সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ পাছত এতিয়া ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা অৰ্থাৎ এনটিএই নিজৰ সমগ্ৰ ব্যৱস্থাক নতুন ৰূপত শক্তিশালী কৰিবলৈ সাজু হৈছে। এনটিএক লৈ ধাৰাবাহিকভাৱে উত্থাপন হোৱা প্ৰশ্ন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা ক্ষোভৰ পাছত সংস্থাটোৱে ডাঙৰ প্ৰশাসনিক আৰু কাৰিকৰী পৰিৱৰ্তন আৰম্ভ কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশত এনটিএই কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ সুৰক্ষা আৰু ডিজিটেল ব্যৱস্থা আগতকৈ বহুত বেছি শক্তিশালী কৰা হ’ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। এনটিএত চাৰিজন জ্যেষ্ঠ বিষয়াক নিযুক্তি দিয়া হৈছে, যাৰ ভিতৰত দুজন যুটীয়া সচিব পৰ্যায়ৰ আৰু দুজন সঞ্চালক পৰ্যায়ৰ বিষয়া অন্তৰ্ভুক্ত আছে। তেওঁলোকৰ দায়িত্ব হ’ব সংস্থাটোৰ স্বচ্ছতা বৃদ্ধি কৰা, প্ৰশাসনিক সংস্কাৰ ৰূপায়ণ কৰা আৰু সমগ্ৰ ব্যৱস্থাটোৰ ওপৰত চকু ৰখা।
এই নতুন নিযুক্তিৰ লগতে প্ৰথমবাৰৰ বাবে কাৰিকৰী, বিত্ত আৰু মানৱ সম্পদ বিভাগৰ বাবে সুকীয়া বিশেষজ্ঞ বিষয়া নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। এনটিএই চীফ টেকন’লজী অফিচাৰ, চীফ ফাইনেন্স অফিচাৰ আৰু জেনেৰেল মেনেজাৰ-এইচআৰৰ দৰে গুৰুত্বপূৰ্ণ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই পদসমূহৰ বাবে নিযুক্তিৰ অধিসূচনা যাৰি কৰা হৈছে আৰু আবেদনৰ অন্তিম তাৰিখ অধিসূচনা জাৰি হোৱাৰ পোন্ধৰ দিনৰ ভিতৰত ৰখা হৈছে।
এই পৰিৱৰ্তনসমূহৰ ভিতৰত আটাইতকৈ বেছি চৰ্চা হৈছে চীফ টেকন’লজী অফিচাৰ বা চিটিঅ’ পদটোক লৈ। এতিয়াৰে পৰা পৰীক্ষা ব্যৱস্থাৰ সমগ্ৰ কাৰিকৰী সুৰক্ষা এজন জ্যেষ্ঠ কাৰিকৰী বিষয়াৰ তত্ত্বাৱধানত থাকিব। এই বিষয়াজনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা এআই ভিত্তিক নিৰীক্ষণ ব্যৱস্থা, বায়’মেট্ৰিক পৰীক্ষণ, ফেচ অথেনটিকেচন, চাইবাৰ সুৰক্ষা আৰু প্ৰশ্নকাকতৰ সুৰক্ষাৰ দৰে ব্যৱস্থাসমূহ উন্নত কৰিব। সংস্থাটোৱে জনোৱা মতে, এতিয়াৰে পৰা প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি ইয়াৰ ছপা আৰু পৰিবহনলৈকে প্ৰতিটো স্তৰতে কাৰিকৰী সুৰক্ষা প্ৰয়োগ কৰা হ’ব। ইয়াৰ উপৰিও এআই আৰু ডাটা এনালাইটিক্সৰ জৰিয়তে সন্দেহজনক কাৰ্যকলাপৰ ওপৰত নজৰ ৰখা হ’ব আৰু পৰীক্ষাকেন্দ্ৰসমূহত বায়’মেট্ৰিক চিনাক্তকৰণ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰা হ’ব।
উল্লেখনীয় যে এনটিএই প্ৰতি বছৰে দেশজুৰি এক কোটিতকৈও অধিক ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন প্ৰৱেশ পৰীক্ষা পৰিচালনা কৰে। এনে পৰিস্থিতিত শেহতীয়া বিতৰ্কই সংস্থাটোৰ বিশ্বাসযোগ্যতাত ব্যাপক প্ৰভাৱ পেলাইছিল। এতিয়া চৰকাৰ আৰু এনটিএ দুয়োৱে এই বাৰ্তা দিব বিচাৰিছে যে অনাগত সময়ত পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ সুৰক্ষিত আৰু বিশ্বাসযোগ্য কৰি তোলা হ’ব।





