• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদী আৰু জৰ্জিয়া মেলোনীৰ মেলডী টফী বিনিময়ক লৈ ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 5:37 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ইটালী ভ্ৰমণৰ এটা বিশেষ মুহূৰ্তক লৈ দেশৰ ৰাজনীতিত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণৰ সময়ত তাৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীক ‘মেলডী‘ টফী উপহাৰ দিছিল। এই ঘটনাক লৈয়েই এতিয়া সৰৱ হৈ পৰিছে বিৰোধী দল। ৰাহুল গান্ধীয়ে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীক তীব্ৰভাৱে কটাক্ষ কৰা দেখা গৈছে।

ৰাহুল গান্ধীয়ে তেওঁৰ পোষ্টত লিখিছে যে বৰ্তমান দেশত এক ডাঙৰ আৰ্থিক ধুমুহাৰ সৃষ্টি হৈছে, কিন্তু আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীত গৈ টফী বিলাই ফুৰিছে। তেওঁ দেশৰ কৃষক, যুৱক-যুৱতী, মহিলা, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যাৰ কথা উল্লেখ কৰি কয় যে দেশৰ সাধাৰণ ৰাইজ এতিয়া নানা সমস্যাৰ মাজত জীয়াই আছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে হাঁহি হাঁহি ভিডিঅ‘ বনাইছে আৰু বিজেপিৰ নেতাসকলে হাত চাপৰি বজাই আনন্দ কৰিছে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ এই কাৰ্য্যক আচল নেতৃত্ব নহয়, বৰঞ্চ এক নাটক বুলিহে অভিহিত কৰিছে।

Apply Now

আচলতে এই গোটেই ঘটনাটো সংঘটিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালী ভ্ৰমণৰ সময়ত। তাত তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীক এক বিশেষ ‘মেলডী’ টফীৰ পেকেট উপহাৰ হিচাপে দিছিল। ইয়াৰ পিছতে জৰ্জিয়া মেলোনীয়ে ছচিয়েল মিডিয়াত এটা ভিডিঅ‘ পষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে। তাৰ পিছৰে পৰা এই মেলডী টফী সমগ্ৰ ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু ইণ্টাৰনেটত মেলডী হেচটেগটো খুব ভাইৰেল হৈ পৰে।

ভাইৰেল হোৱা সেই ভিডিঅ‘টোত দুই দেশৰ নেতাক অতি পাতল আৰু আনন্দময় ৰূপত দেখা গৈছিল। ভিডিঅ‘টোত নীলা ৰঙৰ চুট পিন্ধা প্ৰধানমন্ত্ৰী মোদীয়ে বগা ৰঙৰ চুট পিন্ধি থকা জৰ্জিয়া মেলোনীক টফীৰ বেগটো আগবঢ়াই দিয়া দেখা গৈছে। জৰ্জিয়া মেলোনীয়ে এই ভিডিঅ‘ ক্লিপটো শ্বেয়াৰ কৰি উপহাৰৰ বাবে ধন্যবাদ বুলি লিখিছিল। এই মধুৰ মুহূৰ্তৰ ভিডিঅ‘টো সমগ্ৰ বিশ্বতে অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদী নিজৰ পাঁচখন দেশৰ ভ্ৰমণসূচীৰ একেবাৰে শেষৰটো পৰ্য্যায়ত ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হৈছিল। ৰোমত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মেলোনীৰ সৈতে তেওঁ নৈশ আহাৰ গ্ৰহণ কৰে আৰু দুয়োগৰাকী নেতাই বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও ছচিয়েল মিডিয়াযোগে জনাইছে যে তেওঁ ভাৰত আৰু ইটালীৰ বন্ধুত্বক আৰু অধিক মজবুত কৰিবলৈ আনুষ্ঠানিক আলোচনাৰ বাবে অপেক্ষা কৰি আছে। ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ নেতাই বিখ্যাত ঐতিহাসিক স্থান কলচিয়াম পৰিদৰ্শন কৰে আৰু প্ৰধানমন্ত্ৰীয়ে তাৰ সুন্দৰ ছবিসমূহো ৰাইজৰ বাবে শ্বেয়াৰ কৰে। ইটালীত থকা ভাৰতীয় সকলেও প্ৰধানমন্ত্ৰী মোদীক অতি আদৰৰে আদৰণি জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd