আম আদমী পাৰ্টীক আঁতৰাই দিল্লীৰ শাসনভাৰ হাতলৈ নিয়াৰ পিছতেই বিজেপি চৰকাৰে ৰোহিংগিয়াৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছিল। তাৰ পিছত কেইবাখনো বসতি উচ্ছেদ আৰু পুছবেকৰ দৰে ঘটনা ঘটিছে। এইবাৰ দিল্লীত ৰেচন ব্যৱস্থাৰ সংস্কাৰ আৰম্ভ কৰিছে ৰেখা গুপ্তাৰ চৰকাৰে। আৰু এই প্ৰক্ৰিয়াৰ আৰম্ভণিতেই বাদ পৰিল ৭ লাখৰো অধিক ৰেচন কাৰ্ড।
প্ৰকৃততে দিল্লীত যোৱা ১৩ বছৰ ধৰি নতুন ৰেচন কাৰ্ড দিয়া বন্ধ আছিল। বিজেপি চৰকাৰে এই প্ৰক্ৰিয়া নতুনকৈ আৰম্ভ কৰিছে। অৱশ্যে নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ আগতে পুৰণি কাৰ্ডসমূহৰ পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাতেই ৭.৭২ লাখ অবৈধ ৰেচন কাৰ্ড বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জানিবলৈ দিয়া মতে, পৰীক্ষা কৰাৰ পিছত চৰকাৰে এনে ৬ লাখ ৪৬ হাজাৰ ১২৩ জন লোকৰ নাম পাইছে যাৰ আয় চৰকাৰে নিৰ্ধাৰণ কৰা সীমাতকৈ বেছি। ইয়াৰ উপৰিও প্ৰায় ৯৫ হাজাৰ গ্ৰাহকে ১ বছৰতকৈ অধিক সময় ধৰি ৰেচন লোৱা নাই। লগতে ৬ হাজাৰতকৈ অধিক মৃত ব্যক্তিৰ ৰেচন কাৰ্ডো চলি আছিল। দিল্লী চৰকাৰে এই সকলোবোৰ ৰেচন কাৰ্ড বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
আচলতে ৰেচন পোৱাৰ ক্ষেত্ৰত আয়ৰ এটা সীমা থাকে। সেই নিৰ্ধাৰিত সীমাতকৈ বেছি আয় থকা লোকসকলে ৰেচনৰ সকলো সুবিধা নাপায়। আয়ৰ ওপৰত ভিত্তি কৰিয়েই কিমান পৰিমাণৰ খাদ্যশস্য পাব সেয়া নিৰ্ধাৰণ কৰা হয়। দিল্লীত কৰা হিচাপত দেখা গৈছে যে সেই ৬ লাখ ৪৬ হাজাৰৰো অধিক গ্ৰাহকে বেআইনীভাৱে আয়ৰ নিৰ্ধাৰিত সীমাতকৈ বেছি উপাৰ্জন কৰিও এই সুবিধা লৈ আছিল। সেইবাবে তেওঁলোকৰ কাৰ্ড বাতিল কৰা হৈছে। ইয়াৰ লগতে ৰেচন পোৱাৰ বাবে থকা আয়ৰ সীমানাও চৰকাৰে বৃদ্ধি কৰিছে। ইমান দিনে দিল্লীত ৰেচন পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয়ৰ সৰ্বোচ্চ সীমা আছিল ১.২ লাখ টকা। কিন্তু এতিয়া দৰিদ্ৰ লোকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে এই আয়ৰ সীমা আঢ়ৈ লাখ টকালৈ বৃদ্ধি কৰিছে।
ৰেখা গুপ্তাই লগতে জনাইছে যে বাতিল হোৱা এই চাৰে সাত লাখৰো অধিক ৰেচন কাৰ্ডৰ খালী ঠাইসমূহ নতুনকৈ পূৰণ কৰা হ’ব। সেয়েহে ১৩ বছৰৰ পাছত নতুনকৈ ৰেচন পাবলৈ গ্ৰাহকসকলে আবেদন কৰিব পাৰিব। অৱশ্যে এই সমগ্ৰ প্ৰক্ৰিয়াটো যে কেৱল ৰেচন ব্যৱস্থাটো নিকা বা শুদ্ধ কৰাৰ উদ্দেশ্যেই কৰা হৈছে, সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে।





