• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯ মাহত ৬১ গৰাকী মহিলাৰ শ্লীলতাহানি; অষ্ট্ৰেলিয়াত ১৩ বছৰৰ কাৰাদণ্ড ভাৰতীয় মেছেজ থেৰাপিষ্টক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 9:55 am
113
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ এডিলেইডৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনাৰ খৱৰ। এগৰাকী বা দুগৰাকী নহয়, ৬১ গৰাকী মহিলাৰ ওপৰত চৰম যৌন নিৰ্যাতন আৰু গোপনে আপত্তিজনক ফটো তোলাৰ অভিযোগত দক্ষিণ অষ্ট্ৰেলিয়াৰ জিলা আদালতে এগৰাকী ভাৰতীয় মূলৰ মেছেজ (মালিচ) থেৰাপিষ্টক  ১৩ বছৰ ১০ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। আদালতৰ ন্যায়াধীশ কাৰ্মেন মাটিওৱে অপৰাধীৰ এই আচৰণক ‘নিয়ন্ত্ৰণহীন’ আৰু ‘শোষণমূলক’ বুলি অভিহিত কৰি তীব্ৰ ককৰ্থনা কৰিছে।

দিল্লীৰ বাসিন্দা ৩৯ বছৰীয়া সুমিত সতীশ ৰাষ্টোগীয়ে ২০১১ চনত নিজৰ কৰ্ম সংস্থান বিচাৰি অষ্ট্ৰেলিয়াৰ এডিলেইডলৈ প্ৰব্ৰজন কৰিছিল। তাতে তেওঁ গ্লেনেলগৰ এখন মেছেজ পাৰ্লাৰত কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল এই কামৰ বাবে সুমিতৰ কোনো আনুষ্ঠানিক বা বৈধ অৰ্হতা নাছিল।

Apply Now

কোনো অৰ্হতা নোহোৱাকৈয়ে তেওঁ নিজৰ ব্যৱসায় চলাই আছিল। আৰু সেই মেছেজ পাৰ্লাৰৰ চাৰি দেৱালৰ আঁৰত ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২২ চনৰ জুলাইলৈকে মাত্ৰ ৯ মাহত ইটোৰ পিছত সিটো জঘন্য অপৰাধ সংঘটিত কৰে।

অৱশেষত ২০২২ চনৰ জুলাই মাহত সুমিত আৰক্ষীৰ হাতত ধৰা পৰে। আদালতত তেওঁৰ বিৰুদ্ধে মুঠ ৯৭টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। ইয়াৰ ভিতৰত ৪২টা গুৰুতৰ যৌন নিৰ্যাতন আৰু গোপনে আপত্তিজনক ভিডিঅ’ আৰু ফটো তোলাৰ ৫৫টা অভিযোগ। ভাৰতীয় মূলৰ এই যুৱকে আদালতত নিজৰ সকলো অপৰাধ স্বীকাৰ কৰিছে।

যোৱা শুকুৰবাৰে এই গোচৰৰ তিনি ঘণ্টীয়া দীঘলীয়া ৰায়দানৰ সময়ত ন্যায়াধীশ কাৰ্মেন মাটিওৱে কয় যে সুমিতৰ অপৰাধ অতি পৰিকল্পিত আৰু নিয়মীয়া। সুমিতক তীব্ৰ সমালোচনা কৰি ন্যায়াধীশগৰাকীয়ে কয়, “আপোনাৰ ওচৰলৈ অহা মহিলাসকলে আপোনাক সম্পূৰ্ণ বিশ্বাস কৰিছিল। তেওঁলোকৰ নিৰাপত্তা আৰু সন্মান পোৱাৰ অধিকাৰ আছিল। কিন্তু আপুনি সেই বিশ্বাসৰ চৰম সুবিধা লৈছিল।”

তদন্তত প্ৰকাশ পাইছে যে যদিও প্ৰথম অৱস্থাত সুমিতৰ অপৰাধ কম আছিল, তথাপিও সময়ৰ লগে লগে তেওঁৰ সাহস আৰু আত্মবিশ্বাস বাঢ়ি আহিছিল। এসময়ত তেওঁ গ্ৰাহকৰ অন্তৰ্বাসত হাত দিয়া আৰু গোপনে তেওঁলোকৰ আপত্তিজনক ফটো তুলিবলৈ ধৰে। ন্যায়াধীশৰ ভাষাত ২০২২ চনৰ জুন আৰু জুলাইৰ আশে-পাশে সুমিতৰ এই বিকৃত আচৰণ সম্পূৰ্ণৰূপে ‘নিয়ন্ত্ৰণৰ বাহিৰত’ হৈ পৰিছিল।

বহু মহিলা সুমিতৰ কামনাৰ বলি হৈ সম্পূৰ্ণ মানসিক ভাবে ভাঙি পৰিছে। বহুতে আদালতত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি চকুলো ধৰি ৰাখিব নোৱাৰিলে। এগৰাকী ভুক্তভোগীয়ে কয় যে তেওঁ জীৱনৰ এটা উত্তম মুহূৰ্ত – ‘হানিমুন’ কটাবলৈ তালৈ গৈছিল। কিন্তু সুমিতৰ কু-কৰ্মই তেওঁৰ জীৱনৰ আটাইতকৈ সুখৰ দিনবোৰক এক ভয়ংকৰ আৰু খেদি ফুৰা দুঃস্বপ্নলৈ ৰূপান্তৰিত কৰিছে। এতিয়া তেওঁ কোনো পুৰুষ ডাক্তৰ বা ফিজিঅ’থেৰাপিষ্টক বিশ্বাস কৰিব নোৱাৰে। আনকি তেওঁৰ বিবাহিত জীৱনতো ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে।

আন এগৰাকী ভুক্তভোগীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে বিচাৰ প্ৰক্ৰিয়াত দীৰ্ঘ বিলম্বৰ বাবে তেওঁলোকৰ যন্ত্ৰণা আৰু অধিক বৃদ্ধি কৰিছে। ঘটনাৰ ১২৭১ দিন পাৰ হোৱাৰ পাছতো আইনী জটিলতাৰ বাবে তেওঁলোকে উপযুক্ত চিকিৎসা বা মানসিক স্বাস্থ্যৰ চিকিৎসা আৰম্ভ কৰিব পৰা নাছিল। আদালতৰ পৰা ওলাই আহি ভুক্তভোগী দুগৰাকীয়ে আন মহিলাসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰে, “যদি কোনো পৰিস্থিতি আপোনাৰ বাবে সঠিক যেন নালাগে, তেন্তে আপুনি জানে যে সঁচাকৈয়ে ইয়াত কিবা এটা ভুল আছে। মনে মনে নাথাকিব।” তেওঁলোকে সুমিতৰ ক্ষমাপ্ৰাৰ্থনাক “অজুহাতৰে ভৰা” বুলি উৰুৱাই দিয়ে।

গোচৰৰ শুনানিৰ সময়ত জানিব পৰা গৈছে যে এজন মনোৰোগ বিশেষজ্ঞই সুমিতক পৰীক্ষা কৰি ‘ভয়’ৰিষ্টিক ডিছঅৰ্ডাৰ’ নামৰ মানসিক ৰোগত আক্ৰান্ত বুলি কয়। এই ৰোগত আক্ৰান্ত লোকসকলে গোপনে অৰ্ধনগ্ন মহিলাক চাই যৌন উত্তেজনা লাভ কৰে। কিন্তু ন্যায়াধীশে স্পষ্ট কৰি দিলে যে এই ৰোগে কোনো কাৰণতে সুমিতৰ অপৰাধৰ ভয়াৱহতা হ্ৰাস কৰিব নোৱাৰে। তদুপৰি এই ৰোগৰ চিকিৎসা এতিয়াও হোৱা নাই আৰু কাৰাগাৰত থাকিও ইয়াৰ চিকিৎসা সম্ভৱ নহয়।

সুমিতৰ অধিবক্তা এডাম ৰিচাৰ্ডছে আদালতত কয় যে সুমিত নিজৰ এই কাৰ্যত লজ্জিত আৰু নিজকে ক্ষমা কৰিব পৰা নাই। আদালতে সুমিতক ১৩ বছৰ ১০ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে, প্ৰথম ১০ বছৰ ১০ মাহৰ বাবে কোনো পেৰ’ল (চৰ্তাধীন মুক্তি) নাপাব। যিহেতু এই শাস্তি ২০২২ চনৰ জুলাইৰ পৰা চলিব, গতিকে ২০৩৫ চনত তেওঁ পেৰ’লৰ বাবে যোগ্য হ’ব। কিন্তু শাস্তি শেষ হোৱাৰ পিছত অষ্ট্ৰেলিয়া চৰকাৰে তেওঁক ভাৰতলৈ বিতাড়িত কৰিব বুলি আদালতৰ সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd