সোমবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান যোগে স্পষ্ট কৰি দিয়ে যে কঠোৰ বেআইনী কাৰ্যকলাপ আইন বা ইউ এ পি এৰ অধীনত ৰুজু হোৱা গোচৰসমূহতো ‘জামিন এক নিয়ম আৰু কাৰাগাৰ এক ব্যতিক্ৰম’ নীতি প্ৰযোজ্য হ’ব। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তদন্ত কৰা এক নাৰ্ক’-টেৰৰ গোচৰত ২০২০ চনৰ জুন মাহৰ পৰা কাৰাবন্দী হৈ থকা জম্মু-কাশ্মীৰৰ চৈয়দ ইফতিকাৰ আন্দ্ৰাবীক জামিন প্ৰদান কৰি ন্যায়মূৰ্তি বি ভি নাগাৰত্না আৰু ন্যায়মূৰ্তি উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰে। একে সময়তে, দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা উমৰ খালিদ আৰু চাৰ্জিল ইমামৰ জামিন নাকচ কৰা পূৰ্বৰ এক ৰায়দান সন্দৰ্ভতো বিচাৰপীঠখনে গভীৰ আক্ষেপ প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কাৰাগাৰত বন্দী কৰি ৰখাটো ব্যক্তিৰ সাংবিধানিক অধিকাৰৰ পৰিপন্থী বুলি ন্যায়ালয়ে দৃঢ়তাৰে উল্লেখ কৰে।
বিচাৰপীঠখনে গুৰুত্ব আৰোপ কৰে যে ‘ভাৰত চৰকাৰ বনাম কে এ নাজিব’ গোচৰত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া মজিয়াত যি নিৰ্দেশনা দিয়া হৈছিল, সেয়া তলৰ আদালত বা কম সংখ্যক ন্যায়াধীশৰ বিচাৰপীঠে কোনো কাৰণতে অৱমাননা বা আওকাণ কৰিব নোৱাৰে। ন্যায়মূৰ্তি ভূঞাই প্ৰকাশ কৰে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত ন্যায়মূৰ্তি অৰবিন্দ কুমাৰ আৰু ন্যায়মূৰ্তি এন ভি আঞ্জাৰিয়াৰ দুজনীয়া বিচাৰপীঠে উমৰ খালিদ আৰু চাৰ্জিল ইমামৰ লগতে গুলফিছা ফাতিমাৰ গোচৰত জামিন নাকচ কৰাৰ সময়ত পূৰ্বৰ তিনিজনীয়া বিচাৰপীঠৰ ৰায়দানক সঠিকভাৱে অনুসৰণ কৰাত ব্যৰ্থ হৈছিল। এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে কয় যে ন্যায়িক শৃংখলা অনুসৰি কম শক্তিৰ বিচাৰপীঠে বৃহৎ বিচাৰপীঠৰ সিদ্ধান্ত মানি চলিবলৈ বাধ্য, আৰু সন্দেহৰ অৱকাশ থাকিলে সেই বিষয়টো বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰা উচিত।
নিৰ্দিষ্ট সময়ৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কোনো এজন অভিযুক্তক কেৱল ইউ এ পি এ আইনৰ দোহাই দি দীৰ্ঘদিন ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাটো সংবিধানৰ ২১ নং অনুচ্ছেদে প্ৰদান কৰা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ লগতে ক্ষিপ্ৰ বিচাৰৰ অধিকাৰৰ তীব্ৰ উলংঘন বুলি ন্যায়ালয়ে মন্তব্য কৰে। বিচাৰপীঠৰ মতে, ইউ এ পি এ আইনৰ ৪৩ডি(৫) ধাৰাৰ কঠোৰ নীতিসমূহ কেতিয়াও সংবিধানৰ ২১ আৰু ২২ নং অনুচ্ছেদৰ উৰ্ধত হ’ব নোৱাৰে। আনকি, প্ৰাথমিক দৃষ্টিত অপৰাধৰ প্ৰমাণ থাকিলেও সেয়া অনিৰ্দিষ্টকালৰ বাবে কাৰাবাসৰ কাৰণ হ’ব নোৱাৰে বুলি ন্যায়াধীশদ্বয়ে স্পষ্ট কৰি দিয়ে। ৰায়দানৰ শেষত ন্যায়মূৰ্তি নাগাৰত্নাই এই ৰায়টোক এক প্ৰতিবেদনযোগ্য ৰায় হিচাপে আখ্যা দিয়ে, যিয়ে ভৱিষ্যতে আন আদালতসমূহৰ বাবে এক শক্তিশালী আইনী নিৰ্দেশনা হিচাপে কাম কৰিব।
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হাণ্ডোৱাৰাৰ বাসিন্দা চৈয়দ ইফতিকাৰ আন্দ্ৰাবীক লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদিনৰ দৰে সন্ত্ৰাসবাদী সংগঠনক ধন যোগান ধৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ বিৰুদ্ধে এন ডি পি এছ (NDPS) আইন, ইউ এ পি এ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ পূৰ্বে বিশেষ এন আই এ আদালত আৰু জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে অভিযোগৰ গুৰুত্ব আৰু বিচাৰ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কথা উল্লেখ কৰি তেওঁৰ জামিন আবেদন নাকচ কৰিছিল।
বৰ্তমান উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানৰ পিছত দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকা আন্দ্ৰাবীয়ে আইনী সকাহ লাভ কৰিছে। একে সময়তে, এই নিৰ্দেশনাই সমগ্ৰ দেশতে ইউ এ পি এৰ অধীনত বিচাৰাধীন হৈ থকা আন বহুতো বন্দীৰ জামিন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এক নতুন আইনী মাপকাঠী নিৰ্ধাৰণ কৰিছে, যিয়ে ভৱিষ্যতৰ বিচাৰ প্ৰক্ৰিয়াসমূহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব।





