• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

“নিজৰ নিজৰ সা-সামগ্ৰী লৈ এতিয়াই ঘৰলৈ যাওক” : ৮ হাজাৰ কৰ্মচাৰীক বৰ্খাস্তৰ জাননী দি বিতৰ্কত মেটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 7:28 pm
271
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ একেলগে প্ৰায় ৮ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে মেটা কোম্পানীয়ে । ইয়াৰ ফলত কোম্পানীটোৰ মুঠ কৰ্মচাৰীৰ প্ৰায় ১০ শতাংশই চাকৰি হেৰুৱাইছে। এই ঘটনাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলি থকাৰ মাজতে ছাটাই হোৱা কৰ্মচাৰীসকললৈ পঠিওৱা এটা শেষ ইমেইলে বিতৰ্ক আৰু অধিক বৃদ্ধি কৰিছে। সেই ইমেইলত লিখা আছিল যে যদি আপুনি এই মুহূৰ্তত অফিচত আছে, তেন্তে নিজৰ ব্যক্তিগত সামগ্ৰীসমূহ লৈ ঘৰলৈ ৰাওনা হওক। এই বাৰ্তাটোক বহু কৰ্মচাৰীয়ে অপমানজনক বুলি অভিহিত কৰিছে আৰু ইয়াক লৈ তীব্ৰ সমালোচনা আৰম্ভ হৈছে।

কৰ্মচাৰীসকলে এই ইমেইলটো লাভ কৰিছিল পুৱা প্ৰায় চাৰি বজাত। তাত স্পষ্টকৈ লিখা আছিল যে দুৰ্ভাগ্যবশতঃ কোম্পানীটোৰ পুনৰ্গঠনৰ কামত আপোনাৰ ভূমিকাৰ আৰু প্ৰয়োজন নাই।

Apply Now

তথ্য অনুসৰি, মেটাত মুঠ ৭৮ হাজাৰ কৰ্মচাৰী আছিল। প্ৰথমতে তেওঁলোকক ঘৰৰ পৰা কাম কৰিবলৈ কোৱা হৈছিল আৰু তাৰ পিছত পুৱতি নিশা এই ছাটাইৰ ইমেইল পঠিওৱা হৈছিল। এই ইমেইলসমূহ ছিংগাপুৰৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছিল। কেৱল এয়াই নহয়, আন হাজাৰ হাজাৰ কৰ্মচাৰীক অন্য স্থানলৈ বদলি কৰা হৈছে। কোম্পানীৰ এগৰাকী উচ্চপদস্থ বিষয়া জেনেল গেইলৰ মতে, এই কৰ্মচাৰীসকলৰ পৰিৱৰ্তে নতুন কৃত্ৰিম বুদ্ধিমত্তা বা এআই ভিত্তিক দল গঠন কৰা হৈছে আৰু প্ৰায় ৬,০০০ খালী পদ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

অৱশ্যে মেটাৰ কৰ্মচাৰীসকলে এনেধৰণৰ পদক্ষেপৰ উমান আগেই পাইছিল। কাৰণ কোম্পানীটোৱে আজিকালি এআই প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব দিছিল আৰু ছাটাই হ’বলগীয়া লোকসকলৰ তালিকাও আগতীয়াকৈ প্ৰস্তুত কৰা হৈছিল। ধাৰণা কৰা হৈছে যে অফিচত যাতে কোনো ধৰণৰ হুলস্থুল নালাগে, সেই বাবেই কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দি এই ইমেইল পঠিওৱা হৈছিল। এই ছাটাইৰ ফলত ইঞ্জিনিয়াৰিং আৰু প্ৰডাক্ট টীম আটাইতকৈ বাছি প্ৰভাৱিত হ’ব বুলি জানিব পৰা গৈছে।

বিশেষজ্ঞসকলৰ মতে, বছৰৰ শেষৰ ফালে আৰু অধিক কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব পাৰে। মেটাই আগতেই জনাইছিল যে তেওঁলোকে এই বছৰ ১২৫ ৰ পৰা ১৪৫ বিলিয়ন ডলাৰ খৰচ কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বেছিভাগ অংশই কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ব্যৱহাৰ কৰা হ’ব। গতিকে আগন্তুক দিনত মেটাত আৰু ছাটাই হ’লে আচৰিত হ’বলগীয়া একো নাথাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd