• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পইতাচোৰাৰ পিছত এইবাৰ ‘পৰজীৱী’ৰ প্ৰৱেশ! এই ‘নেশ্যনেল পেৰাচাইটিক ফ্ৰণ্ট’ কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 1:32 pm
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ডিজিটেল ৰাজনৈতিক ক্ষেত্ৰখনত এক অভূতপূৰ্ব যুদ্ধ আৰম্ভ হৈছে! মাত্ৰ কেইদিনমানৰ আগতে যেতিয়া নেটজগতত জন্ম হোৱা ‘ককৰোচ জনতা পাৰ্টি’ (চিজেপি)য়ে অনুগামীৰ সংখ্যাৰ ক্ষেত্ৰত ইনষ্টাগ্ৰামত মোডী-শ্বাহৰ বিজেপিক পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িছিল, তেতিয়া পইতাচোৰাৰ আধিপত্য ৰোধ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ অলিন্দত আত্মপ্ৰকাশ কৰিছে আন এক মাৰাত্মক ব্যংগমূলক ফ্ৰণ্ট – ‘নেচনেল পেৰাচিটিক ফ্ৰণ্ট’ (এনপিএফ) বা এনপিএফ।

এই মুহূৰ্তত ভাৰতীয় নেটিজেনৰ দেৱালত এই নতুন দলৰ পোষ্টাৰ বিয়পি আছে। ভাৰতৰ যুৱক-যুৱতীসকলে এই কাল্পনিক বা পেৰ’ডি দল দুটাক লৈ এনেদৰে চৰ্চাত লিপ্ত হৈছে যে প্ৰথম দৃষ্টিত দেশত নতুন লোকসভা নিৰ্বাচন ঘোষণা কৰা যেন লাগিব পাৰে!

Apply Now

ভাৰতৰ এই অদ্ভুত ‘ডিজিটেল পলিটিকেল থিয়েটাৰ’ বা মিম-ৰাজনীতিৰ উৎপত্তি গভীৰ ক্ষোভ আৰু সামাজিক প্ৰতিবাদত। যোৱা ১৫ মে’ৰ শুনানিৰ সময়ত দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে দিয়া বিতৰ্কিত মন্তব্যৰ পৰাই আৰম্ভ হৈছিল ধুমুহা।

যদিও পিছত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে মুখ্য ন্যায়াধীশৰ মন্তব্য সাধাৰণ যুৱক-যুৱতীক নহয়, কেৱল জালিয়াতি চক্ৰৰ গোটৰ নেতাসকলকহে লক্ষ্য কৰি লোৱা হৈছে। কিন্তু তেতিয়ালৈকে যি হ’ব লগা আছিল সেয়া ইতিমধ্যে হৈ গৈছিল। মুখ্য ন্যায়াধীশৰ তিৰ্যক অপমানকে দেশৰ কোটি কোটি নিবনুৱা আৰু হতাশ যুৱকে ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিছিল। ‘ককৰোচ জনতা পাৰ্টি’ আৰু ‘নেচনেল পেৰাচিটিক ফ্ৰণ্ট’ তাৰেই প্ৰমাণ।

সহজ ভাষাত ক’বলৈ গ’লে ‘নেচনেল পেৰাচিটিক ফ্ৰণ্ট’ বা এন পি এফ চৰকাৰী পঞ্জীয়নভুক্ত ৰাজনৈতিক দল নহয়, ই সম্পূৰ্ণ মিম আৰু পেৰ’ডিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ডিজিটেল যুৱ আন্দোলন। অৱশ্যে তেওঁলোকৰ থিমটো অতি চতুৰতাপূৰ্ণ। কেৱল নিজৰ স্বাভাৱিক বা পৰম্পৰাগত ৰাজনীতিৰ বিৰোধীয়েই নহয়, একে সময়তে ভাইৰেল ‘ককৰোচ জনতা পাৰ্টি’ৰ মূল আৰু চৰকাৰী বিৰোধী দল হিচাপে নিজকে ঘোষণা কৰিছে!

দলটোৱে জাৰি কৰা এক বিবৃতিত স্পষ্টকৈ উল্লেখ আছে যে আমাৰ নাম Parasite অতি সুপৰিকল্পিত। আমি দেশৰ ভগ্ন আৰু ঘূণে ধৰা শাসন ব্যৱস্থাৰ লগত নিজকে জড়িত কৰিব বিচাৰো – কিন্তু কোনো লাভ বা তেজ শুহি খোৱাৰ বাবে নহয়, বৰঞ্চ এই ঘূণে ধৰা ব্যৱস্থাটোক ভিতৰৰ পৰা উভালি পেলোৱা আৰু আমূলভাৱে সলনি কৰিব বিচাৰো।

ককৰোচ বনাম পৰজীৱী: পাৰ্থক্যটো কি?

যদিও উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ একেটা মন্তব্যৰ পৰাই দুয়োটা দল গঠন কৰা হৈছে, তথাপিও তেওঁলোকৰ কৰ্মৰ মাজত সামান্য পাৰ্থক্য দেখা গৈছে। পইতাচোৰা জনতা পাৰ্টি বা চিজেপিয়ে মূলতঃ অলপ ‘বাওঁপন্থী আৰু সমাজবাদী পপুলিজম’ বা সাধাৰণ মানুহৰ সৰল চিন্তাধাৰাত বিশ্বাস কৰে।

দেশৰ ভয়াৱহ নিবনুৱা সমস্যা আৰু পৰীক্ষাৰ কেলেংকাৰীক লৈ পোনপটীয়াকৈ ৰাজনৈতিক অভিজাত শ্ৰেণীৰ ফালে আঙুলিয়াইছে। তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ বা কীৰ্তি আজাদৰ দৰে হেভিৱেট নেতাইও ককৰোচ পাৰ্টিৰ পোষ্টৰ ওপৰত পোনপটীয়াকৈ মন্তব্য কৰি তেওঁলোকৰ কাষত থিয় দিছে। আনকি চিজেপি কৰ্মীসকলে যমুনাৰ লেতেৰা ঘাটবোৰ চাফা কৰিবলৈ পইতাচোৰাৰ সাজ পৰিধান কৰি নামি পৰিছে!

আনহাতে, নেচনেল পেৰাচাইটিক ফ্ৰণ্ট বা এন পি এফে বহুত বেছি নাটকীয় ৰূপ ধাৰণ কৰিছে। তেওঁলোকে পোনপটীয়াকৈ কাল্পনিক বিপ্লৱী ভাষা ব্যৱহাৰ কৰি চিজেপিৰ ‘ভোট বেংক’ত আঘাত হানিছে। ভাৰতীয় ৰাজনীতিত শাসন বা চৰকাৰৰ নামত চলি থকা ‘নাটক’ক ব্যংগৰ চৰম সীমালৈ লৈ যোৱা আৰু সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণেই তেওঁলোকৰ মূল লক্ষ্য।

সমাজবিজ্ঞানীসকলৰ মতে ভাৰতত এই ধৰণৰ ডিজিটেল পেৰ’ডি আন্দোলনৰ বিপুল সফলতাই প্ৰমাণ কৰে যে দেশৰ বৰ্তমানৰ কৰ্মসংস্থাপনৰ পৰিস্থিতি, আকাশলংঘী মূল্য আৰু আন্তঃগাঁথনিৰ বিকলতাৰ ওপৰত শিক্ষিত যুৱক-যুৱতীসকলৰ ভিতৰত কিমান তীব্ৰ ক্ষোভ আছে। পোনপটীয়া প্ৰতিবাদৰ ৰাজপথলৈ ওলাই অহাৰ পৰিৱৰ্তে প্ৰকৃততে যুৱক-যুৱতীসকলে মিম সংস্কৃতি বা কমিকছক ঢাল হিচাপে ব্যৱহাৰ কৰি দেশৰ শীৰ্ষ নেতা আৰু ন্যায়পালিকাৰ গৌৰৱক এক বৃহৎ প্ৰত্যুত্তৰ দিছে।

পইতাচোৰা আৰু পৰজীৱীৰ এই যুঁজখন ইভিএমৰ ওচৰ পাওক বা নাপাওক, ইতিমধ্যে ইণ্টাৰনেট জগতৰ ‘আত্মাটো’ যে কাঢ়ি লৈ ​​গৈছে তাত কোনো সন্দেহ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd