অভিযোগ দাখিল কৰিব পাৰে,’ উপায়্হীন ব্যৱসায়ীৰ পৌৰ নিগমলৈ আহ্বান।

সংগঠনটোৰ অন্তৰ্ভুক্ত গুৱাহাটীৰ প্ৰায় ২০০ গৰাকী ছাগলী মাংস ব্যৱসায়ীয়ে পৌৰ নিগমৰ নিৰ্দেশ মানি প্ৰতিটো ছাগলীত ১২৫ টকাকৈ আদায় দি ছয়মাইলত থকা এন ই চিৰ কচাইখানাত ছাগলী কটোৱাইছিল।

কিন্তু ব্যৱসায়ীসকলৰ অভিযোগ মতে ছাগলী কটাৰ সময়ত কচাইসকলক তাত উপস্থিত থাকিবলৈ দিয়া নহয় আৰু কটা মাংস ৮ ঘণ্টাৰ পিছতহে ব্যৱসায়ীসকলক যোগান ধৰা হয়। ফলত ব্যৱসায়ীসকলে গ্ৰাহকক সতেজ মাংস বিক্ৰী কৰিব নোৱৰা বুলি অভিযোগ কৰি সংগঠনটোৱে আশংকা কৰে ‘আমাৰ ছাগলীৰ সালসলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।’

আনহাতে এন ই চিৰ মাংস বিক্ৰী নকৰিলে গুৱাহাটী পৌৰ নিগমে ‘ব্যৱসায় বন্ধ কৰি দিয়াৰ ভাবুকি’ দিয়া বুলি ভয়ংকৰ অভিযোগ তুলি যোৱা ৩ মাহ ধৰি মাংসৰ দোকাসমূহৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণ বন্ধ কৰি ৰখা বুলিও সংগঠনটোৱে অভিযোগ কৰে। পৌৰ নিগমে ‘বিগত তিনিমাহ ধৰি মাংসৰ ব্যৱসায়ীসকলৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ নৱীকৰণ বন্ধ কৰি ৰাখিছে,’ অভিযোগ সংগঠনটোৰ।

পৌৰ নিগমৰ ভাবুকি আৰু গ্ৰাহকৰ ৰোষৰ পৰা বাচি দুয়োকুল ৰক্ষা কৰাৰ বাবে উপায়হীন ব্যৱসায়ীসকলে এতিয়া ‘ব্যৱসায়ী সন্থাই ক্ৰয় কৰা ছাগলীৰ মাংস আৰু এন ই চিয়ে যোগান ধৰা মাংস দুটা ভাগত ভগাই নিৰ্দিষ্ট ছাইনব’ৰ্ড লগাই বিক্ৰীৰ ব্যৱস্থা কৰাৰ’ বাবে পৌৰ নিগমক দাবী জনাইছে।

অনুজ্ঞাপত্ৰৰ নৱীকৰণ বন্ধ ৰাখি পুনৰ পৌৰ নিগমেই আহি ‘অনুজ্ঞাপত্ৰ নথকাৰ দোহাই দি মাংসৰ দোকান বন্ধ কৰিলে গণতান্ত্ৰিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ম’ বুলিও হুংকাৰ দিছে ব্যৱসায়ীসকলে।

গুৱাহাটী পৌৰ নিগমেই কচাইসকলক এই খোৱাৰ অনুপযোগী মাংস বেচিবৰ বাবে বাধ্য কৰিছে। ‘গুৱাহাটী পৌৰ নিগমে এন ই চি ফুড প্ৰ’ছেছিং প্ৰাইভেট লিমিটেডে যোগান ধৰা খোৱাৰ অনুপযোগী ছাগলীৰ মাংস বিক্ৰীৰ বাবে বাধ্য কৰিবৰ বাবে চেষ্টা কৰিছে,’ অভিযোগ গ্ৰে’টাৰ গুৱাহাটী কুৰেছি মীট এছছিয়ে’শ্যনৰ।

গুৱাহাটী পৌৰ নিগম আৰু অসম পশুধন বিভাগে ছাগলী মাংস যোগনীয়া কোম্পানিটোৰ লগ হৈ ক্ষুদ্ৰ মাংস ব্যৱসায়ীসকলৰ ব্যৱসায় বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ তুলি দাবীসমূহ মানি নল’লে ‘ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ’ম’ বুলিও সংগঠনটোৱে ঘোষণা কৰিছে।

দিবাকৰ বৰুৱা

দিবাকৰ বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd