• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ইউনিফৰ্ম চিভিল কোড: ব্যক্তিগত আইন, আইনী সমতা আৰু মহিলাৰ অধিকাৰ

ড° কংকনা গোস্বামী ভৰদ্বাজ by ড° কংকনা গোস্বামী ভৰদ্বাজ
May 19, 2026 8:51 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড° কংকনা গোস্বামী ভৰদ্বাজ

নিৰ্বাচনী সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰি ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো কেবিনেটতেই লোৱা হৈছে এক সমাজ-সংস্কাৰমুখী যুগান্তকাৰী সিদ্ধান্ত। অহা ২৬ মে’ৰ বিধানসভা অধিৱেশনত ‘ইউ চি চি’ অৰ্থাৎ সমনাগৰিক সংহিতা বিধেয়ক উত্থাপন কৰা হ’ব। ইউনিফৰ্ম চিভিল কোডৰ অধীনত অসমত বহুবিবাহ প্ৰথা বন্ধ কৰা হ’ব, সকলো ধৰ্মৰ বাবে বিবাহৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰা হ’ব, সকলো ধৰ্মৰে বিয়াৰ উপযুক্ত বয়সৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ভাৰতীয় সংবিধান প্ৰদত্ত ‘ন্যূনতম সীমা’, লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত থাকিব কঠোৰ নিয়ম আৰু লগতে পৈতৃক সম্পত্তিত পুত্ৰ সন্তানৰ সমানে কন্যা সন্তানৰো থাকিব সম-অধিকাৰ।

Apply Now

ইউনিফৰ্ম চিভিল কোড ভাৰতৰ সংবিধানৰ ‘Directive Principles of State Policy’, অৰ্থাৎ নীতি নিৰ্দেশক নীতিত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ নিৰ্দেশনামূলক নীতিৰ ৪৪ নং অনুচ্ছেদৰ উদ্দেশ্য আছিল বৈষম্য আঁতৰাই সমগ্ৰ দেশতে বৈচিত্ৰ্যৰ মাজত সমন্বয় সাধন কৰা।

মন কৰিবলগীয়া যে, ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ জৰিয়তে ভাৰতৰ প্ৰতিটো ধৰ্মৰে নিজৰ আইন, যেনে- “হিন্দু পাৰ্ছনেল ল'”, “মুছলিম পাৰ্ছনেল ল'” আদি আইনবোৰ আঁতৰাই দেশৰ সকলো জাতি-ধৰ্মৰ লোকৰ বাবে এক আইন প্ৰণয়ন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই ইউনিফৰ্ম চিভিল কোড ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ “এখন দেশ, এক আইন” ধাৰণাৰে পৰিচালিত ভাৰতীয় জনতা পাৰ্টিৰ মূল প্ৰতিশ্ৰুতিৰ অন্যতম।

অসমৰ ইছলাম সমাজৰ শিক্ষিত শ্ৰেণীৰ লগতে মহিলাসকলেও এই পদক্ষেপক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ইয়াৰ অন্তৰালৰ মূল কাৰণ হৈছে মহিলাৰ ক্ষেত্ৰত পাৰ্ছনেল আইনসমূহৰ সংকুচিত দৃষ্টিকোণ, অৰ্থাৎ বিবাহ, বিচ্ছেদ, উত্তৰাধিকাৰ ইত্যাদিৰ সৈতে জড়িত আইনত থকা অসমতা। ইয়াৰ পৰিৱৰ্তে অভিন্ন দেৱানী বিধিৰ অধীনত উপলব্ধ সমমৰ্যাদা আৰু সম-অধিকাৰৰ আইনী ব্যৱস্থাপনাই বিভিন্ন ধৰ্মৰ মহিলাসকলক বিভিন্ন ক্ষেত্ৰত সামাজিক সকাহ আৰু আইনী ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হৈছে।

উদাহৰণ স্বৰূপে, Christian Marriage Act 1872-ৰ অধীনত খ্ৰীষ্টান মহিলাসকলে কেৱল adultery-ক বিবাহ বিচ্ছেদৰ উপযুক্ত ‘গ্ৰাউণ্ড’ বা কাৰণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে যদিও, খ্ৰীষ্টান পুৰুষসকলৰ ক্ষেত্ৰত কিন্তু মহিলাৰ বিৰুদ্ধে ‘adultery’ বিবাহ বিচ্ছেদৰ উপযুক্ত ‘গ্ৰাউণ্ড’ হিচাপে ব্যৱহৃত হয়। Ammini E.J Vs. Union of India গোচৰত কেৰালা উচ্চ ন্যায়ালয়ে মহিলা আৰু পুৰুষৰ মাজত আইনী বিধানৰ এনে অসমতাক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১-ৰ পৰিপন্থী আখ্যা দিয়ে।

একেধৰণে হিন্দুসকলৰ ক্ষেত্ৰত মিটাক্ষৰা (Mitakshara) স্কুলৰ অধীনত হিন্দু মহিলাসকলে পৈতৃক সম্পত্তিত কোনো ধৰণৰ অধিকাৰ পোৱা নাছিল। কিন্তু ১৯৮৫-ৰ লতা মিত্তাল গোচৰৰ ৰায়দানৰ পিছত হিন্দু মহিলাক পৈতৃক সম্পত্তিত সম-অধিকাৰ দিয়া হ’ল।

১৯৫৫-৫৬ সময়ছোৱাত পণ্ডিত জৱাহৰলাল নেহৰুৱে ড° বি আৰ আম্বেদকাৰৰ সহায়ত হিন্দুৰ বাবে থকা পাৰ্ছনেল আইনসমূহক উৎখাত কৰি হিন্দু ক’ড বিলৰ জৰিয়তে কেইবাখনো আইন (হিন্দু বিবাহ অধিনিয়ম ১৯৫৬, হিন্দু দত্তক গ্ৰহণ আৰু প্ৰতিপালন আইন ১৯৫৬, হিন্দু নাবালক আৰু অভিভাৱক অধিনিয়ম ১৯৫৬, হিন্দু উত্তৰাধিকাৰ আইন ইত্যাদি) প্ৰণয়ন কৰিছিল।

Mohd Ahmed Khan vs. Shah Bano Begum গোচৰত উচ্চতম ন্যায়ালয়ে ১৯৭৮ চনতেই UCC-ৰ প্ৰাসংগিকতা আইনগতভাৱে প্ৰতিপন্ন কৰিছিল। উক্ত গোচৰটোত ৬২ বছৰ বয়সীয়া শ্বাহবানু বেগমে বিবাহ বিচ্ছেদৰ পিছত CrPC-ৰ দফা ১২৫-ৰ অধীনত ‘maintenance’ (ভৰণ-পোষণ)-ৰ দাবী কৰিছিল। কিন্তু তেওঁৰ স্বামীয়ে যুক্তি ৰাখিছিল যে মুছলিম পাৰ্ছনেল আইনৰ অধীনত কেৱল ইড্ডত (৯০ দিন)-ৰ সময়সীমা পাৰ নোহোৱালৈকেহে এগৰাকী মুছলমান স্বামীয়ে ভৰণ-পোষণ দিয়াটো জৰুৰী।

মুছলিম পাৰ্ছনেল আইনৰ এনে নিয়মৰ বিৰুদ্ধে মাত মাতি উচ্চতম ন্যায়ালয়ে এক যুগান্তকাৰী ৰায়দানত CrPC-ৰ অধীনত Shah Bano-ক ভৰণ-পোষণ দিয়াৰ পক্ষত থিয় হয়। কিন্তু ১৯৮৪ চনত নিৰ্বাচিত হোৱা ৰাজীৱ গান্ধী চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি Muslim Women (Protection of Rights on Divorce) Act 1986 প্ৰণয়ন কৰি এই ৰায়দানক নস্যাৎ কৰাৰ লগতে মুছলিম মহিলাৰ ‘maintenance’-ৰ ক্ষেত্ৰত আগৰ নিয়ম বাহাল ৰাখিলে।

পৰৱৰ্তী পৰ্যায়ত Mrs Jordan Diengdeh v. SS Chopra (1985), Sarla Mudgal Vs Union of India (1995), আৰু অলপতে ‘তিনি তালাক’-ৰ সন্দৰ্ভত ব্যাপকভাৱে চৰ্চা লাভ কৰা Shayara Bano Vs. Union of India-ৰ যুগান্তকাৰী ৰায়দানত ন্যায়ালয়ে বিস্তৃতভাৱে ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োজন আৰু প্ৰাসংগিকতা ব্যাখ্যা কৰি পাৰ্ছনেল আইনৰ অধীনত প্ৰচলিত বহুতো প্ৰথাক অমানৱীয়, অসাংবিধানিক, অনগ্ৰসৰ আৰু অসামাজিক আখ্যা দিয়ে।

এইখিনিতে উল্লেখযোগ্য যে বিভিন্ন ধৰ্মৰ অধীনত প্ৰচলিত ‘polygamy’ অৰ্থাৎ বহুবিবাহৰ দৰে অপ্ৰয়োজনীয়, অপ্ৰাসংগিক প্ৰথাৰ বিৰুদ্ধেও UCC এক আইনী কুচকাৱাজ হিচাপে পৰ্যবেক্ষণৰ আওতালৈ আহিছে। সংবিধান-প্ৰদত্ত সমতাক নস্যাৎ কৰা ‘বহুবিবাহ’ প্ৰথা, আইনী-সামাজিক-বৌদ্ধিক বিবেচনাৰ কেন্দ্ৰবিন্দু হোৱাটো স্বাভাৱিক বা অৱধাৰিত। বিশ্বৰ ইতিহাসত এনে বহুত উদাহৰণ আছে য’ত এটাতকৈ অধিক বিবাহ কৰাব পৰা সুবিধাৰ বাবে একো একোজনে ধৰ্মান্তৰকৰণৰ পথ বাছি ল’বলৈও কুণ্ঠাবোধ কৰা নাই। এইক্ষেত্ৰত ভাৰতবৰ্ষৰ Sarla Mudgal গোচৰৰ ৰায়দান এক ঐতিহাসিক উদাহৰণ। উক্ত গোচৰটোত উচ্চতম ন্যায়ালয়ে দ্বিতীয় বিবাহৰ বাবে কৰা ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্ৰহণ কৰি তেনে দ্বিতীয় বিবাহৰ আইনী মৰ্যাদা অস্বীকাৰ কৰাৰ লগতে সকলো ধৰ্মকে UCC-ৰ আওতালৈ অনাৰ পৃষ্ঠপোষকতা কৰে।

মন কৰিবলগীয়া কথা যে বহুবিবাহ প্ৰথাৰ সপক্ষে মত পোষণ কৰাসকলে যুক্তি দৰ্শায় যে মহিলাগৰাকী যেতিয়া সন্তান জন্ম দিবলৈ শাৰীৰিকভাৱে অক্ষম হয়, তেনে ক্ষেত্ৰত বহুবিবাহ প্ৰথা পৰিয়াল বৃদ্ধিত সহায়ক হয়। কিন্তু বৰ্তমান সময়ত চিকিৎসা-বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত IVF, Surrogacy ইত্যাদিকে ধৰি বহু ক্লিনিকেল উপায় থকাৰ লগতে adoption-ৰ দৰে আইনী ব্যৱস্থাও আছে, যি সন্তান লাভৰ ক্ষেত্ৰত পৰিয়ালটোক সকাহ দিব পাৰে। তদুপৰি বিশ্বৰ বহু ইছলামীয় দেশ যেনে: পাকিস্তান, তুৰস্ক, টুনিছিয়া, ইৰাণ ইত্যাদিত ইতিমধ্যে এই বহুবিবাহ প্ৰথা বৰ্জন কৰা হৈছে।

তেনেস্থলত ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল দেশত মহিলাসকল শোষিত হৈ অহা আৰু তেওঁলোকৰ আত্মমৰ্যাদা হানি হোৱা এনে প্ৰথা আজি স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় বৰ্তি আছে সেইটো এটা উদ্বিগ্নতাৰ বিষয়। সভ্য সমাজত, বৌদ্ধিক মহলত, আইনপালিকাৰ চিন্তা-চৰ্চাত আৰু ন্যায়পালিকাৰ মজিয়াত এই বিষয়বোৰ উত্থাপিত হোৱাটো সময়ৰ আহ্বান।

সামগ্ৰিক দৃষ্টিৰে বিশ্লেষণ কৰিলে এই কথাই হৃদয়ংগম কৰিব পাৰি যে সমমৰ্যাদা আৰু সম-অধিকাৰ কোনো ধৰ্মৰ ধৰ্মীয় আবেগৰ পৰিপন্থী হ’ব নোৱাৰে। এই ক্ষেত্ৰত ভাৰতীয় উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে— “Whenever there is a conflict between the Constitution and Customary Law, the Constitution of India will prevail!” অৰ্থাৎ, য’ত সংবিধান আৰু কাষ্টমাৰী আইনৰ মাজত সংঘাত সৃষ্টি হ’ব, ত’ত ভাৰতীয় সংবিধানক প্ৰাধান্য প্ৰদান কৰা হ’ব। ইউনিফৰ্ম চিভিল কোড সংবিধান প্ৰদত্ত সমতা আৰু মৌলিক অধিকাৰ প্ৰতিপন্ন কৰাৰ দিশত এক অপৰিহাৰ্য পদক্ষেপ!


( বিঃদ্ৰঃএই প্ৰবন্ধত প্ৰকাশ হোৱা দৃষ্টিভংগী লেখকৰ সম্পূৰ্ণ ব্যক্তিগত, ই নৰ্থইষ্ট নাওৰ দৃষ্টিভংগীক প্ৰতিফলিত নকৰে।)

ড° কংকনা গোস্বামী ভৰদ্বাজ

ড° কংকনা গোস্বামী ভৰদ্বাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd