• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন বিধায়ক জিতেন গগৈৰ স্বৈৰাচাৰিতাত বোকাখাতৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানত অচলাৱস্থা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 23, 2018 10:07 pm
AtulBora

বানত মৃত্যু হোৱা প্ৰয়াত সুনীল মুড়াৰ পৰিবাৰৰ হাতত অতুল বৰাই তুলি দিলে ৪ লাখ টকাৰ এককালীন সাহায্যৰ চেক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিচালনাত হোৱা বেমেজালি আৰু বৃহৎ বিত্তীয় বিশৃংখলাৰ অভিযোগেৰে আজি বোকাখাতৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাত বোকাখাতৰ কাৰিকৰী প্ৰতিষ্ঠানৰ বাবে এখন তদৰ্থ পৰিচালনা সমিতি গঠন কৰা হয় ৷

১৯৯০ চনতে প্ৰতিষ্ঠিত বোকাখাতৰ একমাত্ৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানটো পৰিচালনা কৰিছিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বাধীন বোকাখাত নিৰ্মাণ গোট নামৰ বেচৰকাৰী সংগঠনটোৱে৷ এই সময়ছোৱাতে প্ৰতিষ্ঠানটোত প্ৰাক্তন বিধায়কগৰাকীয়ে কৰা স্বৈৰাচাৰিতা আৰু বিত্তীয় অনিয়মৰ বাবে প্ৰতিষ্ঠানটোৰ সকলো শিক্ষক-কৰ্মচাৰীয়ে বিষয়টোৰ সমাধান বিচাৰি কাৰিকৰী প্ৰতিষ্ঠানটো পৰিচালনাৰ দায়িত্ব প্ৰশাসনে লোৱাৰ অনুৰোধেৰে বোকাখাতৰ মহকুমাধিপতিৰ কাষ চাপে ৷ বিষয়টো সন্দৰ্ভত  আলোচনা কৰাৰ বাবে মহকুমাধিপতিয়ে আজি তেওঁৰ সভাকক্ষত এখন ৰাজহুৱা সভা আহ্বান কৰে ৷ বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বোকাখাতৰ জ্যেষ্ঠ নাগৰিকসকলৰ উপৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷

Apply Now

সভাত কাৰিকৰী প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক আৰু কৰ্মচাৰীয়ে জিতেন গগৈয়ে প্ৰতিষ্ঠানৰ পুঁজিৰ অপব্যৱহাৰ আৰু বিশৃংখলাৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে৷ সকলোকে আন্ধাৰত ৰাখি প্ৰতিষ্ঠানৰ বহু লক্ষাধিক টকাৰ খেলিমেলি কৰাৰ লগতে ৫৯ লাখ টকা প্ৰতিষ্ঠানৰ পুঁজিৰ পৰা ঋণ হিচাপে লৈ আজিও ওভতাই নিদিয়া বুলি তেওঁলোকে অভিযোগ কৰে৷ দীৰ্ঘদিন ধৰি প্ৰশিক্ষক-কৰ্মচাৰীক বেতন আদায় নিদিয়াৰ উপৰি বিভিন্ন সময়ত অপদস্থহে কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰশিক্ষক-কৰ্মচাৰীসকলে৷

এইবোৰ অভিযোগৰ শেষত ৰাজহুৱা সভাই বোকাখাতৰ কাৰিকৰী প্ৰতিষ্ঠানত হোৱা বিত্তীয় দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্তেৰে দোষীক শাস্তি প্ৰদানৰ বাবে প্ৰশাসনক অনুৰোধ জনায়৷ প্ৰতিষ্ঠানটোৰ নামত থকা বেংক একাউণ্ট বন্ধ কৰি মাটি সম্পৰ্কীয় সকলো নথি-পত্ৰ ঠিক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও প্ৰশাসনক সভাই অনুৰোধ কৰে৷

আনহাতে মন্ত্ৰী অতুল বৰাৰ উপস্থিতিতে আজিৰ সভাই বোকাখাতৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিচালনাৰ দায়িত্ব এখন আঠজনীয়া সমিতিৰ হাতত অৰ্পণ কৰে৷ কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰতিষ্ঠানটোৰ বিত্তীয় খেলিমেলিৰ উচ্চ পৰ্যায়ৰ তদন্ত শীঘ্ৰেই কৰিবৰ বাবে বোকাখাতৰ মহকুমাধিপতিক নিৰ্দেশ দিয়ে৷ সভাৰ সিদ্ধান্তৰ পাছত বোকাখাতৰ মহকুমাধিপতিয়ে বোকাখাত কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমূহ বিত্তীয় নথি-পত্ৰ, পাছবুক আদি জব্দ কৰে৷ এই সভাতে শেহতীয়া বানত জ্ঞানদীপ চাহ বাগিচাত মৃত্যু হোৱা সুনীল মুড়াৰ পৰিবাৰক প্ৰশাসনৰ ফালৰ পৰা দিয়া ৪ লাখ টকাৰ এককালীন সাহায্য মন্ত্ৰী অতুল বৰাই প্ৰদান কৰে৷

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd