আন্তৰ্জাতিক পশু সুৰক্ষা সংস্থা ‘পেটা ইণ্ডিয়া’ৰ এক গুৰুতৰ অভিযোগৰ ভিত্তিত লখিমপুৰ জিলাত সংঘটিত অবৈধ গৰু সৰবৰাহ আৰু বজাৰসমূহৰ বিৰুদ্ধে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। শেহতীয়াকৈ পশুপালন বিভাগৰ সঞ্চালক আৰু লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা পৰিবহণ বিষয়ালৈ এই অবৈধ বেহা ৰোধ কৰাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে।
চৰকাৰী নিৰ্দেশনাৰ লগতে ‘পেটা’ৰ এগৰাকী স্বেচ্ছাসেৱকে ‘নৰ্থ ইষ্ট নাও’ৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, লখিমপুৰৰ বঙালমৰাকে ধৰি বিভিন্ন বজাৰৰ পৰা অবৈধভাৱে গৰুৰ সৰবৰাহ অব্যাহত আছে। তথ্য অনুসৰি, নিশাৰ ভাগত নীতি-নিয়ম উলংঘা কৰি, প্ৰয়োজনীয় পশু চিকিৎসাৰ স্বাস্থ্যৰ প্ৰমাণপত্ৰ নোহোৱাকৈ আৰু জীৱ-জন্তুৰ প্ৰতি চৰম নিষ্ঠুৰতা প্ৰদৰ্শন কৰি এই গৰুসমূহ নগাঁও আৰু অন্যান্য স্থানলৈ সৰবৰাহ কৰা হয়। অত্যধিক ভিৰৰ মাজত ট্ৰাক আৰু পিক-আপ বাহনত খাদ্য আৰু পানীৰ ব্যৱস্থা নোহোৱাকৈ কঢ়িয়াই নিয়া এই কাৰ্যই চৰকাৰী পশু পৰিবহণ নীতি আৰু পশু নিষ্ঠুৰতা নিবাৰণ আইন, ১৯৬০-ক সম্পূৰ্ণৰূপে উলংঘা কৰিছে বুলি অভিযোগত স্পষ্টকৈ উল্লেখ কৰা হৈছে।
অভিযোগপত্ৰত উল্লেখ কৰা অনুসৰি, এই কাৰ্যত পশু নিষ্ঠুৰতা নিবাৰণ আইন, ১৯৬০ ৰ ধাৰা ৩, ১১(১)(ক), ১১(১)(ঘ), ১১(১)(ঙ), ১১(১)(ট) আৰু ৩৮(৩)-ৰ স্পষ্ট উলংঘন ঘটিছে। ইয়াৰ লগতে, এই সৰবৰাহে পশু পৰিবহণ বিধি, ১৯৭৮ ৰ নিয়ম ৪৭ ৰ পৰা ৫৬ আৰু ধাৰা ৩৮(৩); ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ৩(৫) আৰু ৩২৫; কেন্দ্ৰীয় মটৰ বাহন বিধি, ২০১৬ ৰ নিয়ম ১২৫ই আৰু মটৰ বাহন আইন, ১৯৮৮ ৰ ধাৰা ১৭৭-কো ভংগ কৰিছে বুলি আঙুলিয়াই দিয়া হৈছে। তদুপৰি নিয়ম ১২৫ই অনুসৰি, পশুধন কঢ়িওৱা মটৰ বাহনসমূহৰ বাবে থকা বিশেষ প্ৰয়োজনীয়তাসমূহো ইয়াত মানি চলা হোৱা নাই।

এই গুৰুতৰ বিষয়টোৰ সন্দৰ্ভত লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে যোৱা জানুৱাৰী মাহতে এক পত্ৰ যোগে পশুপালন বিভাগক তদন্তৰ বাবে নিৰ্দেশ দিছিল। ইয়াৰ পিছতে লখিমপুৰৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ড° অক্ষয়ৱট কেশৰীয়ে আৰক্ষী আৰু পৰিবহণ বিভাগক বজাৰসমূহ পৰিদৰ্শন কৰিবলৈ আৰু বজাৰৰ পৰা পশুৰ প্ৰৱেশ তথা প্ৰস্থানৰ সঠিক নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ অনুৰোধ জনায়। পৰৱৰ্তী সময়ত, যোৱা এপ্ৰিল মাহত ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ ফালৰ পৰাও লখিমপুৰৰ জিলা আৰক্ষী অধীক্ষকলৈ এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰি সমগ্ৰ বিষয়টোৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ কোৱা হয়। প্ৰশাসনে এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰি সংশ্লিষ্ট বিভাগসমূহক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।



ৰাজ্য চৰকাৰৰ উচ্চপদস্থ কাৰ্যালয়ৰ পৰা এই নিৰ্দেশনাসমূহ জাৰি কৰাৰ পিছত এতিয়া লখিমপুৰ জিলা আৰক্ষী আৰু পৰিবহণ বিভাগে এই অবৈধ পশু ছিণ্ডিকেটৰ বিৰুদ্ধে কেনেধৰণৰ বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব। বৰ্তমান পশু সুৰক্ষা কৰ্মী আৰু সচেতন মহলে প্ৰশাসনৰ পৰৱৰ্তী কাৰ্যপন্থা আৰু আইনৰ সঠিক প্ৰয়োগৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে।



