• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশৰ পৰা নিৰ্মূল হোৱাৰ পথত মাওবাদ! অস্ত্ৰসম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহিল ২৫ গৰাকী বিদ্ৰোহী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 4:20 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতক মাওবাদমুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ মাজতে ঝাৰখণ্ডত এক বৃহৎ সফলতা লাভ কৰিছে যৌথ বাহিনীয়ে। ঝাৰখণ্ড চৰকাৰৰ বিশেষ পুনৰ্সংস্থাপন আঁচনি ‘অপাৰেচন নৱজীৱন’ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২৫ গৰাকী সশস্ত্ৰ মাওবাদী নেতা-কৰ্মীয়ে হিংসাৰ পথ ত্যাগ কৰি চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে। এই সকলো মাওবাদীয়ে দীৰ্ঘদিন ধৰি সাৰাণ্ডাৰ ঘন অৰণ্যত নিজৰ সক্ৰিয় কাৰ্যকলাপ চলাই আছিল। ইয়াৰ উপৰিও ঝাৰখণ্ডৰ আন এটা সশস্ত্ৰ সংগঠন ঝাৰখণ্ড জনমুক্তি পৰিষদৰো দুগৰাকী সদস্যই চৰকাৰৰ ওচৰত শৰণাপন্ন হৈছে। আত্মসমৰ্পণ কৰা এই উগ্ৰপন্থীসকলৰ পৰা যৌথ বাহিনীয়ে বুজন পৰিমাণৰ মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

পুলিচ আৰু যৌথ বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আত্মসমৰ্পণ কৰা ২৫ গৰাকী মাওবাদীৰ ভিতৰত পাঁচগৰাকীৰ মূৰৰ বিনিময়ত পাঁচ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা আছিল। এইসকলৰ ভিতৰত আটাইতকৈ কুখ্যাত আৰু দুৰ্ধৰ্ষ মাওবাদী নেত্ৰীগৰাকী হৈছে ৰাঁচীৰ বাসিন্দা ৰেখা মুণ্ডা ওৰফে জয়ন্তী, যিয়ে সাৰাণ্ডাৰ জংঘলত কেইবাটাও ডাঙৰ উগ্ৰপন্থী অভিযান চলাইছিল। বাকী চাৰিজন পুৰস্কাৰঘোষিত মাওবাদী নেতা হৈছে গাদী মুণ্ডা, নগেন্দ্ৰ মুণ্ডা, সাগেন আঙাৰীয়া আৰু চুলেমান হাঁচদা।

Apply Now

আত্মসমৰ্পণকাৰী এই দলটোৰ ভিতৰত ১৩ জন চি পি আই মাওবাদী সংগঠনৰ সাধাৰণ কেডাৰ হোৱাৰ বিপৰীতে ৬ জন চাবজ’নেল কমিটি আৰু ৬ জন এৰিয়া কমিটিৰ গুৰুত্বপূৰ্ণ সদস্য বুলি চিনাক্ত কৰা হৈছে। এই সকলো সদস্য পশ্চিম সিংভূমৰ চাইবাছা আৰু গিৰিডী অঞ্চলৰ বাসিন্দা। তেওঁলোকৰ পৰা ইনছাচ ৰাইফেল, দেশীয় পিষ্টল আৰু প্ৰায় ২৮০০ ৰাউণ্ড সজীৱ গুলীৰ লগতে ৱাকিটকিও জব্দ কৰা হৈছে। আনহাতে ঝাৰখণ্ড জনমুক্তি পৰিষদৰ আত্মসমৰ্পণ কৰা দুই সদস্য শচীন বেগ আৰু শ্ৰৱণ গোপৰ পৰাও কেইবাটাও মেগাজিন আৰু ১৩০ ৰাউণ্ড গুলী উদ্ধাৰ হৈছে।

পৰিসংখ্যা অনুসৰি ২০২৬ চনত ঝাৰখণ্ডত যৌথ বাহিনীৰ অভিযানত এতিয়ালৈকে ৪৪ গৰাকী সশস্ত্ৰ মাওবাদী গ্ৰেপ্তাৰ হৈছে আৰু আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে ২২ গৰাকীয়ে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক অভিযানৰ পাছতো সাৰাণ্ডাৰ জংঘলত এতিয়াও প্ৰায় ৪০ ৰ পৰা ৪৫ গৰাকী মাওবাদীয়ে মৰণপণ যুঁজ চলাই আছে বুলি জানিব পৰা গৈছে। এই দলটোৰ অধিকাংশ সদস্যই পশ্চিমবঙ্গৰ বুলি জানিব পৰা গৈছে আৰু ইয়াৰ ভিতৰত মিচিৰ বেচৰা, অসীম দাস তথা এসময়ৰ দুৰ্ধৰ্ষ মহিলা কমাণ্ডাৰ মীৰা পাহাৰীয়াৰ নাম বিশেষভাৱে উল্লেখনীয়।

কেৱল মাওবাদীয়েই নহয়, ঝাৰখণ্ডত সক্ৰিয় হৈ থকা আন এটা সশস্ত্ৰ গোট ‘তৃতীয় প্ৰস্তুত কমিটি’ চমুকৈ টি পি চি নামৰ সংগঠনটোৰ দপদপনিও এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। ঝাৰখণ্ড চৰকাৰে জানিবলৈ দিয়া মতে এই মাওবাদীসকলক দমন কৰিবলৈ জংঘলৰ ভিতৰুৱা অঞ্চলত ২১ টাকৈ উন্নত সেনা শিবিৰ স্থাপন কৰা হৈছিল, যাৰ ফলত উগ্ৰপন্থী বিৰোধী অভিযান চলোৱাৰ লগতে তেওঁলোকক মূল সুঁতিলৈ ঘূৰাই অনাৰ কামত ব্যাপক সফলতা লাভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd